মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »Liquor Sale Record: কোৰোণা কালত সুৰা বিক্ৰীৰ সৰ্বকালৰ অভিলেখ ভংগ, লকডাউন, সান্ধ্য আইন সত্বেও অভিলেখ হাৰত সুৰা বিক্ৰী

Liquor Sale Record: কোৰোণা কালত সুৰা বিক্ৰীৰ সৰ্বকালৰ অভিলেখ ভংগ, লকডাউন, সান্ধ্য আইন সত্বেও অভিলেখ হাৰত সুৰা বিক্ৰী

সাংকেতিক ছবি (সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক)

সাংকেতিক ছবি (সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক)

Liquor Sale Record: আবকাৰী বিভাগৰ সূত্ৰই কয় যে ২০২০ চনৰ জুনৰ পৰা ২০২১ চনৰ ডিচেম্বৰলৈকে পশ্চিম বংগ (West Bengal)ত সুৰাৰ বিক্ৰীৰ পৰা ২৩,০০০ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰা হৈছে।

  • Share this:
কোভিড মহামাৰী (Covid Pandemic) আৰম্ভ হেৱাৰ পৰা হোৱা লকডাউন আৰু সান্ধ্য আইনৰ মাজতো সুৰাপায়ীসকল থমকি নৰ'ল। বিপৰীতে সমগ্ৰ কোৰোণা কালত সুৰাৰ বিক্ৰীয়ে অভিলেখ (Liquor Sell Record) ৰচিলে। কোভিড-19 মহামাৰীৰ সময়ছোৱাত পশ্চিম বংগ (West Bengal)ত সুৰাৰ বিক্ৰীয়ে সৰ্বকালৰ সকলো অভিলেখ অতিক্ৰম কৰিছে। আবকাৰী বিভাগৰ তথ্যই দেখুৱাইছে যে সুৰাৰ বিক্ৰী সৰ্বোচ্চ স্তৰলৈ বৃদ্ধি পাইছে বিশেষকৈ যোৱা ১৮ মাহত।

আবকাৰী বিভাগৰ সূত্ৰই কয় যে ২০২০ চনৰ জুনৰ পৰা ২০২১ চনৰ ডিচেম্বৰলৈকে পশ্চিম বংগত সুৰাৰ বিক্ৰীৰ পৰা ২৩,০০০ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰা হৈছে। আনহাতে তথ্যই দেখুৱাইছে যে 2017-2018 আৰু 2018-2019 বৰ্ষত সুৰা বিক্ৰীৰ জৰিয়তে উপাৰ্জন কৰা ৰাজহ আছিল 19,000 কোটি টকা।

বিষয়াসকলে কয় যে কৰোনা ভাইৰাছ (Corona Virus)ৰ সময়ছোৱাত এই পৰিসংখ্যা সৰ্বকালৰ সৰ্বাধিক আছিল আৰু 2021 চনত আটাইতকৈ বেছি সুৰা বিক্ৰী নথিভুক্ত কৰা হৈছিল।

এই সময়ছোৱাত দেশীয় সুৰা আছিল বেষ্টচেলাৰ, মুঠ বিক্ৰীৰ 35 শতাংশ আছিল দেশীয় সুৰাৰ বিক্ৰী। বিয়েৰ আৰু বিদেশী সুৰাও উচ্চ হাৰত বিক্ৰী হৈছিল। বিষয়াসকলে কয়, "লকডাউন (Lockdown) বা আনকি নিশাৰ কাৰফিউ (Night Curfew) সত্বেও কৰোনাভাইৰাছ ৰ সময়ত বিক্ৰী সৰ্বাধিক হৈছে।"

২০২০ আৰু ২০২১ দুয়োটা বছৰতে দুৰ্গা পূজা আৰু খ্ৰীষ্টমাছত অভূতপূৰ্ব হাৰত সুৰা বিক্ৰী হৈছিল। অন্যান্য জিলাৰ তুলনাত সুৰা বিক্ৰীৰ তালিকাত কলকাতা শীৰ্ষস্থানত আছে।

2021 চনত কেৱল দুৰ্গা পূজাৰ সময়তে সুৰাৰ পৰা ৪০৪ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰা হৈছিল। ইফালে ২৫ৰ পৰা ৩১ ডিচেম্বৰৰ পৰা উপাৰ্জন কৰা ৰাজহ আছিল ৬৫০ কোটি টকা। হোম ডেলিভাৰী এপৰ জৰিয়তে ক্ৰয় কৰাটোও উচ্চ বিক্ৰীৰ এটা কাৰণ আছিল।

এক সূত্ৰই কয় যে ৰাজ্য চৰকাৰে দোকান, বাৰ আৰু ৰেষ্টুৰেণ্টৰ বাবে সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো সৰল কৰাৰ বাবে বিবেচনা কৰি আছে।

শেহতীয়া বাতৰি