অটোম’বাইলৰ জগতখনৰ কথা আহিলে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বৈদ্যুতিক বাহনে ৷ আৰু এই ছেগমেণ্টত জনপ্ৰিয়তা আৰু বিক্ৰী হোৱা ইউনিটৰ সংখ্যাৰ ক্ষেত্ৰত অ’লা ইলেক্ট্ৰিক (Ola Electric) আছে শীৰ্ষত। দুচকীয়া বাহনৰ ক্ষেত্ৰত ব্যাপক সফলতা লাভ কৰা ভাৰতীয় বাহন নিৰ্মাতা কোম্পানীটোৱে এতিয়া ইলেক্ট্ৰিক চাৰিচকীয়া ছেগমেণ্টত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লৈছে। News18ক এক সূত্ৰই নিশ্চিত কৰিছে যে ওলা ইলেক্ট্ৰিকৰ আগন্তুক ইলেক্ট্ৰিক গাড়ীখনৰ এটা চাৰ্জত ৫০০ কিলোমিটাৰৰ ওপৰত ৰেঞ্জ থাকিব।
১৫ আগষ্টৰ স্বাধীনতা দিৱসত ওলা ইলেক্ট্ৰিক গাড়ীৰ সন্দৰ্ভত ঘোষণা কৰিব বুলি ওলা ইলেক্ট্ৰিকৰ চিইঅ’ ভবিশ আগৰৱালা (Ola CEO Bhavish Aggarwal )ই টুইটাৰত প্ৰকাশ কৰিছে। সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে ইলেক্ট্ৰিক গাড়ীখনৰ এটা সৰু ভিডিঅ’ প্ৰকাশ কৰি কয়, “পিকচাৰ অভি বাকি হায় মেৰে দোষ্ট।”
ইয়াৰ উপৰিও ভবিষে ঘোষণা কৰিলে যে কেতিয়া উন্মোচন হ’ব সেয়া হ’ল ১৫ আগষ্টৰ বিয়লি ০২:০০ বজাত।
চলিত বৰ্ষৰ আৰম্ভণিতে ওলা ইলেক্ট্ৰিকে ভাৰতত অটোনোমাছ বাহন খণ্ডত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰিছিল। অ’লা ইলেক্ট্ৰিকে সেই সময়ত কৈছিল যে এই অটোনোমাছ ড্ৰাইভিং বৈশিষ্ট্য তেওঁলোকৰ দুচকীয়া বাহন অ’লা ইলেক্ট্ৰিক এছ ১ ছিৰিজৰ সৈতে আত্মপ্ৰকাশ নকৰে। বৰঞ্চ তেওঁলোকৰ আগন্তুক ইলেক্ট্ৰিক গাড়ীৰ বাবে এই প্ৰযুক্তিৰ বিকাশ কৰা হৈছে।
ভবিশ আগৰৱালাই লগতে নিশ্চিত কৰে যে এই বৈশিষ্ট্য কেৱল ভাৰতৰ বাবে নহয়, বিশ্ব বজাৰখনক মনত ৰাখিহে প্ৰস্তুত কৰা হৈছে, ভাৰতীয় অটো নিৰ্মাতা কোম্পানীটোৰ অভিলাষী বিশ্বমুখি পৰিকল্পনাৰ ইংগিত দিছে।
Published by: Manjumoni Borah
First published: August 13, 2022, 19:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|