• Home
  • »
  • News
  • »
  • business
  • »
  • কঠোৰ GMC: নিয়ম উলংঘাৰে মাছ-মাংসৰ ব্যৱসায় ! গুৱাহাটীত উচ্ছেদ ৮০ৰো অধিক মাছ-মাংসৰ দোকান...

কঠোৰ GMC: নিয়ম উলংঘাৰে মাছ-মাংসৰ ব্যৱসায় ! গুৱাহাটীত উচ্ছেদ ৮০ৰো অধিক মাছ-মাংসৰ দোকান...

পৌৰ নিগমৰ নির্দেশনা উলংঘাৰে অনুজ্ঞাপত্র অবিহনে অস্বাস্থ্যকৰ পৰিৱেশত পদপথত ব্যৱসায় চলাই অহা লোকসকলৰ বিৰুদ্ধে বুধবাৰে পৌৰ নিগমৰ পশুপালন বিভাগৰ এটা দলে অভিযান চলায়৷ ৮০খন মাছ–মাংসৰ দোকান উচ্ছেদ জিএমচিৰ।

  • Share this:
গুৱাহাটী পৌৰ নিগমৰ নির্দেশনা উলংঘাৰে জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি ব্যৱসায় চলাই আহিছে একাংশ অসাধু লোকে৷ অস্বাস্থ্যকৰ পৰিৱেশত মুকলিকৈ মাছ–মাংসৰ ব্যৱসায় চলাই অহা লোকসকলক স্বাস্থ্যকৰ পৰিৱেশত প্রয়োজনীয় অনুমতি সাপেক্ষে ব্যৱসায় কৰিবলৈ পৌৰ নিগমে নির্দেশনা জাৰি কৰিছিল৷

পৌৰ নিগম কর্তৃপক্ষৰ নীতি–নির্দেশনা উলংঘাৰে মহানগৰীৰ বিভিন্ন স্থানৰ পদপথত একাংশ অসাধু লোকে জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি ব্যৱসায় চলাই আহিছে ব্যৱসায়।পৌৰ নিগমৰ নির্দেশনা উলংঘাৰে অনুজ্ঞাপত্র অবিহনে অস্বাস্থ্যকৰ পৰিৱেশত পদপথত ব্যৱসায় চলাই অহা লোকসকলৰ বিৰুদ্ধে বুধবাৰে পৌৰ নিগমৰ পশুপালন বিভাগৰ এটা দলে অভিযান চলায়৷ অভিযানকাৰী দলটোৱে কাহিলিপাৰা কলনী বজাৰ, লালগণেশ, ওদালবাক্রা, জ্যোতিকুছি, সাউকুছি, লখৰা, গড়চক চাৰিআলি, গণেশপাৰা, ধীৰেনপাৰা আদি অঞ্চলত অভিযান চলাই অস্বাস্থ্যকৰ পৰিৱেশত মাছ–মাংস বিক্রী কৰা ৮০খন ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ কৰে৷ পৌৰ নিগমৰ অভিযানকাৰী দলটোৱে ২০০ কেজি মাছ আৰু ১২ কেজি মাংস জব্দ কৰে৷ গুৱাহাটী মহানগৰীত মাছ–মাংসৰ ব্যৱসায় চলোৱা ব্যৱসায়ীসকলক পৌৰ নিগমৰ অনুজ্ঞাপত্র লৈ ব্যৱসায় চলাবলৈ শেহতীয়াকৈ নির্দেশনা জাৰি কৰিছিল৷ ইয়াৰ উপৰি অস্বাস্থ্যকৰ পৰিৱেশত খোলাকৈ মাছ–মাংস বিক্রী কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছিল৷ কিন্তু পৌৰ নিগমৰ নির্দেশনা উলংঘাৰে একাংশ অসাধু লোকে অস্বাস্থ্যকৰ পৰিৱেশত মাছ–মাংস বিক্রী কৰি আহিছে৷ পৌৰ নিগমৰ নির্দেশনা উলংঘাৰে ব্যৱসায় চলাই অহা ব্যৱসায়ীসকলৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান পৌৰ নিগমে চলাই আহিব বুলি জানিবলৈ দিছে৷এই অভিযানত অস্বাস্থ্যকৰ পৰিৱেশত মাছ–মাংস বিক্রী কৰাৰ অভিযোগত অভিযানকাৰী দলটোৱে দুহাজাৰ টকা জৰিমনা বিহে৷ জব্দকৃত মাছ–মাংসখিনি বৰাগাঁও ডাম্পিং গ্রাউণ্ডত নষ্ট কৰি পেলায়৷ উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বে অস্বাস্হ্যকৰ পৰিবেশত মাছ-মাংস  বিক্ৰী কৰাৰ বাবে বহু ব্যৱসায়ীৰ পৰা জৰিমনা বিহিছিল পৌৰ নিগমে।
Published by:Kokil Sarma
First published: