মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ সময়তে চৰকাৰে বুধবাৰে খোৱা তেল (Edible Oil Price) নিৰ্মাতাসকলক আমদানি কৰা ৰন্ধন তেলৰ সৰ্বোচ্চ খুচুৰা মূল্য (MRP) প্ৰতি লিটাৰত ১০ টকা পৰ্যন্ত হ্ৰাস কৰিবলৈ নিৰ্দেশ দিযছে। ইয়াৰ লগতে সমগ্ৰ দেশতে একে ব্ৰেণ্ডৰ তেলৰ এটাই MRP নিৰ্ধাৰণ কৰিবলৈও নিৰ্দেশ দিছে। ভাৰতে প্ৰয়োজনীয় খাদ্য তেলৰ ৬০ শতাংশতকৈ অধিক আমদানি কৰাৰ লগতে বিশ্ব বজাৰৰ দাম অনুযায়ী দাম নিৰ্ধাৰণ কৰা হেতুকে যোৱা কেইমাহমানৰ পৰা খোৱা তেলৰ খুচুৰা মূল্যৰ ওপৰত প্ৰভাৱ পৰিছিল। কিন্তু এতিয়া বিশ্ব বজাৰত মূল্য হ্ৰাস পোৱাৰ ফলত দোশতো দামৰ সংশোধন কৰা হৈছে।
খাদ্য তেল নিৰ্মাতাসকলে যোৱা মাহত প্ৰতি লিটাৰত ১০-১৫ টকা পৰ্যন্ত মূল্য হ্ৰাস কৰিছিল আৰু তাৰ পূৰ্বে বিশ্ব বজাৰৰ দাম অনুসৰি এম আৰ পিও হ্ৰাস কৰিছিল। বিশ্বৰ দাম আৰু অধিক হ্ৰাস পোৱাৰ কথা লক্ষ্য কৰি খাদ্য সচিব সুধাংশু পাণ্ডেয়ে সকলো খাদ্য তেলৰ সংঘ আৰু প্ৰধান উৎপাদকসকলৰ এখন বৈঠক আহ্বান কৰি বৰ্তমানৰ ধাৰাটোৰ ওপৰত আলোচনা কৰি এম আৰ পি হ্ৰাস কৰি বিশ্বৰ পতনশীল মূল্যৰ সুফল গ্ৰাহক ভোগ কৰাৰ সুবিধা দিছে।
সংবাদ সংস্থা PTIক সুধাংশু পাণ্ডেই জনোৱা অনুসৰি বিশ্ব বজাৰত ১০ শতাংশ কমিছে খোৱা তেলৰ দাম।
চৰকাৰৰ এই নিৰ্দেশৰ পিছতে প্ৰধান খাদ্য তেল নিৰ্মাতা কোম্পানীসমূহে অহা সপ্তাহৰ ভিতৰত আমদানি কৰা সকলো খাদ্য তেল যেনে পাম তেল, সৰিয়হ আৰু সূৰ্য্যমুখী তেল (palm oil, Soyabean and sunflower oil)ত প্ৰতি লিটাৰত ১০ টকা পৰ্যন্ত এম আৰ পি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে বুলি তেওঁ কয়। লগতে আৰু কয় যে এবাৰ এই খাদ্য তেলৰ মূল্য হ্ৰাস হ’লেই অন্যান্য ৰন্ধন তেলৰ দামো হ্ৰাস পাব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|