• Home
  • »
  • News
  • »
  • business
  • »
  • JioPhone Next: জিঅ' ফোনে সুলভ স্মাৰ্টফোন বিপ্লৱৰ পৰৱৰ্তী ঢৌ কঢ়িয়াবঃ গুগলৰ চিইঅ' সুন্দৰ পিচাই

JioPhone Next: জিঅ' ফোনে সুলভ স্মাৰ্টফোন বিপ্লৱৰ পৰৱৰ্তী ঢৌ কঢ়িয়াবঃ গুগলৰ চিইঅ' সুন্দৰ পিচাই

পিচায়ে কয় যে তেওঁ জিঅ' ফোন নেক্সটক ডিজিটেল পৰিৱৰ্তনৰ পৰৱৰ্তী ঢৌৰ আধাৰশিলা স্থাপন কৰাৰ দৰে বুলি গণ্য কৰে।

পিচায়ে কয় যে তেওঁ জিঅ' ফোন নেক্সটক ডিজিটেল পৰিৱৰ্তনৰ পৰৱৰ্তী ঢৌৰ আধাৰশিলা স্থাপন কৰাৰ দৰে বুলি গণ্য কৰে।

পিচায়ে কয় যে তেওঁ জিঅ' ফোন নেক্সটক ডিজিটেল পৰিৱৰ্তনৰ পৰৱৰ্তী ঢৌৰ আধাৰশিলা স্থাপন কৰাৰ দৰে বুলি গণ্য কৰে।

  • Share this:

উৎসৱৰ বতৰত ৰিলায়েন্স জিঅ'ই শীঘ্ৰেই ইয়াৰ পৰৱৰ্তী হেণ্ডছেট মুকলি কৰিবলৈ সাজু হৈছে। এই সন্দৰ্ভত এলফাবেট আৰু গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া (Alphabet and Google CEO) সুন্দৰ পিচায়ে কয় যে তিনি-পাঁচ বছৰৰ ভিতৰত সুলভ মূল্যৰ জিঅ' ফোন নেক্সট (JioPhone Next) ডিভাইচে লাখ লাখ লোকক স্মাৰ্টফোনৰ সুবিধা লোৱাত সহায় কৰাৰ কৰাৰ লগতে ই বহুতকে প্ৰভাৱিত কৰিব।


দেৱালীৰ সময়তে আহিবলগীয়া ৰিলায়েন্সৰ জিঅ' ফোন নেক্সট স্মাৰ্টফোনটো এণ্ড্ৰইডৰ দ্বাৰা চালিত প্ৰগতি অ'এছ থাকিব, যি বিশেষকৈ ভাৰতৰ বাবে নিৰ্মিত এক বিশ্বমানৰ অপাৰেটিং চিষ্টেম হিচাপে গণ্য কৰা হৈছে।


মঙলবাৰে পিচায়ে কয়, "মানুহে প্ৰৱেশাধিকাৰ বিচাৰি আছে আৰু নিশ্চিতভাৱে ইয়াৰ আধাৰতে বহুতে স্মাৰ্টফোন গ্ৰহণ কৰিছে ভাৰতত।"


তেওঁ পুনৰ কয় যে "এতিয়াও ফিচাৰ ফোনৰ পৰা স্মাৰ্টফোনলৈ স্থানান্তৰৰ চাহিদা আছে দেশত। জিঅ' ফোন নেক্সট হৈছে ইংৰাজী ভাষী সম্প্ৰদায়ৰ বাহিৰত এটা ফোন নিৰ্মাণ কৰা বা স্থানীয়লৈ যোৱাৰ দৰে প্ৰযুক্তি, ইয়াক এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে আৰু বহু লোকে স্মাৰ্টফোনৰ সুবিধা ল'ব পাৰে।"


ডিভাইচটো গুগল এচিষ্টেণ্ট, স্বয়ংক্ৰিয় পঠন আৰু যিকোনো অন-স্ক্ৰীণ পাঠৰ অনুবাদ, ভাৰত-কেন্দ্ৰিক ফিল্টাৰৰ সৈতে এটা স্মাৰ্ট কেমেৰা আৰু বহুতো সুবিধাৰে নিৰ্মাণ কৰা হৈছে।


পিচায়ে কয় যে তেওঁ জিঅ' ফোন নেক্সটক ডিজিটেল পৰিৱৰ্তনৰ পৰৱৰ্তী ঢৌৰ আধাৰশিলা স্থাপন কৰাৰ দৰে বুলি গণ্য কৰে।


"এইটো ডিজিটেল ৰূপান্তৰৰ এটা সংস্কৰণ। আৰু মই ভাবো ৩–৫ বছৰৰ ভিতৰত জিঅ' ফোনটোৱে যথেষ্ট প্ৰভাৱ পেলাব। কিন্তু সামগ্ৰিকভাৱে ভাৰত আমাৰ বাবে এক ৰোমাঞ্চকৰ বজাৰ হৈ আছে। আমি জড়িত থকা বিষয়বোৰত আমাৰ শক্তি উপলব্ধি কৰো। আৰু আপুনি আমাক তাত মনোনিৱেশ কৰা দেখিব।" পিচায়ে উল্লেখ কৰে।


উল্লেখ্য, জিঅ' ফোন নেক্সট ডিভাইচটোৱে সকলো উপলব্ধ এণ্ড্ৰইড এপ সমৰ্থন কৰিব, যাক ব্যৱহাৰকাৰীসকলে গুগল প্লে ষ্টোৰৰ জৰিয়তে ডিভাইচটোত ডাউনলোড আৰু ব্যৱহাৰ কৰিব পাৰে।


পাঁচ বছৰৰ ভিতৰত, জিঅ' ভাৰতত এক ঘৰুৱা নাম হৈ পৰিছে। ৪৩০ নিযুত ব্যৱহাৰকাৰীৰ সৈতে ইয়াৰ সেৱাবোৰ ভূগোল, অৰ্থনৈতিক আৰু সামাজিক শ্ৰেণীত বিস্তৃত।


জিঅ' ফোন নেক্সটৰ সৈতে কোম্পানীটোৱে ভাৰতত ডিজিটেল সংযোগৰ গণতান্ত্ৰিককৰণৰ দৃষ্টিভংগীৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ লোৱাৰ লক্ষ্য ৰাখিছে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি