মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »মাত্ৰ ২৫ টকাত ইলিচ মাছ ! কোন ঠাইত পোৱা গৈছে এই অফাৰ, জানিবলৈ পঢ়ক এই প্ৰতিবেদন ...

মাত্ৰ ২৫ টকাত ইলিচ মাছ ! কোন ঠাইত পোৱা গৈছে এই অফাৰ, জানিবলৈ পঢ়ক এই প্ৰতিবেদন ...

Hilsa Fish: মাত্ৰ ২৫ টকাত ইলিচ মাছ ! কোন ঠাইত পোৱা গৈছে এই অফাৰ !মাছ বজাৰত নহয় গেলামাল দোকানীয়ে দিছে এই অফাৰ।

Hilsa Fish: মাত্ৰ ২৫ টকাত ইলিচ মাছ ! কোন ঠাইত পোৱা গৈছে এই অফাৰ !মাছ বজাৰত নহয় গেলামাল দোকানীয়ে দিছে এই অফাৰ।

  • Share this:
২৫ টকাত ইলিচ মাছ।  স্বাভাৱিকতে বহুতে শুনি আচৰিত হ'ব।  কিন্তু আচলতে এইটোৱেই হৈ আছে।  কিন্তু এয়া অসমত নহয়।  এই খবৰ বাংলাদেশৰ।  তাত এজন গেলামালৰ ব্যৱসায়ীয়ে ২৫ টকাত ইলিচ মাছ বিক্ৰী কৰি আছে।  খবৰ ওলোৱাৰ পিছতে হুলস্থুল লাগিছে সংবাদ মাধ্যমত।

বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ঢাকাৰ দক্ষিণ অঞ্চলৰ গেলামালৰ ব্যৱসায়ী মহম্মদ জুৱেলে ২৫ টকাত দুটুকুৰা ইলিচ মাছ বিক্ৰী কৰে।  কেৱল সেয়াই নহয়, এই দোকানখনত ৫ টকাত শুকান মাছ , ৩ টকাত চাহপাত, ১ টকাত মুৰি , ১৫ টকাত তেলাপিয়া মাছ, ৪০ টকাত ৰৌ মাছ, ৫ টকাত দালি, ২ টকাত চেনিৰ লগতে নিমখ পোৱা যায় ১ টকাৰ বিনিময়ত।বৰ্তমানে এই দোকানখনক লৈ যথেষ্ট আলোড়নৰ সৃষ্টি হৈছে সমগ্ৰ বাংলাদেশতে ।

কিন্তু বহুতে এই কথা শুনি আচৰিত হ’ব যে কেনেকৈ বৰ্তমানৰ বজাৰত দোকানীজনে ইমান কম দামত সামগ্ৰী বিক্ৰী কৰি আছে। ব্যৱসায়ী জুৱেলে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ বাস কৰা অঞ্চলটোত সাধাৰণতে দৰিদ্ৰ লোকৰ বসতি প্ৰধান।  তেওঁলোক বেছিভাগেই দিন হাজিৰা কৰা শ্ৰমিক।  কম টকাৰে পৰিয়ালটো চলাবলৈ বহু কষ্ট কৰে তেওঁলোকে । ফলত বহুত টকা খৰচ কৰি মছলা, তেল আদিৰ বজাৰ কৰিব নোৱাৰি।  গতিকে জুৱেলে নিজেই কম পৰিমাণৰ মছলা, তেল বা মাছ আদিৰ সৰু সৰু পেকেট বনায়।  সেই পেকেটটোৰ দাম নাম মাত্ৰ ৰাখে  আৰু এই পেকেটবোৰ বিক্ৰী কৰে শ্ৰমিক সকলৰ মাজত।

বৰ্তমানে বাংলাদেশৰ বজাৰত ইলিচৰ দাম প্ৰতি কেজিত ৮০০-১২০০ টকা। অসমত ইয়াৰ দাম প্ৰায় আকাশলংঘী।  এনে অৱস্থাত ইলিচ মাত্ৰ ২৫ টকাত বিক্ৰী হোৱা বুলি শুনি বহু লোকে উক্ত গেলামাল দোকানখনলৈ ভিৰ কৰে।  জুৱেলে কয় যে এতিয়ালৈকে ইলিচৰ  দাম বজাৰত বহুত আৰু শ্ৰমিকসকলে এটা গোটা মাছ কিনি খোৱা এক প্ৰকাৰ অসম্ভৱ।  এই অঞ্চলৰ বাসিন্দাসকলে ইচ্ছা কৰিলেও কিনিব পৰা নাছিল।  কিন্তু এতিয়া মাত্ৰ ২৫ টকীয়া ইলিচ মাছৰ পেকেটে সেই অঞ্চলৰ বাসিন্দাসকলৰ মুখত হাঁহি বিৰিঙাইছে। কেৱল তেল, মছলা, মাছ নহয়, জুৱেলে এতিয়াৰ পৰা এনে পেকেটত শাক-পাচলি বিক্ৰী কৰিব বিচাৰিছে। জুৱেলৰ এই পদক্ষেপে অঞ্চলটোত আনন্দৰ সৃষ্টি কৰিছে।

শেহতীয়া বাতৰি