உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • Business Idea: কম টকাৰে ভাৰতীয় ৰেলৱেৰ সৈতে আৰম্ভ কৰক এই ব্যৱসায়, প্ৰতি মাহে উপাৰ্জন কৰক 80,000 টকা...

    Business Idea: কম টকাৰে ভাৰতীয় ৰেলৱেৰ সৈতে আৰম্ভ কৰক এই ব্যৱসায়, প্ৰতি মাহে উপাৰ্জন কৰক 80,000 টকা...

    Source-Google

    Source-Google

    • Share this:
    নতুন দিল্লীঃ যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰে, আপুনি আইআৰচিটিচিৰ জৰিয়তে প্ৰতি মাহে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে। আপুনি ক'লৈকো যাব নালাগে। ইয়াৰ বাবে আপুনি কেৱল টিকট এজেণ্ট (Ticket Agent) হ'ব লাগিব। আপুনি ৰে'ল কাউণ্টাৰত (Railway ticket counter) যি দৰে ক্লাৰ্কে যাত্ৰীক টিকট কাটি দিয়ে একেই দৰে টিকট বুক কৰি দিব পাৰিব। ভাৰতীয় ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেচন হৈছে এক বিশেষ সেৱা (IRCTC) ইয়াত টিকট বুকিঙৰ লগতে যাত্ৰীসকলক একাধিক সুবিধা প্ৰদান কৰা হয়।

    প্ৰথমে আপুনি আইআৰচিটিচি ৱেবছাইটলৈ যাব লাগিব আৰু এজন এজেণ্ট হিচাপে অনলাইন টিকট বুক কৰাৰ অনুজ্ঞা বিচাৰি আবেদন কৰিব লাগিব। এনেকৈ আপুনি এজন কৰ্তৃত্বপ্ৰাপ্ত টিকট বুকিং এজেণ্ট (Ticket booking agent) হ'ব। তেতিয়া আপুনি টিকট বুক কৰিবপাৰে। আইআৰচিটিচিয়ে টিকট বুক কৰিবলৈ এজেণ্টক ভাল কমিছন পৰিশোধ কৰে।

    কিমান টকা পাব কমিচন?

    নন এচি শ্ৰেণীত বুকিঙৰ বাবে প্ৰতি টিকটত 20টকা আৰু এচি ক্লাছত টিকট বুকিঙৰ বাবে ৪০ টকা প্ৰতি টিকটত পোৱা যায়। ইয়াৰ লগতে টিকটভাড়াৰ 1 শতাংশ এজেণ্টক পৰিশোধ কৰা হয়। আইআৰচিটিচিৰ এজেণ্ট হোৱাৰ বাবে, এটা সুবিধা আছে যে আপুনি এমাহত যিমান বিচাৰে সিমান টিকট বুক কৰিব পাৰে। আপুনি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ বাবে টিকট বুক কৰিব পাৰে।

    আপুনি 80,000 টকালৈকে উপাৰ্জন কৰিব পাৰে

    টিকট বুকিং এজেণ্টৰ বাবে এমাহত কোনো সীমা নাই। সেই অনুসৰি, এজন এজেণ্টে নিয়মীয়াকৈ মাহে 80,000 টকালৈকে উপাৰ্জন কৰিব পাৰে। Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    First published: