নতুন দিল্লীঃ চৰকাৰে অসংগঠিত ক্ষেত্ৰৰ (Unorganized Workers) শ্ৰমিকসকলক পেন্সনৰ (Pension) ৰূপত আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আঁচনি প্ৰস্তুত কৰিছে। ইয়াৰ কাৰণে চৰকাৰে ‘ডনেট পেন্সন’ অভিযান চলোৱাৰ প্ৰস্তুতি কৰিছে। ইয়াত ৰাইজক স্বেচ্ছাই পেন্সনৰ কাৰণে সহযোগ কৰিবলৈ প্ৰেৰিত কৰা হ’ব। এই অভিযান সেই ‘গিভ ইট আপ’ অভিযানৰ অংশ হ’ব য’ত মানুহক ৰন্ধন গেছৰ ছাবছিডি অভাৱীসকলৰ কাৰণে এৰিবলৈ অনুপ্ৰাণিত কৰি হৈছিল।
ইক’নমিক টাইমছৰ ৰিপ’ৰ্ট মতে, ‘ডনেট পেন্সন’ অভিযানত এজন ব্যক্তিৰ কাৰণে প্ৰতি শ্ৰমিকৰ ভিত্তিত খৰছ কেৱল ৩৬,০০০ টকা হোৱাৰ সম্ভাৱনা। এইটো প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন (পিএম–এছৱাইএম) আঁচনিৰ অধীনত একেবাৰতে দিবলগীয়া অৱদান যিয়ে শ্ৰমিকে নিজৰ গোটেই জীৱনত মাহেকত দিবলগীয়া টকাৰ বকেয়া। এই আঁচনিৰ লাভাৰ্থী ৬০ বছৰৰ বয়সৰ পৰা পেন্সন পোৱাৰ যোগ্য হ’ব। ৰিপ’ৰ্ট মতে শীৰ্ষ চৰকাৰী বিষয়াই জনাইছে যে শ্ৰম মন্ত্ৰালয়ে শীঘ্ৰেই এই সন্দৰ্ভত উচ্চ স্তৰীয় বিচাৰৰ কাৰণে প্ৰস্তাৱ অনাৰ যো–জা কৰি আছে।
শ্ৰম মন্ত্ৰালয়ৰ পৰিসংখ্যা মতে অক্টোবৰ মাহত কেৱল ৩৫জন শ্ৰমিকে এই আঁচনিৰ অধীনত নামাংকন কৰিছে আনহাতে ৮৫জনে ছেপ্তেম্বৰ মাহত পঞ্জীকৰণ কৰায়। বছৰত গড় মাহেকীয়া পঞ্জীকৰণ ২,৩৬৬। বিষয়াসকলে এই সন্দৰ্ভত কয়, ‘যদি ইয়ে মঞ্জুৰি পায় তেনেহ’লে এই আঁচনি পুনৰ্জীৱিত কৰা হ’ব আৰু লাখ লাখ শ্ৰমিকক ইয়াৰ অধীনলৈ অনা হ’ব।’
PM-SYMহৈছে অসংগঠিত ক্ষেত্ৰত লাখ লাখ শ্ৰমিকক সামাজিক সুৰক্ষা প্ৰদান কৰাৰ হেতু আৰম্ভ কৰা এক স্বেচ্ছামূলক পেন্সন আঁচনি। এইটো আঁচনি ১৮–৪০ বছৰ বয়সৰ অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকৰ ওপৰত আধাৰিত যি মাহে ১৫০০০ টকাৰ কম উপাৰ্জন কৰে। ইয়াৰ অধীনত এজন শ্ৰমিকে ৫৫ টকাৰ পৰা ২০০ টকাৰ ভিতৰত বৰঙনি দিব লাগিব য’ত চৰকাৰেও নিজৰ ফালৰ পৰা একে সমান বৰঙনি যোগাব।
তিনি বছৰ পূৰ্বে আৰম্ভ কৰা এই আঁচনিখনৰ অধীনত অক্টোবৰ মাহলৈকে মুঠ ৪৫.১ লাখ অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকক নামাংকিত কৰা হৈছে। অৱশ্যে দেশৰ আনুমানিক প্ৰায় ৩৮ কোটি অসংগঠিত শ্ৰমিকৰ তুলনাত এই সংখ্যা যথেষ্ট কম। এই শ্ৰমিকসকলৰ বেছিভাগেই ৬০ বছৰৰ পিছত কোনো ধৰণৰ সামাজিক সুৰক্ষাৰ অবিহনে এৰি দিয়া হয়।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|