EPFOই সলনি কৰিলে সূতৰ হাৰ। আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) ৰাজ্যসভাত এই কথা ঘোষণা কৰে। সেই অনুসৰি 8.4%ৰ পৰা ই 8.1% লৈ হ্ৰাস পাইছে EPFOৰ সূতৰ হাৰ।
নিৰ্মলা সীতাৰমণে কয়, "EPFOৰ এখন কেন্দ্ৰীয় বোৰ্ড আছে যিয়ে ইয়াৰ হিতাধাকাৰীসকলক কি হাৰত সূত দিব সেইটো নিৰ্ণয় কৰে আৰু বিগত কিছু সময়ৰ বাবে এই হাৰ সলনি কৰা হোৱানাই। তেওঁলোকে এতিয়া ইয়াক সলনি কৰিছে, 8.4%ৰ পৰা ই 8.1% লৈ হ্ৰাস কৰিছে।"
অৱশ্যে এই হাৰ এতিয়াও অনুমোদনৰ বাবে বিত্ত মন্ত্ৰালয়লৈ অহা নাই। ৰাজ্যসভাত এই কথা জনায় কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|