এতিয়া টকা উলিওৱা আৰু ব্যয়বহুল হ'ব। বেঙ্কে গ্ৰাহকৰ এটিএমৰ পৰা নিৰ্ধাৰিত সীমাতকৈ অধিক ধন উলিওৱাৰ পিছত মাচুল ল'ব পাৰে। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে শেহতীয়াকৈ বেংকসমূহক স্বয়ংক্ৰিয় টেলাৰ মেচিনৰ (ATM) মাচুল প্ৰতি লেনদেনত ২১ টকালৈ বৃদ্ধি কৰিবলৈ অনুমতি দিছে। এই সংশোধিত হাৰবোৰ ১ জানুৱাৰী, ২০২২-ৰ পৰা কাৰ্যকৰী হ'ব।
গ্ৰাহকসকলে তেওঁলোকৰ বেংকৰ এটিএমৰ পৰা প্ৰতি মাহে পাঁচটা বিনামূলীয়া লেনদেন কৰিব পাৰে। ইয়াত অন্তৰ্ভুক্ত থাকে বিত্তীয় আৰু অ-বিত্তীয় দুয়োধৰণৰ লেনদেন। যদি তাতকৈ অধিক হয়, তেওঁলোকে প্ৰতিটো এটিএম লেনদেনৰ বাবে অতিৰিক্ত ২০ টকা পৰিশোধ কৰিব লাগিব। নগদ ধন উলিয়াবলৈ আন বেংকএটিএম ব্যৱহাৰ কৰা গ্ৰাহকসকলক মেট্ৰ' চিটিত তিনিটা আৰু অ-মেট্ৰ' চহৰত পাঁচটা বিনামূলীয়া এটিএম লেনদেন কৰাৰ অনুমতি দিয়া হৈছে।
১ আগষ্টৰ পৰা কাৰ্যকৰী হ'ব নতুন বিনিময় মাচুল নিয়ম
জুন ২০১৯-ত, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে এটিএম লেনদেনৰ বিনিময় গাঁথনিৰ ওপৰত বিশেষ গুৰুত্ব দি এটিএম মাচুল পুনৰীক্ষণ কৰাৰ বাবে এখন সমিতি গঠন কৰিছিল।ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে প্ৰতিটো বিত্তীয় লেনদেনৰ বাবে এটিএম লেনদেনৰ বাবে বিনিময় মাচুল ১৫ টকাৰ পৰা ১৭ টকালৈ আৰু অ-বিত্তীয় লেনদেনৰ বাবে ৫ টকাৰ পৰা ৬ টকালৈ বৃদ্ধি কৰে। নতুন হাৰবোৰ ১ আগষ্ট, ২০২১-ৰ পৰা কাৰ্যকৰী হ'ব। আৰ.বি.আই.-ৰ মতে, ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ সৈতে পৰিশোধ প্ৰক্ৰিয়া কৰা ব্যৱসায়ীসকলৰ পৰা বেঙ্কবোৰে আদায় কৰা মাচুল হৈছে বিনিময় মাচুল।
SBI-য়ে সেৱা মাচুলো সলনি কৰিছে
ভাৰতীয় ষ্টেট বেঙ্কে শেহতীয়াকৈ জুলাইৰ আৰম্ভণিতে ইয়াৰ এটিএম আৰু বেংক শাখাৰ পৰা নগদ ধন উলিওৱাৰ বাবে সেৱা মাচুল সংশোধন কৰিছে। এছবিআইয়ে বিএছবিডি একাউণ্ট ধাৰকসকলৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে।
এছ.বি.আই.-ৰ মতে, বি.এছ.বি.ডি. একাউণ্ট থকা গ্ৰাহকসকলে এতিয়া কেৱল সীমিত নম্বৰৰ বাবে কোনো সেৱা মাচুল অবিহনে অৰ্থাৎ চাৰিবাৰলৈকে শাখা আৰু এটিএমৰ পৰা ধন উলিয়াব পাৰিব। তাৰ পিছত, যদি গ্ৰাহক এজনে এটিএম বা শাখাৰ পৰা টকা উলিয়ায়, তেওঁ সেৱা মাচুল হিচাপে প্ৰতিটো লেনদেনৰ বাবে ১৫ টকা আৰু জিএছটি পৰিশোধ কৰিব লাগিব। যদি এছ বি আইৰ বাহিৰে আন এ টি এমৰ পৰা টকা উলিয়াই লোৱা হয় তেন্তে একেই নিয়ম প্ৰযোজ্য হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|