உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • Buy Home at Lowest Price Ever : সস্তাত ঘৰ কিনাৰ ইয়াতকৈ উত্তম সুযোগ আৰু হয়তো নাপাব, ১০ বছৰত সৰ্বনিম্ন বেংকৰ সূতৰ হাৰ, জানক অন্য ৰেহাইৰ সৈতে কিমান লাভ পাব আপুনি...

    Buy Home at Lowest Price Ever : সস্তাত ঘৰ কিনাৰ ইয়াতকৈ উত্তম সুযোগ আৰু হয়তো নাপাব, ১০ বছৰত সৰ্বনিম্ন বেংকৰ সূতৰ হাৰ, জানক অন্য ৰেহাইৰ সৈতে কিমান লাভ পাব আপুনি...

    ভাৰতীয় ষ্টেট বেংক, পঞ্জাৱ নেচনেল বেংক, হাউচিং ডেভেলপমেণ্ট ফাইনেন্স কৰ্প, কোটাক মহিন্দ্ৰা বেংক লিমিটেডকে ধৰি প্ৰতিষ্ঠানসমূহে গৃহ ঋণৰ সূতৰ হাৰ ৬.৫%লৈ হ্ৰাস কৰিছে। উল্লেখ্য যে ৬.৭% সূত হৈছে এক দশকত সৰ্বনিম্ন সূতৰ হাৰ।

    ভাৰতীয় ষ্টেট বেংক, পঞ্জাৱ নেচনেল বেংক, হাউচিং ডেভেলপমেণ্ট ফাইনেন্স কৰ্প, কোটাক মহিন্দ্ৰা বেংক লিমিটেডকে ধৰি প্ৰতিষ্ঠানসমূহে গৃহ ঋণৰ সূতৰ হাৰ ৬.৫%লৈ হ্ৰাস কৰিছে। উল্লেখ্য যে ৬.৭% সূত হৈছে এক দশকত সৰ্বনিম্ন সূতৰ হাৰ।

    ভাৰতীয় ষ্টেট বেংক, পঞ্জাৱ নেচনেল বেংক, হাউচিং ডেভেলপমেণ্ট ফাইনেন্স কৰ্প, কোটাক মহিন্দ্ৰা বেংক লিমিটেডকে ধৰি প্ৰতিষ্ঠানসমূহে গৃহ ঋণৰ সূতৰ হাৰ ৬.৫%লৈ হ্ৰাস কৰিছে। উল্লেখ্য যে ৬.৭% সূত হৈছে এক দশকত সৰ্বনিম্ন সূতৰ হাৰ।

    • Share this:
    যদি আপুনি এই মুহূৰ্তত আপোনাৰ সপোনৰ ঘৰ (Dream Home)টো কিনাৰ কথা ভাবিছে তেন্তে আপোনাৰ সপোন সাকাৰ কৰাৰ আটাইতকৈ সুৱৰ্ণ সুযোগ এইটোৱেই হ' ব পাৰে। শাৰদীয় উৎসৱৰ বতৰত দেশৰ সৰ্ববৃহৎ বেংক আৰু হাউছিং ফাইনেন্স কোম্পানীৰ লগতে গৃহ নিৰ্মাতাসকলেও গৃহ ক্ৰয়ত (Buy a Home) প্ৰচুৰ ৰেহাই আগবঢ়াইছে। বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি  বেংকবোৰে বৰ্তমান গৃহ ঋণৰ সূতৰ হাৰ (Home Loan Interest Rate) বহু হ্ৰাস কৰিছে। আপুনি জানি আচৰিত হ'ব যে গৃহ ঋণ (Lowest Interest Rate on Home Loan)ৰ সূতৰ হাৰ বৰ্তমান ১০ বছৰৰ ভিতৰত নিম্নতম হৈছে। তেনে ক্ষেত্ৰত আপুনি অতি সস্তাতেই ঘৰ এটা কিনিব পাৰিব।

    ভাৰতীয় ষ্টেট বেংক (SBI), পঞ্জাৱ নেচনেল বেংক (PNB), হাউচিং ডেভেলপমেণ্ট ফাইনেন্স কৰ্প (HDFC), কোটাক মহিন্দ্ৰা বেংক লিমিটেড (KMBL)কে ধৰি প্ৰতিষ্ঠানসমূহে গৃহ ঋণৰ সূতৰ হাৰ ৬.৫%লৈ হ্ৰাস কৰিছে। উল্লেখ্য যে ৬.৭% সূত হৈছে এক দশকত সৰ্বনিম্ন সূতৰ হাৰ।

    বীল্ডাৰসকলে দি আছে বৃহৎ ৰেহাই 
    কেৱল বেংকেই নহয় গ্ৰাহকসকলক বীল্ডাৰসকলেও ভাল অফাৰ আগবঢ়োৱা হৈছে। নিৰ্মাতাসকলে ঘৰ ক্ৰেতাসকলক ৰেহাই আৰু উপহাৰ আগবঢ়াইছে। উৎসৱৰ বতৰ (Festive Season)ত চাহিদা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখি বীল্ডাৰসকলে ই-কমাৰ্চৰ জৰিয়তেও দিছে বহু উপহাৰৰ অফাৰ। বিগ বিলিয়ন বিক্ৰী (Big Billion Sell)ৰ অংশ হিচাপে ফ্লিপকাৰ্টে (Flipkart) ইলেক্ট্ৰনিকছৰ পৰা বিভিন্ন সামগ্ৰীত ঘৰ কিনা লোকলৈ দিছে ৮০%লৈকে ৰেহাই।

    সূতৰ হাৰ ক'ত কিমান আছে জানি লওক
    LIC হাউছিং ফাইনেন্সে (LIC Housing Finance) গৃহ ঋণৰ সূতৰ হাৰ হ্ৰাস কৰিছে। এলআইচি হাউচিং ফাইনেন্সে গৃহ ঋণৰ হাৰ ২ কোটি টকালৈকে গৃহ ঋণৰ হাৰ ৬.৬৬ শতাংশলৈ হ্ৰাস কৰিছে। এলআইচি হাউচিং ফাইনেন্সে কয় যে ৭০০ বা ততোধিক চিবিল স্কোৰ থকা সকলো ঋণ লওতাই ৬.৬৬ শতাংশ হাৰত গৃহ ঋণ লাভ কৰিব। এই ঋণ কেৱল ২২ ছেপ্টেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ লোৱা গৃহ ঋণৰ ক্ষেত্ৰতহে হে প্ৰযোজ্য হ'ব।

    HDFCয়ে গৃহ ঋণ সস্তা কৰিলে
    দেশৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক HDFCয়ে উৎসৱৰ অফাৰৰ অধীনত গৃহ ঋণৰ হাৰ হ্ৰাস কৰিছে। HDFC গ্ৰাহকসকলক গৃহ ঋণ ৬.৭ শতাংশ হাৰত আগবঢ়াইছে। গ্ৰাহকসকলে বিশেষ অফাৰৰ অধীনত HDFC গৃহ ঋণ লাভ কৰিব পাৰে। বেংকে জনোৱা মতে এই নতুন হাৰ ২১ ছেপ্টেম্বৰ, ২০২১ৰ পৰা কাৰ্যকৰী হ'ব। গ্ৰাহকসকলে ৩১ অক্টোবৰ, ২০২১লৈ এই আঁচনিৰ সুবিধাা লাভ কৰিব পাৰে।

    SBIয়ে গৃহ ঋণ সস্তা কৰিছে
    SBIয়ে উৎসৱৰ অফাৰৰ অধীনত ৩১ মাৰ্চলৈ গৃহ ঋণৰ সূতৰ হাৰ ৬.৭ শতাংশলৈ হ্ৰাস কৰিছে। কোটাক মহিন্দ্ৰা বেংকে ৯ ছেপ্টেম্বৰত ঘোষণা কৰিছিল কোটাক মহিন্দ্ৰা বেংক লিমিটেডে (KMBL) এতিয়া বছৰি ৬.৬৫ শতাংশৰ পৰিৱৰ্তে বছৰি ৬.৫০ শতাংশ সূতৰ হাৰত গৃহ ঋণ আগবঢ়াই আছে ৷
    Published by:Manjumoni Borah
    First published: