বৰ্তমানৰ দিনত কোনো সামগ্ৰী কিনিবলৈ নগদ ধন বা কাৰ্ডৰ প্ৰয়োজন নাই। যদিহে আপোনাৰ ফোনটো আপোনাৰ সৈতে আছে তেন্তে আপুনি সহজতে সকলো সামগ্ৰী ক্ৰয় কৰিব পাৰে। বিমুদ্ৰাকৰণৰ পিছত মানুহৰ UPI পেমেণ্টৰ অভ্যাস এনেদৰে বৃদ্ধি পাইছে যে নগদ লেনদেন যেন পাহৰি গৈছে। UPI লেনদেনক লৈ খবৰ আহিছে যে এয়া ব্যয়বহুল হ’বলৈ গৈ আছে। ২০০০ টকাতকৈ অধিক লেনদেন কৰিলে ১.১ শতাংশ চাৰ্জ লাগিব। UPI পেমেণ্ট মানে Google Pay, Phone Pay আৰু Paytmৰ দৰে ডিজিটেল মিডিয়ামৰ জৰিয়তে যদি আপুনি ২ হাজাৰ টকাৰ অধিক লেনদেন কৰে তেন্তে আপুনি অধিক মাচুল ভৰিব লাগিব পাৰে, কিন্তু ইয়াত কিছু কথা সোমাই আছে। যদি আপুনি বেংক একাউণ্টৰ সৈতে সংলগ্ন পেমেণ্ট কৰে তেন্তে আপনাৰ বাবে একো সলনি হোৱা নাই।
UPI পেমেণ্টত কেতিয়া লাগিব মাচুলনেচনেল পেমেণ্টছ কৰ্প’ৰেচন অব ইণ্ডিয়া (NPCI)–এ নিজৰ ছাৰ্কুলাৰত পৰামৰ্শ দিছে যে ২০০০ টকাৰ অধিক লেনদেনত আপুনি ১.১ শতাংশ মাচুল দিব লাগিব। কোৱা হৈছে যে UPIৰ জৰিয়তে মাৰ্চেণ্ট ট্ৰানজেকশ্যনৰ ওপৰত PPI মাচুল কাৰ্যকৰী হ’ব পাৰে। এনপিচিআইৰ ছাৰ্কুলাৰৰ মতে, ২০০০ টকাৰ অধিক পৰিমাণৰ UPI লেনদেনত ১.১ শতাংশ চাৰ্জ দিব লাগিব পাৰে। এই খবৰ অহাৰ পিছতে বহু লোকৰ মনত প্ৰশ্নৰ উদয় হৈছে। প্ৰশ্ন উদয় হৈছে যে এই সিদ্ধান্তৰ পিছত ব্যৱহাৰকাৰীৰ বাবে UPI ব্যয়বহুল হৈ পৰিব? এই মাচুল সকলো ধৰণৰ অনলাইন পেমেণ্টৰ ওপৰত লাগিব নে কোনো বিশেষ ক্ষেত্ৰত এয়া কাৰ্যকৰী হ’ব?
NPCI–এ নিজৰ ছাৰ্কুলাৰত স্পষ্টকৈ কৈছে যে এই সালসলনিৰ কোনো প্ৰভাৱ গ্ৰাহকৰ ওপৰত নপৰে। গ্ৰাহকে কোনো অতিৰিক্ত চাৰ্জ দিব নালাগে। বেংক একাউণ্টৰ সৈতে সম্পৰ্কিত UPI লেনদেনত কোনো মাচুল দিব নালাগে। সেয়া পূৰ্বৰ দৰেই বিনামূলীয়া। কেৱল PPI ৱালেটৰ ওপৰত মাচুল আৰোপ কৰা হ’ব, যিটো ব্যৱসায়ীসকলে দিব লাগিব। গ্ৰাহকৰ বাবে কোনো শুল্ক নাথাকে।
ব্যয়বহুল হ’ব নেকি UPI লেনদেন?
এনপিচিআইৰ ফালৰ পৰা জাৰি কৰা ছাৰ্কুলাৰ মতে, এই চাৰ্জ মাৰ্চেণ্ট ইউপিআই লেনদেনৰ ওপৰত লগোৱা হ’ব। অৰ্থাৎ এই চাৰ্জ বেংক আৰু প্ৰিপেইড ৱালেটৰ মাজত হোৱা পিয়েৰ টু পিয়েৰ (P2P) আৰু পিয়েৰ টু মাৰ্টেণ্ট (P2M)ৰ লেনদেনত কাৰ্যকৰী নহয়। অৰ্থাৎ আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি কোনো ধৰণৰ চিন্তা নকৰাকৈ UPI ব্যৱহাৰ কৰিব পাৰে। আপুনি কোনো অতিৰিক্ত মাচুল দিব নালাগে। চিধা কথাত, UPI লেনদেন একেবাৰে ফ্ৰী। আপোনাৰ বাবে একো সলনি হোৱা নাই। ইউপিআই বেংক ট্ৰান্সফাৰত কোনো সালসলনি হোৱা নাই।
কোনে দিব লাগিব চাৰ্জ?
নতুন প্ৰস্তাৱে কেৱল ৱালেট/পিপিআই (Wallets/PPI)ৰ বাবেহে। অৰ্থাৎ যদি আপুনি ৱালেটৰ জৰিয়তে ২০০০তকৈ অধিক লেনদেন কৰে তেন্তে আপোনাৰ ইণ্টাৰচেঞ্জ ফীজ লাগিব পাৰে, কিন্তু এই চাৰ্জ মাৰ্চেণ্টৰ ওপৰত লাগিব। অৰ্থাৎ যদি আপুনি প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট (PPI)ৰ দৰে ৱালেট, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ইউপিআই পেমেণ্ট কৰে তেন্তে আপুনি ইণ্টাৰচেঞ্জ ফীজ দিব লাগিব। এই মাচুল আপোনাৰ দ্বাৰা মাৰ্চেণ্টক দিয়া মুঠ ধনৰ ১.১ শতাংশ হ’ব। এয়াও ২০০০ টকাৰ ওপৰত হলেহে কাৰ্যকৰী হ’ব। বেংক টু বেংক ট্ৰানজেকশ্যন এতিয়াও সম্পূৰ্ণৰূপে বিনামূলীয়া।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 29, 2023, 17:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।