কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ জমা ধনৰ ওপৰত ২০২১-২২ বৰ্ষৰ বাবে চাৰি দশকৰ ভিতৰত সৰ্বনিম্ন ৮.১ শতাংশ সুতৰ হাৰ বাবে চৰকাৰে অনুমোদন জনাইছে। EPFOৰ কাৰ্যালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে বাতৰি। এই সিদ্ধান্তই কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ড সংস্থাৰ (Employees’ Provident Fund Organisation, EPFO) প্ৰায় পাঁচ কোটি গ্ৰাহকক প্ৰভাৱিত কৰিব।
মাৰ্চ মাহত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে ভৱিষ্যনিধিৰ জমা ধনৰ ওপৰত ৮.১ শতাংশ সুতৰ হাৰ দিয়াৰ সিদ্ধান্ত লৈছিল চৰকাৰে, যিটো পূৰ্বে ৮.৫ শতাংশ আছিল। ১৯৭৭-৭৮ চনৰ ৮ শতাংশ সূতৰ হাৰৰ পিছত ৮.১ শতাংশ EPF সুতৰ হাৰ আটাইতকৈ কম।
শুকুৰবাৰে EPFOৰ কাৰ্যালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ইপিএফ আঁচনিৰ প্ৰতিজন সদস্যক ২০২১-২২ বৰ্ষৰ বাবে ৮.১ শতাংশ সুতৰ হাৰ জমা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন প্ৰদান কৰিছে। শ্ৰম মন্ত্ৰালয়ে এই প্ৰস্তাৱ বিত্ত মন্ত্ৰালয়লৈ সন্মতিৰ বাবে প্ৰেৰণ কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|