মুখ্যপৃষ্ঠা » খবৰ

» ব্যৱসায়

»Atal Pension Yojana- APY : ঘৰত বহি প্ৰতি মাহে ৫,০০০ টকাৰ উপাৰ্জন বিচাৰে নেকি? বিনিয়োগ কৰক চৰকাৰী এই আঁচনিত ! কেনেকৈ, জানোঁ আহক সবিশেষ...

Atal Pension Yojana- APY : ঘৰত বহি প্ৰতি মাহে ৫,০০০ টকাৰ উপাৰ্জন বিচাৰে নেকি? বিনিয়োগ কৰক চৰকাৰী এই আঁচনিত ! কেনেকৈ, জানোঁ আহক সবিশেষ...

Manjumoni Borah | News18-Assam
Updated:August 31, 2021, 3:36 PM IST
Atal Pension Yojana- APY : ঘৰত বহি প্ৰতি মাহে ৫,০০০ টকাৰ উপাৰ্জন বিচাৰে নেকি? বিনিয়োগ কৰক চৰকাৰী এই আঁচনিত ! কেনেকৈ, জানোঁ আহক সবিশেষ...
যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে , তেন্তে আপুনি চৰকাৰৰ অটল পেঞ্চন যোজনা (Atal Pension Yojana- APY) ৰ অধিনত নিশ্চিতভাৱে ধন বিনিয়োগ কৰিব পাৰে।

যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে , তেন্তে আপুনি চৰকাৰৰ অটল পেঞ্চন যোজনা (Atal Pension Yojana- APY) ৰ অধিনত নিশ্চিতভাৱে ধন বিনিয়োগ কৰিব পাৰে।

  • Share this:
যদি আপুনি এক সুৰক্ষিত স্থানত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, আপুনি চৰকাৰৰ অটল পেঞ্চন যোজনা (Atal Pension Yojana- APY) ৰ অধিনত ধন বিনিয়োগ কৰিব পাৰে। উল্লেখ্য যে, অসংগঠিত খণ্ডত কাম কৰা লোকসকলৰ বাবে ২০১৫ চনত অটল পেঞ্চন যোজনা আৰম্ভ কৰা হৈছিল।  ১৮ ৰ পৰা ৪০ বছৰ বয়সৰ যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিখনত বিনিয়োগ কৰি পেঞ্চন লাভ কৰিব পাৰে, অৱশ্যে তেওঁলোকৰ বেঙ্ক বা ডাকঘৰত একাউণ্ট থকা বাধ্যতামূলক। এই আঁচনিখনৰ জড়িয়তে ৬০ বছৰৰ পিছত জমাকৰ্তাসকলক পেঞ্চন লাভ কৰাৰ সুবিধা প্ৰদান কৰা হৈছে।

অটল পেঞ্চন যোজনা কি ?

অটল পেঞ্চন আঁচনিত আপোনাৰ বিনিয়োগ আপোনাৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰে। আঁচনিখনে কমেও ১,০০০ টকাৰ পৰা সৰ্বাধিক ৫,০০০ টকাৰ মাহিলী পেঞ্চন প্ৰদান কৰিব পাৰে। যদি আপুনি এই পেঞ্চন আঁচনিৰ বাবে আপোনাৰ নাম পঞ্জীয়ন কৰিব বিচাৰে, তেন্তে আপোনাৰ এটা বেংক একাউণ্ট, আধাৰ নম্বৰ আৰু এটা মোবাইল নম্বৰ থাকিব লাগিব।

এই  আঁচনিৰ  লাভালাভবোৰ চাওক:

আপুনি যিমান সোনকালে অটল পেঞ্চন যোজনাত যোগদান কৰিব, আপুনি সিমানে অধিক লাভান্বিত হ'ব। যদি এজন ব্যক্তিয়ে ১৮বছৰ বয়সত অটল পেঞ্চন যোজনাৰ অধীনত নিজৰ নাম পঞ্জীয়ন কৰে, তেন্তে তেওঁ ৬০ বছৰ বয়সৰ পিছত প্ৰতি মাহে ৫০০০ টকাৰ মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে ২৪০ টকাকৈ জমা দিব লাগিব।

প্ৰতি মাহে ৫,০০০ টকাৰ পেঞ্চন লাভ :

অৰ্থাৎ এই আঁচনিখনত প্ৰতিদিনে ৭ টকা জমা দি আপুনি প্ৰতি মাহে ৫,০০০ টকাৰ পেঞ্চন লাভ কৰিব পাৰে। আঁচনিখনে প্ৰতি মাহে ১০ টকাৰ মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে মাত্ৰ ৪২ টকা জমা দিব লাগিব। ২,০০০টকাৰ পেঞ্চনৰ বাবে ৮৫ টকা, ৩,০০০ টকাত ১২৬ টকা আৰু ৪,০০০ টকাৰ মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে ১৬৮ টকাকৈ বেংক একাউণ্টত জমা থ'ব লাগিব।

কৰ লাভালাভ

অটল পেঞ্চন আঁচনিত বিনিয়োগ কৰা লোকসকলে আয়কৰ আইন ৮০ চি (80C) ৰ অধীনত ১.৫ লাখ টকালৈকে কৰ ৰেহাই লাভ কৰে। ইয়াৰ ভিতৰত, গ্ৰাহকৰ কৰযোগ্য উপাৰ্জন হ্ৰাস কৰা হয়। ইয়াৰ উপৰিও, বিশেষ ক্ষেত্ৰত ৫০,০০০টকালৈকে অতিৰিক্ত কৰ ৰেহাইৰ সুবিধা প্ৰদান কৰা হয়। এনেদৰে আঁচনিখনে ২ লাখ টকালৈকে টেক্স বেনিফিট লাভ কৰৰ সুবিধা প্ৰদান কৰিছে।

এ.পি.ৱাই.(APY)-ৰ মৃত্যুৰ লাভালাভ :

যদি এই আঁচনিৰ গ্ৰাহকৰ মৃত্যু হয়, তেওঁৰ পত্নীয়ে ডিফল্টভাৱে মনোনীত হ'ব আৰু পত্নীগৰাকীয়ে আঁচনিখনৰ সকলো লাভ পোৱাৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাত পত্নীয়েও গ্ৰাহকজনৰ দৰে একে পেঞ্চন লাভ কৰিব। পত্নী এগৰাকী জীয়াই নাথাকিলে, গ্ৰাহকে নিযুক্ত কৰা মনোনীত ব্যক্তিয়ে ইয়াৰ বাবে নিৰ্ধাৰিত কৰ্পছৰ সুবিধা লাভ কৰে। অৰ্থাৎ, মনোনীত ব্যক্তিয়ে এক নিৰ্দিষ্ট পেঞ্চন লাভ কৰিব।
Published by: Manjumoni Borah
First published: August 31, 2021, 3:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি