• Home
  • »
  • News
  • »
  • business
  • »
  • ৬ কোটি চাকৰিয়াললৈ আহি আছে ভাল খবৰ, পিএফ একাউণ্টত সোমাব ৮.৫% সুত, এই নম্বৰত মিছকল দিয়ক

৬ কোটি চাকৰিয়াললৈ আহি আছে ভাল খবৰ, পিএফ একাউণ্টত সোমাব ৮.৫% সুত, এই নম্বৰত মিছকল দিয়ক

 যদি আপুনি কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (EPFO) সদস্য, আপুনি লাভান্বিত হ'ব, এই দুই এদিনতে এটা ভাল খবৰ আহিব।

যদি আপুনি কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (EPFO) সদস্য, আপুনি লাভান্বিত হ'ব, এই দুই এদিনতে এটা ভাল খবৰ আহিব।

যদি আপুনি কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (EPFO) সদস্য, আপুনি লাভান্বিত হ'ব, এই দুই এদিনতে এটা ভাল খবৰ আহিব।

  • Share this:

চাকৰিয়ালসকলৰ বাবে এদিন বা দুদিনৰ ভিতৰত আহিব এটা ভাল খবৰ। পিএফ (PF) একাউণ্ট ধাৰকসকলে এই সপ্তাহত ৮.৫ শতাংশ সুত পাব। যদি আপুনি কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (EPFO) সদস্য, আপুনি লাভান্বিত হ'ব। দৰাচলতে, মোদী চৰকাৰে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে ৮.৫ শতাংশ সুত অনুমোদন জনাইছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, জুলাইৰ শেষত পিএফৰ ধন স্থানান্তৰ কৰিব পাৰি। অৰ্থাৎ, ৩১ জুলাইৰ ভিতৰত পিএফ একাউণ্ট ধাৰকসকলে তেওঁলোকৰ পিএফ একাউণ্টত ধন আহিব বুলি আশা কৰিব পাৰি।


জানক সবিশেষ
শ্ৰম মন্ত্ৰালয়ৰ (Ministry of Labour) অনুমোদনৰ পিছত  ইপিএফঅ' গ্ৰাহকৰ একাউণ্টত ৮.৫ শতাংশ হাৰত ধন জমা হ'ব। শেষবাৰৰ বাবে ২০১৯-২০ বিত্তীয় বৰ্ষত কে ৱাই চি (KYC) জনিত ভুলৰ বাবে বহুতো গ্ৰাহকে দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছিল। উল্লেখ্য যে ইপিএফঅ'ৱে ২০২০–২১ বিত্তীয় বৰ্ষৰ বাবে সুতৰ হাৰ (Interest on PF) ৮.৫ শতাংশত অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছিল। এয়া যোৱা ৭ বছৰত সুতৰ হাৰৰ সৰ্বনিম্ন স্তৰ। ইয়াৰ আগতে ২০১২-১৩ বৰ্ষত চৰকাৰে ৮.৫ শতাংশ হাৰত সুত দিছিল।


SMSৰ জৰিয়তে চাওক বেলেন্স
যদি আপোনাৰ UAN নম্বৰ ইপিএফঅ'ৰ সৈতে পঞ্জীয়ন কৰা হয়, আপোনাৰ পিএফ বেলেন্স এটা বাৰ্তাৰ জৰিয়তে জনা যাব। ইয়াৰ বাবে আপুনি ৭৭৩৮৩৯৯৮৯৯ত এটা EPFOHO লিখিব লাগিব। আপোনাৰ পিএফ তথ্য এটা বাৰ্তাৰ জৰিয়তে উপলব্ধ হ'ব।


যদি আপোনাক হিন্দী ভাষাত তথ্যৰ প্ৰয়োজন হয়, আপুনি EPFOHO UAN লিখিব লাগিব। এই পিএফ বেলেন্স জ্ঞাত সেৱা ইংৰাজী, পাঞ্জাৱী, মাৰাঠী, হিন্দী, কানাড়া, তেলুগু, তামিল, মালায়ালম আৰু বঙালী ভাষাত উপলব্ধ। পিএফ বেলেন্সৰ বাবে আপোনাক UAN, বেঙ্ক একাউণ্ট, পেন (PAN) আৰু আধাৰ (AADHAR)ৰ সৈতে সংযুক্ত কৰাটো প্ৰয়োজন।


মিছ কলৰ পৰা জানক বেলেন্স
ম'বাইল নম্বৰৰ পৰা আপুনি ০১১–২২৯০১৪০৬ নম্বৰত এটা মিছকল দিব লাগিব। তাৰ পিছত EPFOৰ বাৰ্তাৰ জৰিয়তে পিএফৰ বিৱৰণ উপলব্ধ হ'ব। ইয়াতো আপোনাৰ UAN, পেন আৰু আধাৰ লিংক থাকিব লাগিব।

Published by:Gautam Barman
First published: