টাটা মটৰ্ছে কয় যে কোম্পানীটোৱে ১ এপ্ৰিল, ২০২২ৰ পৰা ইয়াৰ বাণিজ্যিক বাহনৰ মূল্য বৃদ্ধি কৰিবলৈ গৈ আছে। এইক্ষেত্ৰত বাহনসমূহৰ মূল্য ২ ৰ পৰা ২.৫ শতাংশ বৃদ্ধি কৰিব পাৰে। যোৱা সপ্তাহত মাৰ্চিডিজে ব্যয় বৃদ্ধিৰ কথা উল্লেখ কৰি ১ এপ্ৰিলৰ পৰা ইয়াৰ গাড়ীৰ মূল্য ৩ শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল।
টাটা মটৰ্ছে কোৱা মতে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ (Russia-Ukraine War) পিছৰে পৰা খাৰুৱা তেল আৰু সামগ্ৰীৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে। ইয়াৰ বাবে বাহনৰ ব্যয় বৃদ্ধি কৰিছে। ইস্পাত, এলুমিনিয়াম আৰু অন্যান্য মূল্যৱান ধাতুকে ধৰি সামগ্ৰী আৰু অন্যান্য কেঁচা সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ বাবে ই ইয়াৰ বাণিজ্যিক বাহনৰ (Commercial Vehicle) মূল্য বৃদ্ধি কৰিব লগা হৈছে।
উল্লেখ্য, দেশৰ বাণিজ্যিক বাহনৰ ডাঙৰ প্ৰতিষ্ঠানটো হৈছে টাটা মটৰ্ছ। টাটা মটৰ্ছে ই-বাহন (electric vehicles) শাখাত ইয়াৰ অংশ বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে। একে সময়তে কোম্পানীটোৱে চৰকাৰৰ সৈতে এক নীতিগত পৰিকাঠামো প্ৰস্তুত কৰাৰ বাবেও কাম কৰি আছে।