মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »Ukrain Crisis | Stock Market: যুদ্ধৰ ভয়ত থৰক-বৰক শ্বেয়াৰ বজাৰ, তললৈ নামিল ছেনছেক্স-নিফটি, আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি

Ukrain Crisis | Stock Market: যুদ্ধৰ ভয়ত থৰক-বৰক শ্বেয়াৰ বজাৰ, তললৈ নামিল ছেনছেক্স-নিফটি, আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি

RUSSIA UKRAINE IMPACT ON STOCK MARKET:  এছিয়াৰ আন শ্বেয়াৰ বজাৰবোৰো বিপদত পৰা দেখা গৈছিল

RUSSIA UKRAINE IMPACT ON STOCK MARKET: এছিয়াৰ আন শ্বেয়াৰ বজাৰবোৰো বিপদত পৰা দেখা গৈছিল

  • Share this:
ৰাছিয়া-ইউক্ৰেইন সংকটৰ পৰিপ্ৰেক্ষিতত ডাঙৰ দুৰ্ঘটনাৰ সন্মুখত পৰিছে শ্বেয়াৰ বজাৰ। মঙলবাৰৰ দিনটোৰ ব্যৱসায় আৰম্ভ হোৱাৰ লগে লগে, ছেনছেক্স প্ৰায় ১০০০ পইণ্ট হ্ৰাস পায় (Sensex fell by 1000 points)। ইফালে, নিফটি ১৭০০ পইণ্টৰ তললৈ যোৱা দেখা গৈছিল। ইয়াৰ আগতে এছিয়াৰ আন শ্বেয়াৰ বজাৰবোৰো বিপদত পৰা দেখা গৈছিল। কালি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৰাছিয়াৰ পূব ইউক্ৰেইনৰ দুই অঞ্চলক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ পিছতে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হয়, যি যোৱা সাত বছৰত সৰ্বাধিক (fall in stock market)।

এনে পৰিস্থিতিত পুৱা ১১ বজালৈ ছেনছেক্স ১০১৫ পইণ্ট বা ১.৭৬ শতাংশ হ্ৰাস পাইছে। ফলস্বৰূপে, ছেনছেক্স ৫৬,৬৬৮.৬ পইণ্টলৈ হ্ৰাস পায়। কিন্তু পিছত ই স্বাভাৱিক অৱস্থালৈ উভতি আহে। শেষত, ছেনছেক্স ৩৮২.৯২ পইণ্টলৈ হ্ৰাস পাইছিল। দিনটোৰ ব্যৱসায়ৰ শেষত ছেনছেক্স ৫৭.৩০০,৬৮লৈ হ্ৰাস পাইছিল। ইফালে, নিফটিও পূৰ্বৰ তুলনাত ১২৮ পইণ্ট কম হয় (fall in stock market due to Russia-Ukraine crisis)।

মন কৰিবলগীয়া যে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ তিক্ত সম্পৰ্কই সমগ্ৰ ইউৰোপত প্ৰভাৱ পেলাইছে। অৰ্থনীতিবিদসকলে আশংকা কৰে যে জাৰ্মানী, ফ্ৰান্স আৰু ব্ৰিটেইনতো ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিব। এনে পৰিস্থিতিত ইউৰোপীয় শ্বেয়াৰ বজাৰ (stock market)

আৰু নিউয়ৰ্কৰ ৱাল ষ্ট্ৰীট সূচক যোৱানিশা হ্ৰাস পাইছিল। সেই একে পথ অনুসৰণ কৰি এছিয়াৰ শ্বেয়াৰ বজাৰবোৰতো ঋণাত্মক প্ৰভাৱ দেখা যায়। ভাৰতীয় সময় মতে, পুৱা ১১ বজালৈ ছাংহাইৰ শ্বেয়াৰ বজাৰ ১.৫০ শতাংশ হ্ৰাস পাইছিল, হংকঙৰ শ্বেয়াৰ বজাৰ ৩.২৮, নিক্কেই ১.৮২ আৰু টাইৱান ১.৪৩ শতাংশ হ্ৰাস পাইছিল।

শেহতীয়া বাতৰি