• Home
  • »
  • News
  • »
  • business
  • »
  • Dream Job: এইটো চাকৰিত বিচনাত শুই থকাটোৱেই কাম ! বছৰত ২৫ লাখ টকা দৰমহা, শুবলৈও কোম্পানীয়ে ঘৰতেই দি যাব গাদী

Dream Job: এইটো চাকৰিত বিচনাত শুই থকাটোৱেই কাম ! বছৰত ২৫ লাখ টকা দৰমহা, শুবলৈও কোম্পানীয়ে ঘৰতেই দি যাব গাদী

Dream Job : চাকৰিটোৰ চৰ্তটো হ'ল চাকৰি বিচৰা ব্যক্তিজনে সপ্তাহত ৩৭.৫ঘণ্টা শুব লাগিব, অৰ্থাৎ দিনে প্ৰায় ৬ ঘণ্টা টিভি চাই  বা বিচনাত শুই কটাব লাগিব। 

Dream Job : চাকৰিটোৰ চৰ্তটো হ'ল চাকৰি বিচৰা ব্যক্তিজনে সপ্তাহত ৩৭.৫ঘণ্টা শুব লাগিব, অৰ্থাৎ দিনে প্ৰায় ৬ ঘণ্টা টিভি চাই  বা বিচনাত শুই কটাব লাগিব। 

Dream Job : চাকৰিটোৰ চৰ্তটো হ'ল চাকৰি বিচৰা ব্যক্তিজনে সপ্তাহত ৩৭.৫ঘণ্টা শুব লাগিব, অৰ্থাৎ দিনে প্ৰায় ৬ ঘণ্টা টিভি চাই  বা বিচনাত শুই কটাব লাগিব। 

  • Share this:
আমাৰ মাজৰ বহুলোকে ঘৰত বহি সময় কটাব নোৱাৰে। তেওঁলোকে সকলো সময়তে কিবা নহয় কিবা কৰিবলগীয়া হয়েই। অৱশ্যে এনে কিছুমান লোকো আছে যি  যিয়ে একো কামেই কৰিব নিবিচাৰে। তেওঁলোক ইমানেই আৰাম প্ৰিয় যে অফিচলৈ যোৱা আৰু কাম কৰাটো কঠিন হৈ পৰে। এতিয়া ইউকে (Britain)ৰ এটা কোম্পানীয়ে আৰাম বিচৰা লোকসকলৰ বাবে বিশেষ চাকৰি কৰাৰ সুযোগ আগবঢ়াইছে। এই কামত, কেৱল বিচনাত পৰি থাকি (Mattress Testing Job) টিভি চাই চাই টোপনি যাওক।

চাকৰিটোৰ বিশেষত্বটো হ'ল কৰ্মচাৰীজনে আনকি ক'লৈও যাবও নালাগে। গাদীখন ঘৰলৈ  কোম্পানীটোৱেই পঠিয়াব য'ত কৰ্মচাৰীজন শুব লাগিব। আপুনি কথাটো জানি নিশ্চয় আচৰিত হৈছে অথবা মিছা বুলি ভাবিছছে, কিন্তু দ্য চানৰ প্ৰতিবেদন অনুসৰি, বিলাসী বিচনা কোম্পানী  ক্ৰাফ্টেড বেডছ (Crafted Beds )য়ে এই কামটো আগবঢ়াইছে। যিসকলে এই চাকৰিত যোগদান কৰে তেওঁলোকে প্ৰতিদিনে ৬-৭ ঘণ্টা বিচনাত কটাব লাগিব।

ঘণ্টাৰ পিছত ঘণ্টা কেৱল টোপনি যোৱাৰ কাম-

দৰাচলতে, তৈয়াৰ কৰা ক্ৰাফ্টেড বেডছ (Crafted Beds )ৰ দ্বাৰা মেট্ৰেছ পৰীক্ষক নিযুক্ত কৰা হৈছে। নিযুক্ত ব্যক্তিজনক কোম্পানীটোৱে বাৰ্ষিক ২৪,০০০পাউণ্ড, বা ভাৰতীয় মুদ্ৰাত প্ৰায় ২৫ লাখ টকা দৰমহা দিব। মেট্ৰেছ পৰীক্ষকে সাপ্তাহিক ভিত্তিত উচ্চ মানদণ্ডৰ মেট্ৰেছ পৰীক্ষা কৰিব লাগিব আৰু কোম্পানীটোৱে গ্ৰাহকক জনাব লাগিব যে এই মেট্ৰেছবোৰ কেনেকুৱা আৰু ইয়াক কেনেধৰণে আৰু অধিক কি উন্নত কৰিব পৰা যায়। চাকৰিটোৰ চৰ্তটো হ'ল চাকৰি বিচৰা ব্যক্তিজনে সপ্তাহত ৩৭.৫ঘণ্টা শুব লাগিব, অৰ্থাৎ দিনে প্ৰায় ৬ ঘণ্টা টিভি চাই  বা বিচনাত শুই কটাব লাগিব।

চাকৰিটোৰ বাবে চৰ্তও ৰখা হৈছে !

ক্ৰাফ্টেড বেডছৰ মাৰ্কেটিং মেনেজাৰ ব্ৰায়ান ডিলনে কৈছে যে কামটো সম্পূৰ্ণৰূপে এটা ৰিমৰ্ট জব। ইয়াৰ বাবে কৰ্মচাৰীসকলে কাৰ্যালয়লৈ অহাৰ কোনো প্ৰয়োজন নাই, তেওঁলোকৰ ঘৰলৈ মেট্ৰেছ পঠিয়াই দিয়া হ'ব। এই চাকৰিটোৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্তটো হ'ল আবেদনকাৰী ইউকেৰ বাসিন্দা হ'ব লাগে। তেওঁলোকে কোনো বাধা অবিহনে কেৱল নিজে মেট্ৰেছবোৰ পৰীক্ষা কৰিব লাগিব। তেওঁৰ কমিউনিকেচন স্কীল ভাল হ'ব লাগে যাতে তেওঁ গাদীৰ পুনৰীক্ষণ লিখিব পাৰে আৰুএই পৰ্যালোচনাবোৰ সাপ্তাহিকভাৱে লিখি পঠিয়াব লাগিব।
Published by:Manjumoni Borah
First published: