• Home
  • »
  • News
  • »
  • business
  • »
  • DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে অপেক্ষাৰ অন্ত, কাইলৈ পাব ভাল খবৰ, ডিয়াৰনেছ ভাট্টা সম্পৰ্কে গুৰুত্বপূৰ্ণ আপডেট পঢ়ক

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে অপেক্ষাৰ অন্ত, কাইলৈ পাব ভাল খবৰ, ডিয়াৰনেছ ভাট্টা সম্পৰ্কে গুৰুত্বপূৰ্ণ আপডেট পঢ়ক

সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লোৱা কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা বৃদ্ধি হ’ব।

সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লোৱা কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা বৃদ্ধি হ’ব।

সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লোৱা কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা বৃদ্ধি হ’ব।

  • Share this:
কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ। কৰ্মচাৰীৰ বাবে ডিয়াৰনেছ ভাট্টা (DA) বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। ৩০ ছেপ্টেম্বৰৰ পৰা নতুন ডিয়াৰনেছ ভাট্টা সংযোজন কৰাৰ পিছত উপলব্ধ হ’ব দৰমহা। এইবাৰ মুঠ ৪ শতাংশ বৃদ্ধি কৰা হৈছে। ২৮ ছেপ্টেম্বৰত কেবিনেট বৈঠকত কেন্দ্ৰীয় চৰকাৰে নিজৰ কৰ্মচাৰীসকলৰ বাবে এই কথা ঘোষণা কৰিব পাৰে। ইয়াৰ অধিসূচনাও সেইদিনা সন্ধিয়া জাৰি কৰা হ’ব। এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া বৈঠকত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে এই ঘোষণা কৰা হ’ব।

সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লোৱা কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা বৃদ্ধি হ’ব। এই বৃদ্ধি ২০২২ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী বুলি বিবেচিত হ’ব। ইয়াৰ দ্বাৰা কৰ্মচাৰীসকলৰ ডি এ ৩৮ শতাংশত উপনীত হ’ব।

ডিয়াৰনেছ এলাউন্স আৰু সূচকাংক ডিকোড কৰা বিশেষজ্ঞ হৰিশংকৰ তিৱাৰীয়ে দাবী কৰিছে যে ডিয়াৰনেছ এলাউন্সত ৪ শতাংশ বৃদ্ধি হ’ব। এক কোটিতকৈ অধিক কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰে ইয়াৰ প্ৰত্যক্ষ সুবিধা লাভ কৰিব।

পে গ্ৰেড অনুসৰি কিমান বৃদ্ধি হ’ব দৰমহা?
সপ্তম দৰমহা আয়োগৰ ন্যূনতন মৌলিক দৰমহা ১৮ হাজাৰ আৰু কেবিনেট সচিবৰ পৰ্যায়ত ৫৬ হাজাৰ ৯০০ টকা। ৩৮ শতাংশৰ মতে মূল দৰমহা ১৮ হাজাৰ টকাৰ ওপৰত বাৰ্ষিক ডি এৰ মুঠ বৃদ্ধি হ’ব ৬৮৪০ টকা। এমাহত বৃদ্ধি পাব ৭২০ টকা। সৰ্বোচ্চ মৌলিক দৰমহাৰ ব্ৰেকেট ৫৬,৯০০ টকাত বাৰ্ষিক মূল্যবৃদ্ধি ভাট্টাত মুঠ বৃদ্ধি হ’ব ২৭,৩১২ টকা। একে সময়তে ইয়াৰ পৰা মাহটোত মুঠ ২২৭৬ টকা বৃদ্ধি হ’ব৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি