আপোনাৰ ওচৰৰ বজাৰত ব্যৱসায়ীয়ে অধিক দাম (Price Rise) সংগ্ৰহ কৰিছে নেকি? যদি অধিক নাম সংগ্ৰহ কৰিছে, তেন্তে যোগাযোগ কৰক প্ৰশাসনক ৷ কামৰূপ মহানগৰ (Kamrup Metro) জিলাত গঠন কৰা হৈছে চাৰিটা টাস্ক ফোৰ্চ ৷ চাৰিটা পৃথক পৃথক দলে পৰ্য্যবেক্ষণ কৰিব বজাৰ আৰু খাদ্য সামগ্ৰীৰ মূল্য ৷ চাৰি দলৰ গুৰু দায়িত্বত চাৰি বিষয়া ক্ৰমে লক্ষ্যজিৎ দুৱৰা, জিন্তু বৰা, ভাস্কৰ জ্যোতি কলিতা আৰু চিন্ময় নেওগ ৷
BUSINESS NEWS IN ASSAMESE
বিষয়া লক্ষ্যজিৎ দুৱৰা অধীনত থাকিব মাছখোৱা, উজানবজাৰ, উলুবাৰী, ফাঁচীবজাৰ, ভঙাগড় বজাৰ। জিন্তু বৰাৰ দায়িত্বত ছয় মাইল, বেলতলা, ভেটাপাৰা, বশিষ্ঠ, দিছপুৰ, ছুপাৰ মাৰ্কেট, নাৰেংগী, বৰবাৰী, পাঞ্জাবাৰী বজাৰ ৷ ভাস্কৰ জ্যোতি কলিতাৰ দায়িত্বত গোশালা, পাণ্ডু, পাণ্ডু ৰে'লৱে বজাৰ, জালুকবাৰী, আজাৰা, ফটাশিল বজাৰ ৷ চিন্ময় নেওগৰ অধীনত থাকিব বেহৰবাৰী, পামহী, খানাপাৰা, লালগণেশ, লখড়া, বামুনীবৈদাম বজাৰ ৷
ইমানেই নহয় মূল্যবৃদ্ধি সম্পৰ্কত গ্ৰাহকে নিজেই অভিযোগ দিব পৰাকৈ মোবাইল নম্বৰো ৰাজহুৱা কৰা হৈছে। ইয়াৰে মাছখোৱা, উজানবজাৰ, উলুবাৰী, ফাঁচীবজাৰ, ভঙাগড় বজাৰৰ অনিয়ম অভিযোগ দাখিল কৰিব পাৰিব 9101258837 আৰু 8638743858 নম্বৰত৷ ছয় মাইল, বেলতলা ভেটাপাৰা, বশিষ্ট, দিছপুৰ, ছুপাৰ মাৰ্কেট, নাৰেংগী, বৰবাৰী, পাঞ্জাবাৰী বজাৰৰ অভিযোগ দাখিল কৰিব পাৰিব 7002029506 আৰু 9435188970 নম্বৰত ৷ গোশালা, পাণ্ডু, পাণ্ডু ৰে'লৱে বজাৰ, জালুকবাৰী, আজাৰা, ফটাশিল বজাৰৰ অভিযোগ দাখিল কৰিব পাৰিব 9864240088 আৰু 8638816910 আৰু বেহৰবাৰী, পামহী, খানাপাৰা, লালগণেশ, লখড়া, বামুনীবৈদাম বজাৰৰ অভিযোগ দাখিল কৰিব পাৰিব 9954645666 আৰু 9435323010 নম্বৰত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|