• Home
  • »
  • News
  • »
  • business
  • »
  • Earn Money: প্ৰতিদিনে মাত্ৰ ১৪ টকা বিনিয়োগ কৰি প্ৰতি মাহে লাভ কৰক ৫০০০ টকা, কেনেকৈ জানি লওক

Earn Money: প্ৰতিদিনে মাত্ৰ ১৪ টকা বিনিয়োগ কৰি প্ৰতি মাহে লাভ কৰক ৫০০০ টকা, কেনেকৈ জানি লওক

সাংকেতিক ছবি

সাংকেতিক ছবি

APY: এজন ব্যক্তিয়ে 18 বছৰ বয়সত আঁচনিখনত যোগদান কৰে, তেন্তে তেওঁ 60 বছৰ বয়সৰ পিছত প্ৰতি মাহে 5,000 টকাৰ মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে মাত্ৰ 210 টকা জমা কৰিব লাগিব।

  • Share this:
যদি আপুনি এক সুৰক্ষিত স্থানত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে, আপুনি চৰকাৰৰ অটল পেঞ্চন যোজনা (Atal Pension Yojana-APY)ত ধন বিনিয়োগ কৰিব পাৰে। উল্লেখ্য  যে অসংগঠিত খণ্ডত কাম কৰা লোকসকলৰ বাবে ২০১৫ চনত অটল পেঞ্চন যোজনা আৰম্ভ কৰা হৈছিল। ইয়াত 18ৰ পৰা 40 বছৰ বয়সৰ যিকোনো ভাৰতীয় নাগৰিক, যাৰ বেংক বা ডাকঘৰত একাউণ্ট আছে তেওঁলোকে এই আঁচনিখনত বিনিয়োগ কৰি পেঞ্চন লাভ কৰিব পাৰে। আঁচনিখনে ৬০ বছৰৰ পিছত জমাকৰ্তাসকলক পেঞ্চন দিয়া আৰম্ভ কৰে।

অটল পেঞ্চন যোজনা কি?
অটল পেঞ্চন আঁচনিত আপোনাৰ বিনিয়োগ আপোনাৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰে। আঁচনিখনে কমেও 1,000 টকা, 2000 টকা, 3000 টকা, 4000 টকা আৰু সৰ্বাধিক 5,000 টকাৰ মাহিলী পেঞ্চন প্ৰদান কৰিব পাৰে। যদি আপুনি এই পেঞ্চন আঁচনিৰ বাবে পঞ্জীয়ন কৰিব বিচাৰে, আপোনাৰ এটা সঞ্চয় একাউণ্ট, আধাৰ নম্বৰ আৰু এটা মোবাইল নম্বৰ থাকিব লাগিব।

প্ৰতি মাহে 10,000/- টকা
যদি এজন ব্যক্তিয়ে 18 বছৰ বয়সত আঁচনিখনত যোগদান কৰে, তেন্তে তেওঁ 60 বছৰ বয়সৰ পিছত প্ৰতি মাহে 5,000 টকাৰ মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে মাত্ৰ 210 টকা জমা কৰিব লাগিব। আনহাতে, 39 বছৰৰ তলৰ স্বামী আৰু পত্নীয়ে পৃথকে আঁচনিখন লাভ কৰিব পাৰে, যি তেওঁলোকক 60 বছৰ বয়সৰ পিছত প্ৰতি মাহে 10,000 টকাৰ পেঞ্চন প্ৰদান কৰিব।

এপিৱাই আঁচনিত ডেথ বেনিফিট
যদি এই আঁচনিৰ গ্ৰাহকৰ মৃত্যু হয় তেওঁৰ পত্নী ডিফল্টভাৱে নমিনী মনোনীত হয় আৰু পত্নীয়ে আঁচনিখনৰ সকলো বেনিফিট লাভ কৰে। পত্নীয়েও স্বামীৰ দৰে একে পেঞ্চন লাভ কৰে। পত্নী এগৰাকী জীয়াই নাথাকিলে হিতাধিকাৰীয়ে নিযুক্ত কৰা মনোনীত ব্যক্তিয়ে ইয়াৰ বাবে নিৰ্ধাৰিত কৰ্পাছৰ সুবিধা লাভ কৰে। অৰ্থাৎ, মনোনীত ব্যক্তিয়ে এক নিৰ্দিষ্ট পেঞ্চন লাভ কৰে।

কৰ বেনিফিট
অটল পেঞ্চন আঁচনিত বিনিয়োগ কৰা লোকসকলে আয়কৰ আইনৰ ৮০-চি ৰ অধীনত ১.৫ লাখ টকালৈকে কৰ বেনিফিট লাভ কৰে। ইয়াৰ ভিতৰত হিতাধিকাৰীৰ কৰযোগ্য উপাৰ্জন হ্ৰাস হয়। ইয়াৰ উপৰি বিশেষ ক্ষেত্ৰত 50,000 টকালৈকে অতিৰিক্ত কৰ বেনিফিট পাব পাৰে। এনেদৰে আঁচনিখনে ২ লাখ টকালৈকে কৰ ৰেহাইৰ সুবিধা দিয়ে।
Published by:Manjumoni Borah
First published: