• Home
  • »
  • News
  • »
  • business
  • »
  • Gamocha : চৰকাৰৰ জ্ঞাতসাৰেই চলি আছে বহিঃৰাজ্যৰ গামোচাৰ আমদানি! বিধানসভাত মন্ত্ৰীৰ উত্তৰত উদ্বেগজনক তথ্য 

Gamocha : চৰকাৰৰ জ্ঞাতসাৰেই চলি আছে বহিঃৰাজ্যৰ গামোচাৰ আমদানি! বিধানসভাত মন্ত্ৰীৰ উত্তৰত উদ্বেগজনক তথ্য 

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিধানসভাত লিখিত উত্তৰ দি স্বীকাৰ কৰিছে, "গামোচা (Gamocha) অসমৰ বাহিৰৰ পৰা আহি থকাটো সত্য ৷"

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিধানসভাত লিখিত উত্তৰ দি স্বীকাৰ কৰিছে, "গামোচা (Gamocha) অসমৰ বাহিৰৰ পৰা আহি থকাটো সত্য ৷"

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিধানসভাত লিখিত উত্তৰ দি স্বীকাৰ কৰিছে, "গামোচা (Gamocha) অসমৰ বাহিৰৰ পৰা আহি থকাটো সত্য ৷"

  • Share this:
অসম তথা অসমীয়াৰ স্বাভিমান অসমীয়া গামোচা (Gamocha) অসমৰ বাহিৰৰ পৰা আমদানি হৈয়েই আছে ৷ বিজেপি শাসিত চৰকাৰ (BJP Govt)ৰ বিগত কাৰ্যকালত দুদিনীয়া চমকৰে বহিঃৰাজ্যৰ পৰা আমদানিকৃত গামোচা (Imported Gamocha) বন্ধ কৰিবলৈ দুই এক অভিযান চলোৱা হৈছিল যদিও আজি পৰ্যন্ত চলি আছে মেচিনত বোৱা আমদানী কৰা গামোচাৰ বিক্ৰী ৷ যি কথা স্বীকাৰ কৰিলে বিভাগীয় মন্ত্ৰীয়ে ৷

অসমীয়াৰ স্বাভিমান গামোচাত ভেজাল ৷ বহিঃৰাজ্যত মেচিনত বোৱা গামোচাই দখল কৰিছে গামোচাৰ বজাৰ ৷ অসমীয়াৰ স্বাভিমান গামোচাক যি সময়ত ভিন্ন জনে বিশ্বৰ সন্মুখত চিনাকী কৰাই দিছে সেই সময়তে আত্মনিৰ্ভৰ অসম (Atmanirbhar Assam)ৰ কথা কোৱা চৰকাৰখন একেবাৰে যে নিৰ্বিকাৰ সেই কথা প্ৰমাণ হ'ল বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন (MLA Diganta Barman)ৰ এক প্ৰশ্নৰ উত্তৰত ৷

হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই লিখিত উত্তৰ দি স্বীকাৰ কৰিছে, "গামোচা অসমৰ বাহিৰৰ পৰা আহি থকাটো সত্য ৷" লগতে তেওঁ উল্লেখ কৰিছে "অসমৰ বাহিৰৰ পৰা বিদ্যুৎ চালিত তাঁতশালত (Machine Made Gamocha) উৎপাদিত গামোচা অহাৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰে জাৰি কৰা নাছিল কোনো অধিসূচনা ৷"

বিগত সময়চোৱাত মাত্ৰ সাত-আঠ হাজাৰ গামোচা জব্দ কৰিয়েই স্বনিৰ্ভৰ অসমৰ দিবা স্বপ্ন দেখুওৱা আৰু বৰ্তমান চৰকাৰেও এই পৰ্যন্ত কোনো পদক্ষেপ নোলোৱাত খেদ প্ৰকাশ কৰিছে বিধায়ক দিগন্ত বৰ্মনে ৷ "অসমৰ শিপিনীয়ে আৰু কিমান ঠগ খাব ৷ মই বিষয়টো দৃষ্টিগোচৰ কৰিব বিচাৰিছিলোঁ ৷ কিন্তু মোক সুযোগ দিয়া নহ'ল ৷" চলিত বাজেট অধিৱেশনত প্ৰত্যেক দিনাই প্ৰত্যেক জনগোষ্ঠীৰ অংগবস্ত্ৰ লোৱা শাসকীয় পক্ষই বহিঃৰাজ্যৰ গামোচা, আৰণাই, মেখেলা চাদৰক নাকী লগাই অসমৰ শিপিনীক সকাহ দিবনে নে সকলোবোৰ দেখুৱাবৰ বাবেহে কৰি থাকিব ?
Published by:Manjumoni Borah
First published: