খোৱা তেলৰ ঘৰুৱা মূল্য (Edible Oil Price)ত অতি সোনকালেই বৃহৎ হ্ৰাস দেখা যাব পাৰে। কেন্দ্ৰীয় চৰকাৰে সৰিয়হ (Mustard Oil), ছয়াবিন তেল (Soybean Oil), আৰু সূৰ্যমুখী তেল (Sunflower Oil)ৰ ওপৰত আমদানি শুল্ক (Import Tax) হ্ৰাস কৰাৰ কথা চিন্তা কৰি আছে। সূত্ৰ অনুসৰি, চৰকাৰে কৃষি আন্তঃগাঁথনি আৰু উন্নয়ন উপকৰ বিলুপ্ত কৰিব নে হ্ৰাস কৰিব সেইটো বিবেচনা কৰি আছে। এই উপকৰ বৰ্তমান ৫ শতাংশ।
ঘৰুৱা বজাৰত খাদ্য সামগ্ৰীৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিব পাৰে চৰকাৰে। বিষয়টোৰ সৈতে জড়িত এজন বিষয়াৰ উদ্ধৃতি দি ব্লুমবাৰ্গে এই তথ্য দিছে। সূত্ৰ অনুসৰি এই কৰ্তনৰ সন্দৰ্ভত এই সপ্তাহৰ শেষৰ ফালে সিদ্ধান্ত ল’ব পাৰে চৰকাৰে।
কিন্তু এই সন্দৰ্ভত চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|