মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »কিমান জব্দ হ'ল পাৱাৰলুমৰ গামোচা? তথ্যই নাই হস্ততাঁত বস্ত্ৰ বিভাগত

কিমান জব্দ হ'ল পাৱাৰলুমৰ গামোচা? তথ্যই নাই হস্ততাঁত বস্ত্ৰ বিভাগত

কিছুবছৰ আগলৈকে মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)ৰ পৰা অসমলৈ বৃহৎ পৰিমাণৰ পাৱাৰলুমত প্ৰস্তুত কৰা গামোচা, মেখেলা চাদৰ আমদানি কৰা হৈছিল যদিও এতিয়া মাদ্ৰাজৰ পৰিবৰ্তে এই কোটি কোটি টকাৰ ব্যৱসায় কেন্দ্ৰীভূত হৈ পৰিছে গুজৰাটৰ একাংশ বস্ত্ৰ ব্যৱসায়ীৰ হাতত ৷ 

  • Share this:
গুৱাহাটী, ১৩ মাৰ্চ: পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে "যুদ্ধ ঘোষণা" কৰিছে ঠিকেই। কিন্তু কাৰ্যতঃ পাৱাৰলুমত উৎপাদিত গামোচা বা মেখেলা-চাদৰ আদিৰ বিৰুদ্ধে কিমান কঠোৰ হৈছে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ, সেয়াহে এতিয়া লাখটকীয়া প্ৰশ্ন ৷

অসমৰ কেতবোৰ অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ তৰফৰ পৰা অভিযান চলোৱা হৈছে যদিও সেয়া কেৱল ৰাইজক দেখুৱাবলৈহে কৰা হৈছে বুলি অভিযোগ উঠিছে ৷

কিছুবছৰ আগলৈকে মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)ৰ পৰা অসমলৈ বৃহৎ পৰিমাণৰ পাৱাৰলুমত প্ৰস্তুত কৰা গামোচা, মেখেলা চাদৰ আমদানি কৰা হৈছিল যদিও এতিয়া মাদ্ৰাজৰ পৰিৱৰ্তে এই কোটি কোটি টকাৰ ব্যৱসায় কেন্দ্ৰীভূত হৈ পৰিছে গুজৰাটৰ একাংশ বস্ত্ৰ ব্যৱসায়ীৰ হাতত ৷

প্ৰাপ্ত এক খবৰ মতে এইবাৰৰ ৰঙালী বিহুৰ বজাৰখনলৈ লক্ষ্য ৰাখি গুজৰাটৰ এই বস্ত্ৰ ব্যৱসায়ীসকলে অসমত প্ৰায় ২০০ কোটি টকাৰ পাৱাৰলুমৰ গামোচাৰ ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছিল।

অভিযোগ উঠা অনুসৰি এইসমূহ পাৱাৰলুমৰ গামোচা বৰ্তমানেও জমা হৈ আছে ফাঁচীবজাৰত। কিন্তু নীৰৱ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ ৷ আনকি গুজৰাটৰ এগৰাকী আগশাৰীৰ বিজেপি নেতাই অসমত পাৱাৰলুমৰ গামোচাৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞাত ক্ষুব্ধ হৈ দিল্লীৰ শীৰ্ষ বিজেপি নেতাৰো কাষ চপাৰ খবৰ পোৱা গৈছে ৷

আনহাতে এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ আজি নিউজ ১৮ লোকেলৰ সাংবাদিকে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সঞ্চালক পৰাগমণি মহন্তক যোগাযোগ কৰে যদিও সঞ্চালকজনে অতি কৌশলপূৰ্ণভাৱে এই সম্পৰ্কে বিভাগৰ হাতত কোনো তথ্য নাই বুলিহে মত প্ৰকাশ কৰে।

আনকি এই পৰ্যন্ত বিভাগটোৱে পাৱাৰলুমত নিৰ্মিত কিমান গামোচা জব্দ কৰিলে বা অসাধু ব্যৱসায়ীক কিমান জৰিমনা ভৰোৱা হৈছে সেই সম্পৰ্কে প্ৰশ্ন কৰাত সঞ্চালকগৰাকীয়ে তেওঁৰ হাতত কোনো সঠিক তথ্য নাই বুলিহে মত প্ৰকাশ কৰে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি