সোমবাৰে স্বাধীনতা দিৱস উপলক্ষে অ'লা ইলেক্ট্ৰিকে নিজৰ প্ৰথম বৈদ্যুতিক গাড়ীৰ এক আভাস বিশ্বক দেখুৱাইছে। ইয়াৰ লগতে কোম্পানীটোৱে এখন নতুন স্কুটাৰ অ'লা এছ-১ মুকলি কৰিছে, যাৰ আৰম্ভণিতে মূল্য আছিল ৯৯,৯৯৯ টকা। এয়া অ'লা কোম্পানীৰ দ্বিতীয়খন বৈদ্যুতিক বাহন।
ভৱেশ আগৰৱালাই কয় যে অ'লাৰ প্ৰথম বৈদ্যুতিক গাড়ী ২০২৪ত আহিব আৰু উত্তম টেকন’লজীৰ হ’ব। অ'লাৰ বৈদ্যুতিক গাড়ীৰ পৰিসৰ ৫০০ কিলোমিটাৰ হ'ব। অ'লাই ৰাজহুৱা কৰা ভিডিঅ' অনুসৰি, অ'লাৰ প্ৰথমখন গাড়ী চিডান ছিৰিজত আহিব পাৰে। অ'লাৰ বৈদ্যুতিক গাড়ীত অল গ্লাছ ৰুফ থাকিব। এই গাড়ীখনে এৰো-ডাইনেমিক্স উন্নত কৰিব বুলি জানিব পৰা গৈছে।
ভৱেশ আগৰৱালাই কয় যে অ'লাৰ গাড়ীত কেৱল চাবিৰ লেচ নহয় বৰঞ্চ ড্ৰাইভাৰ লেচো থাকিব। ইয়াৰ সহায়ক ড্ৰাইভিঙৰ সুবিধাও গ্ৰাহকে পাব বুলি তেওঁ জনায়। লগতে তেওঁ জনাই যে তেওঁলোকে আগবঢ়োৱা অ'লা বৈদ্যুতিক গাড়ীখন আটাইতকৈ দ্ৰুততম গাড়ী হ'ব (OLA First Electric Car)।
ইয়াৰ উপৰি এই বৈদ্যুতিক গাড়ীখন ভাৰতত এতিয়ালৈকে নিৰ্মিত সকলোতকৈ স্প'ৰ্টী গাড়ী হ’ব। তেওঁ লগতে কয় যে তেওঁৰ এই যোজনা দুটা বাহনৰ প্লেটফৰ্ম আৰু ছখন বেলেগ বেলেগ গাড়ী বিকশিত কৰিবৰ বাবে হয়। এই সকলোবোৰ তামিলনাডুৰ এটা কাৰখানাত নিৰ্মাণ কৰা হ'ব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|