মুখ্যপৃষ্ঠা » খবৰ

» ব্যৱসায়

»Kaziranga Tourism : ১ অক্টোবৰৰ পৰা কোভিড নিয়ম শিথিল হোৱাৰ ইংগিত, মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে হাঁহি বিৰিঙিছে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ীৰ

Kaziranga Tourism : ১ অক্টোবৰৰ পৰা কোভিড নিয়ম শিথিল হোৱাৰ ইংগিত, মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে হাঁহি বিৰিঙিছে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ীৰ

News18 Assam | News18-Assam
Updated:September 23, 2021, 1:42 PM IST
Kaziranga Tourism : ১ অক্টোবৰৰ পৰা কোভিড নিয়ম শিথিল হোৱাৰ ইংগিত, মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে হাঁহি বিৰিঙিছে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ীৰ
১ অক্টোবৰৰ পৰা কাজিৰঙাত সম্পূৰ্ণ শিথিলতা অনা হ'ব বুলি ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে। নাথাকিব কোনো কভিড প্ৰট'কল। পৰিস্থিতিৰ আৰু অৱনতি নহ'লে ১ অক্টোবৰৰ পৰা ৰাজ্যত শিথিল হ'ব পাৰে কোভিড নিয়ম।

১ অক্টোবৰৰ পৰা কাজিৰঙাত সম্পূৰ্ণ শিথিলতা অনা হ'ব বুলি ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে। নাথাকিব কোনো কভিড প্ৰট'কল। পৰিস্থিতিৰ আৰু অৱনতি নহ'লে ১ অক্টোবৰৰ পৰা ৰাজ্যত শিথিল হ'ব পাৰে কোভিড নিয়ম।

  • News18 Assam
  • Last Updated: September 23, 2021, 1:42 PM IST
  • Share this:
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে মুখত হাঁহি বিৰিঙি উঠিছে কাজিৰঙা (Kaziranga)ৰ ব্যৱসায়ী তথা পৰ্যটন (Tourism) উদ্যোগীসকলৰ। অহা ১ অক্টোবৰৰ পৰা কাজিৰঙাত কোনো কোভিড বাধা নিষেধ নাথাকিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে পৰ্যটনৰ সৈতে জৰিত লোকসকলৰ মুখত হাঁহি বিৰিঙিছে।

বুধাবাৰে বোকাখাতত গঁড়ৰ খড়্গ দাহন (Rhino Horn Burn) অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি এই ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। কাজিৰঙাত হোটেল, পৰ্যটক, পৰ্যটন সূচাৰুৰূপে চলিব বুলি প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। অহা ১ অক্টোবৰৰ পৰা কাজিৰঙাত সম্পূৰ্ণ শিথিলতা অনা হ'ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত কোনো কভিড প্ৰট'কল (Covid19 Protocol) নাথাকিব বুলি ইংগিত দিছিল।

উল্লেখ্যে যে বিগত প্ৰায় ডেৰ বছৰ কোভিডৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছে কাজিৰঙাৰ পৰ্যটন উদ্যোগ। এইক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই আহিছিল কাজিৰঙাৰ ব্যৱসায়ী তথা পৰ্যটন উদ্যোগীসকলে। তেওঁলোকৰ আহ্বানৰ প্ৰতি সহাৰি জনাই অহা ১ অক্টোবৰৰ পৰা কাজিৰঙাত সম্পূৰ্ণ শিথিলতা অনা হ'ব বুলি ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে। নাথাকিব কোনো কভিড প্ৰট'কল। পৰিস্থিতিৰ আৰু অৱনতি নহ'লে ১ অক্টোবৰৰ পৰা ৰাজ্যত শিথিল হ'ব পাৰে কোভিড নিয়ম।
Published by: Manjumoni Borah
First published: September 23, 2021, 1:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি