• Home
  • »
  • News
  • »
  • business
  • »
  • যুৱ ভাৰতীয়সকলৰ মাজত ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে

যুৱ ভাৰতীয়সকলৰ মাজত ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে

এটা সময় আছিল যেতিয়া ডায়েবেটিচৰ ঘটনা বিৰল আছিল। সেইসময়ত কোনো আত্মীয় ডায়েবেটিচত আক্ৰান্ত হোৱা বুলি নিৰ্ণয় হোৱা ঘটনাক এক গুৰুত্বপূৰ্ণ ঘটনা বুলি গণ্য কৰা হৈছিল।

এটা সময় আছিল যেতিয়া ডায়েবেটিচৰ ঘটনা বিৰল আছিল। সেইসময়ত কোনো আত্মীয় ডায়েবেটিচত আক্ৰান্ত হোৱা বুলি নিৰ্ণয় হোৱা ঘটনাক এক গুৰুত্বপূৰ্ণ ঘটনা বুলি গণ্য কৰা হৈছিল।

এটা সময় আছিল যেতিয়া ডায়েবেটিচৰ ঘটনা বিৰল আছিল। সেইসময়ত কোনো আত্মীয় ডায়েবেটিচত আক্ৰান্ত হোৱা বুলি নিৰ্ণয় হোৱা ঘটনাক এক গুৰুত্বপূৰ্ণ ঘটনা বুলি গণ্য কৰা হৈছিল।

  • Share this:
এইটো স্পষ্ট যে ভাৰতত ডায়েবেটিচত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। এটা সময় আছিল যেতিয়া ডায়েবেটিচৰ ঘটনা বিৰল আছিল। সেইসময়ত কোনো আত্মীয় ডায়েবেটিচত আক্ৰান্ত হোৱা বুলি নিৰ্ণয় হোৱা ঘটনাক এক গুৰুত্বপূৰ্ণ ঘটনা বুলি গণ্য কৰা হৈছিল। বৰ্তমান সময়ত ডায়েবেটিচৰ দ্বাৰা আক্ৰান্ত নোহোৱা পৰিয়াল এটা বিচাৰি পোৱাটো অতিকৈ বিৰল।

আন্তৰ্জাতিক ডায়েবেটিচ ফেডাৰেচন এটলাচ 2019-এ অনুমান কৰিছিল যে 2019 চনলৈকে ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাত প্ৰায় 77 নিযুত ডায়েবেটিচত আক্ৰান্ত লোক আছে। ই এইটোও ভৱিষ্যতবাণী কৰিছে যে ডায়েবেটিচত আক্ৰান্ত লোকৰ এই সংখ্যা 2030 চনত 101 নিযুত আৰু 2045 চনত 134 নিযুতলৈ বৃদ্ধি হ'ব1। কেৱল এয়াই নহয়, অন্য এটা বিপদজনক ধাৰা আছে যিটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। সেয়া হৈছে ডায়েবেটিচত আক্ৰান্ত হোৱা যুৱ প্ৰাপ্তবয়স্ক আৰু শিশুৰ বৰ্ধিত সংখ্যা1। ডায়েবেটিচত আক্ৰান্ত লোকৰ সংখ্যাৰ এই বৃদ্ধিত একাধিক বিপদাশংকাৰ কাৰকে অৰিহণা যোগায়। সেই কাৰকসমূহ হৈছে কম সক্ৰিয় জীৱনশৈলী, অত্যধিক সংসাধিত খাদ্য ইত্যাদি2।



শিশু আৰু যুৱ প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত অৱশ্যে বিপদাশংকাসমূহ কেৱল টাইপ 2 ডায়েবেটিচতে সীমাবদ্ধ নহয়: টাইপ 1 ডায়েবেটিচো আছে যি প্ৰায় একচেটিয়াভাৱে শিশু আৰু যুৱ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত আক্ৰান্ত হোৱা দেখা যায়। বিশ্বব্যাপী 20 বছৰতকৈ কম বয়সৰ 1,110,100 শিশু আৰু কিশোৰ টাইপ 1 ডায়েবেটিচত আক্ৰান্ত বুলি অনুমান কৰা হৈছে। অনুমান কৰা হৈছে যে শিশু আৰু কিশোৰসকলৰ মাজত টাইপ 1 ডায়বেটিচৰ ঘটনা বাৰ্ষিক 3% বৃদ্ধি হৈ আছে1।

টাইপ 1 ডায়েবেটিচ কি, আৰু ই টাইপ 2 ডায়েবেটিচতকৈ কেনেদৰে পৃথক?

টাইপ 1 ডায়বেটিচত ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে অগ্ন্যাশয়ক আক্ৰমণ কৰে যাৰ ফলত ইইনচুলিন প্ৰস্তুত কৰাৰ ক্ষমতা ক্ষতিগ্ৰস্ত হয়3। এই ধৰণৰ ডায়েবেটিচ সাধাৰণতে আনুবংশিক কাৰকসমূহৰ পৰা উদ্ভৱ হয়4। টাইপ 2 ডায়বেটিচৰ ক্ষেত্ৰত আক্ৰান্ত হোৱাৰ পিছতো অগ্ন্যাশয়ে ইনচুলিন প্ৰস্তুত কৰি থাকে কিন্তু শৰীৰে ইনচুলিনৰ প্ৰতিৰোধ বিকাশ কৰে। অগ্ন্যাশয়ে অধিক পৰিমাণৰ ইনচুলিন প্ৰস্তুত কৰি থাকে যাৰফলত অৱশেষত অংগটো অসাৰ হৈ পৰে। কিছু বিৰল ক্ষেত্ৰত অগ্ন্যাশয়ে ইনচুলিন প্ৰস্তুত কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে।

এটা সচৰাচৰ ভুল ধাৰণা আছে যে টাইপ 2 ডায়েবেটিচ বা 'প্ৰাপ্তবয়স্ক-আৰম্ভণি' ডায়েবেটিচে কেৱল বৃদ্ধসকলকহে প্ৰভাৱিত কৰে। দুৰ্ভাগ্যবশতঃ এতিয়া আৰু এনে নহয়। ভাৰতত 25 বছৰৰ তলৰ প্ৰতি চাৰিজন লোকৰ মাজত এজনৰ (25.3%) প্ৰাপ্তবয়স্ক-আৰম্ভণি টাইপ 2 ডায়বেটিচ আছে3।

টাইপ 2 ডায়বেটিচ বিভিন্ন কাৰকৰ বাবে হ'ব পাৰে, যেনে আহাৰ, সীমিত শাৰীৰিক সক্ৰিয়তা, বা আনুবংশিক প্ৰৱণতা। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে শৈশৱকালৰ মেদবহুলতাৰ আকাশচুম্বী হাৰ হৈছে শিশুৰ টাইপ ২ ডায়বেটিচৰ ঘটনাৰ আকস্মিক বৃদ্ধিৰ বাবে দায়ী এটা কাৰক5।

ভাল খবৰটো হ'ল যে টাইপ 2 ডায়বেটিচত আক্ৰান্ত হোৱা যুৱক-যুৱতীসকলক ইনচুলিন পৰিপূৰকৰ প্ৰয়োজন নহ'বও পাৰে, বিশেষকৈ যদিহে ৰোগটো সোনকালে চিনাক্ত কৰা হয়। কেইবাটাও জীৱনশৈলীৰ পদক্ষেপ আৰু ঔষধ আছে যিবোৰ ডায়েবেটিচ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি, আনকি ডায়েবেটিচত সোনকালে আক্ৰান্ত হ'লেও2। অৱশ্যে আগতীয়াকৈ ডায়েবেটিচত আক্ৰান্ত হোৱাৰ অৰ্থ হৈছে যে ডায়েবেটিচ দীঘলীয়া সময়ৰ বাবে শৰীৰত থাকে, যাৰ ফলত ব্যক্তিজনৰ ডায়েবেটিচৰ সৈতে সম্পৰ্কিত দীৰ্ঘম্যাদী জটিলতা হোৱাৰ অধিক বিপদাশংকা থাকে6। এইবোৰে কেইবাটাও অংগ প্ৰণালীক প্ৰভাৱিত কৰিব পাৰে। যাৰ ভিতৰত আটাইতকৈ কমকৈ পৰিচিতটো হৈছে ডায়েবেটিক ৰেটিন’পেথীৰ (DR) ফলত ডায়েবেটিচ আৰু দৃষ্টিশক্তি হ্ৰাসৰ মাজৰ সম্পৰ্কটো।

ডায়েবেটিচ আৰু চকুৰ ওপৰত ইয়াৰ প্ৰভাৱ

ডায়েবেটিক ৰেটিন’পেথী হৈছে ডায়েবেটিচৰ ফলত হোৱা চকু সম্পৰ্কীয় জটিলতা যিয়ে ৰেটিনাক প্ৰভাৱিত কৰে। উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰৰ ফলত চকুৰ ৰক্তনলীবোৰ ফাটিব পাৰে, ফুলিব পাৰে, বা ক্ষৰণ হ'ব পাৰে; যিয়ে চকুৰ ক্ষতি সাধন কৰে। প্ৰাৰম্ভিক পৰ্যায়ত ডায়েবেটিক ৰেটিন’পেথী লক্ষণহীন হয় কিন্তু অৱস্থাটো আগবাঢ়ি যোৱাৰ লগে লগে ই পঢ়াত অসুবিধা, অস্পষ্ট দৃষ্টিশক্তি, ওপঙি থকা দাগ, আৰু দৃষ্টিশক্তিৰ অন্যান্য জটিলতাৰ সৃষ্টি কৰিব পাৰে। যদিহে সময়ত ধৰা নপৰে তেনেহ'লে ইয়াৰ ফলত স্থায়ীভাৱে দৃষ্টি শক্তি হেৰুৱাব লগা হব পাৰে7।

ই টাইপ 1 আৰু টাইপ 2 ডায়বেটিচ দুয়োটাতে আক্ৰান্ত হোৱা লোকক প্ৰভাৱিত কৰে আৰু ডায়েবেটিচ সম্পৰ্কীয় বহুতো জটিলতাৰ দৰে সময়ৰ লগে লগে ডায়েবেটিক ৰেটিন’পেথীত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি হয়। যেতিয়া কোনোবা এজন ব্যক্তি টাইপ 1 ডায়বেটিচত আক্ৰান্ত হোৱা বুলি ধৰা পৰে তেতিয়া এইয়া অতি বিৰল যে তেওঁলোক একেসময়তে ডায়েবেটিক ৰেটিন’পেথীত আক্ৰান্ত হোৱা বুলিও ধৰা পৰে। অৱশ্যে সময় যোৱাৰ লগে লগে ডায়েবেটিক ৰেটিন’পেথীত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও বৃদ্ধি হয়। 20 বছৰত টাইপ 1 ডায়েবেটিচত আক্ৰান্ত প্ৰায় 99% লোকৰ বিভিন্ন উন্নত লক্ষণ দেখা পোৱা গৈছে8।

যিসকল লোক টাইপ 2 ডায়েবেটিচ ৰোগত আক্ৰান্ত হৈছে তেওঁলোকৰ পৰিস্থিতিবোৰ পৃথক হয়। প্ৰাৰম্ভিক ৰোগ নিৰ্ণয়ৰ সময়তে ডায়েবেটিক ৰেটিন’পেথীত আক্ৰান্ত হব পাৰে আৰু টাইপ 1 ডায়বেটিচৰ ক্ষেত্ৰত সময়ৰ লগে লগে ডায়েবেটিক ৰেটিন’পেথীত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। 20 বছৰত টাইপ 2 ডায়েবেটিচত আক্ৰান্ত হোৱা প্ৰায় 60% লোকে ডায়েবেটিক ৰেটিন’পেথীৰ লক্ষণ দেখুৱায়8।

ডায়েবেটিক ৰেটিন’পেথী আৰু আপুনি

ভাল খবৰটো এইয়াই যে ডায়েবেটিক ৰেটিন’পেথীৰ ফলত দৃষ্টিশক্তি হ্ৰাস পোৱাটো ইয়াৰ প্ৰাৰম্ভিক স্তৰতে বন্ধ কৰিব পাৰি, যদিহে ইয়াক সোনকালে ধৰা পেলোৱা হয়9। ডায়েবেটিক ৰেটিন’পেথী ধৰা পৰাৰ পিছত আপুনি আৰু আপোনাৰ চিকিৎসকে আপোনাৰ ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু আপোনাৰ দৃষ্টিশক্তিৰ অধিক ক্ষতি প্ৰতিহত কৰিবলৈ আপোনাৰ বাবে এক স্পষ্ট পথ নিৰ্ধাৰণ কৰিব পাৰে9। অৱশ্যে প্ৰথম পদক্ষেপটো হৈছে সঠিকভাৱে ৰোগ নিৰ্ণয় কৰা।

ডায়েবেটিক ৰেটিন’পেথী আপোনাৰ চকু বিশেষজ্ঞৰ দ্বাৰা ডায়েবেটিক ৰেটিন’পেথী স্ক্ৰীণিং চকু পৰীক্ষা ব্যৱহাৰ কৰি নিৰ্ণয় কৰিব পাৰি6। ডায়েবেটিক ৰেটিন’পেথী আৰু ডায়েবেটিক ৰেটিন’পেথী সম্পৰ্কীয় দৃষ্টিশক্তি হ্ৰাস প্ৰতিৰোধ কৰিব পৰা উপায়সমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ, Network18-এ 2021 চনত Novartis-ৰ সহযোগত 'Netra Suraksha' - India Against Diabetes পদক্ষেপ আৰম্ভ কৰিছিল। এতিয়া ইয়াৰ দ্বিতীয় বৰ্ষত এই পদক্ষেপটোৰ জৰিয়তে সমগ্ৰ দেশতে ব্যক্তিগত স্বাস্থ্য শিবিৰ আয়োজনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

ডায়েবেটিক ৰেটিন’পেথী সম্পৰ্কীয় দৃষ্টিশক্তি হেৰুওৱাৰ বিৰুদ্ধে এই যুঁজত নিজকে আৰু আপোনাৰ প্ৰিয়জনক তথ্যৰে সজ্জিত কৰি আমাৰ সৈতে যোগদান কৰক। আপুনি Netra Suraksha পদক্ষেপৰ ৱেবছাইটত চিজন 1-ৰ নীতি নিৰ্মাতা, চিকিৎসক আৰু চিন্তনগোটৰ দ্বাৰা নিৰ্মিত তথ্যপূৰ্ণ প্ৰবন্ধ, ভিডিঅ' আৰু ঘূৰণীয়া মেজৰ আলোচনাসমূহ প্ৰাপ্ত কৰিব পাৰে। https://www.news18.com/netrasuraksha/.



তথ্যসূত্ৰ:

IDF Atlas, International Diabetes Federation, 9th edition, 2019. Available at: https://diabetesatlas.org/atlas/ninth-edition/ [Accessed 3 Aug 2022]
Type 2 Diabetes in Children. Available at: https://www.mayoclinic.org/diseases-conditions/type-2-diabetes-in-children/symptoms-causes/syc-20355318 [Accessed 3 Aug 2022]
One in every four of India’s youth suffer from deadlier type 2 diabetes. Available at: https://www.hindustantimes.com/health/world-diabetes-day-one-in-every-four-of-india-s-youth-suffer-from-the-deadlier-type-2/story-LP4ugRJ5qqLNITYg24xCbO.html [Accessed 3 Aug 2022]
Type 1 Diabetes. Available at: https://medlineplus.gov/genetics/condition/type-1-diabetes/ [Accessed 3 Aug 2022]
Generation Diabetes: Why the Youngest Type 2 Diabetes Patients Are the Sickest. Available at: https://www.healthline.com/health-news/why-the-youngest-type-2-diabetes-patients-are-the-sickest#The-fight-to-control-blood-sugar- [Accessed 3 Aug 2022]
Complications of Diabetes. Available at: https://www.diabetes.org.uk/guide-to-diabetes/complications [Accessed 3 Aug 2022]
Diabetic Retinopathy is on the rise in young people. Here's how you can control it! Available at: https://www.news18.com/news/lifestyle/diabetic-retinopathy-is-on-the-rise-in-young-people-heres-how-you-can-control-it-4586237.html [Accessed 3 Aug 2022]
Bryl A, Mrugacz M, Falkowski M, Zorena K. The Effect of Diet and Lifestyle on the Course of Diabetic Retinopathy-A Review of the Literature. Nutrients. 2022 Mar 16;14(6):1252. Available at: https://www.ncbi.nlm.nih.gov/pmc/articles/PMC8955064/ [Accessed 3 Aug 2022]
Abràmoff MD, Reinhardt JM, Russell SR, Folk JC, Mahajan VB, Niemeijer M, Quellec G. Automated early detection of diabetic retinopathy. Ophthalmology. 2010 Jun;117(6):1147-54. Available at: https://www.ncbi.nlm.nih.gov/pmc/articles/PMC2881172/ [Accessed 3 Aug 2022]
First published: