কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে (CAIT) আমাজন ইণ্ডিয়া (Amazon India) আৰু ফ্লিপকাৰ্ট (Flipkart)ৰ কেইজনমান শীৰ্ষ বিক্ৰেতাৰ কাৰ্যালয়ত ভাৰতীয় প্ৰতিযোগিতা আয়োগৰ (CCI) চলি থকা অভিযানক আদৰণি জনাইছে। কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ বা কেইট (CAIT)ৰ সাধাৰণ সম্পাদক প্ৰবীণ খাণ্ডেলৱালে এক বিবৃতিত কয় যে এইটো CCIৰ এক সঠিক পদক্ষেপ। ই আমাজন আৰু ফ্লিপকাৰ্টৰ বিৰুদ্ধে CAITৰ দ্বাৰা উত্থাপিত বিভিন্ন অভিযোগৰ প্ৰমাণ দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
আমাজন বিক্ৰেতা ক্লাউটডেল আৰু আপ্পাৰিঅ'ৰ কাৰ্যালয়ত তালাচী চলোৱা হৈছে । CAITয়ে যোৱা তিনি বছৰত আমাজন আৰু ফ্লিপকাৰ্টৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰিছিল। তেওঁলোকে এই সন্দৰ্ভত নাৰায়ণ মূৰ্তিৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে।
CAIT তিনি বছৰৰো অধিক সময় ধৰি আমাজনৰ সৈতে প্ৰত্যক্ষ সংঘাত লিপ্ত আছে। আমাজনে দেশৰ আইনক বুঢ়া আঙুলি দেখুৱাই ব্যৱসায় কৰি আছে বুলি অভিযোগ উত্থাপন কৰি ছে কেইটে। ফলস্বৰূপে, ভাৰতীয় প্ৰতিযোগিতা আয়োগে শেহতীয়াকৈ আমাজনৰ ওপৰত ২০২ কোটি টকাৰ জৰিমনা আৰোপ কৰাৰ সিদ্ধান্ত লৈছিল।
![]()
অভিযোগ আছিল যে আমাজনৰ দৰে এটা বিদেশী কোম্পানী আহি দেশৰ আইনৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাইছে আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থ বিনষ্ট কৰিছে। তেওঁলোকে আন ২০ জন আমাজন বিক্ৰেতাৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে। কেইটে এইটোও দাবী কৰিছিল যে আইন উলংঘা কৰি আমাজনৰ ব্যৱসায়িক নীতিৰ বাবে দেশৰ প্ৰায় ২০ নিযুত মোবাইল দোকান বন্ধ কৰি দিয়া হৈছে।
বিক্ৰেতা দুটাৰ কাৰ্যালয়ত অনুসন্ধানৰ বিষয়টোত আমাজনৰ পৰা এতিয়ালৈ কোনো মন্তব্য বা প্ৰতিক্ৰিয়া পোৱা হোৱা নাই। এই দুয়োটা কোম্পানীতে আমাজনৰ বিনিয়োগ আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|