• Home
  • »
  • News
  • »
  • business
  • »
  • Business Idea: মাত্ৰ ১০,০০০ টকাৰে আৰম্ভ কৰক এই ব্যৱসায়, প্ৰতি মাহে লাখলৈ উপাৰ্জনৰ সুযোগ, জানি লওক

Business Idea: মাত্ৰ ১০,০০০ টকাৰে আৰম্ভ কৰক এই ব্যৱসায়, প্ৰতি মাহে লাখলৈ উপাৰ্জনৰ সুযোগ, জানি লওক

আপুনি ঘৰতে বহি অতি কম বিনিয়োগৰ পৰা প্ৰতি মাহে লাখ লাখ টকা আৰামেৰে উপাৰ্জন কৰিব পাৰে

আপুনি ঘৰতে বহি অতি কম বিনিয়োগৰ পৰা প্ৰতি মাহে লাখ লাখ টকা আৰামেৰে উপাৰ্জন কৰিব পাৰে

আপুনি ঘৰতে বহি অতি কম বিনিয়োগৰ পৰা প্ৰতি মাহে লাখ লাখ টকা আৰামেৰে উপাৰ্জন কৰিব পাৰে

  • Share this:
যদি আপুনি চাকৰিৰ উপৰি আনধৰণেও উপাৰ্জন বিচাৰে, তেন্তে আপুনি ব্যৱসায়ৰ কথাটো ভাবিব পাৰে (extra income)। এইক্ষেত্ৰত আপোনাৰ বাবে আছে এক উন্নত ব্যৱসায়িক ধাৰণা (Business idea), য'ত আপুনি ঘৰতে বহি অতি কম বিনিয়োগৰ পৰা প্ৰতি মাহে লাখ লাখ টকা আৰামেৰে উপাৰ্জন কৰিব পাৰে (Earn money)।

এইবোৰ এনে ব্যৱসায়, যাক অনলাইন বা অফলাইন (Online business) দুয়োটাতে বিপণন কৰিব পাৰি আৰু ভাল লাভ কৰিব পাৰি। আপুনি ইয়াক চাকৰি এটাৰ সৈতে ছাইড বিজনেছ ৰূপে কৰিব পাৰে।

চক নিৰ্মাণ (Chalk Making Business)
চক হৈছে এক ব্যৱসায়, যাৰ বাবে অতি কম বিনিয়োগৰ প্ৰয়োজন। এয়া ঘৰতে বহি সহজে আৰম্ভ কৰিব পাৰে। আমি সকলোৱে জানো যে সকলো বিদ্যালয়, মহাবিদ্যালয়ত চকৰ প্ৰয়োজন। চক তৈয়াৰ কৰিবলৈ বেছি সামগ্ৰী নালাগে। এয়া মাত্ৰ ১০,০০০ টকাতে আৰম্ভ কৰিব পাৰে। আপুনি বগা চকৰ লগতে ৰঙীন চকো বনাব পাৰে। উল্লেখ্য যে চকবোৰ মুখ্যতঃ প্লাষ্টাৰ অফ পেৰিছৰ (Plaster of Paris) পৰা তৈয়াৰ কৰা হয়। ই বগা পাউডাৰ। ই হৈছে জিপচাম (Gypsum) নামৰ শিলৰ পৰা প্ৰস্তুত কৰা একপ্ৰকাৰৰ মাটি।

ফোটাৰ ব্যৱসায় (Bindi making Business)
আজিকালি বজাৰত ফোটাৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। আগতে কেৱল বিবাহিত মহিলাই ফোট লৈছিল, কিন্তু এতিয়া ছোৱালীবোৰেও ফোট ব্যৱহাৰ কৰে। কেৱল সেয়াই নহয়, বিদেশৰ মহিলাসকলেও ফোট লোৱা আৰম্ভ কৰিছে। চাহিদাও তীব্ৰ বৃদ্ধি হৈছে। ফোটৰ ব্যৱসায় কৰিবলৈ মাত্ৰ ১২,০০০ টকা বিনিয়োগ কৰি ঘৰতে আৰম্ভ কৰিব পাৰে।

এনভেলপৰ ব্যৱসায় (Envelope Making Business)
খাম বা এনভেলপ বনোৱাটো এটা অতি সৰল ব্যৱসায়। ই কাগজ বা কাৰ্ড বোৰ্ড আদিৰ পৰা তৈয়াৰ কৰা সামগ্ৰী। ইয়াক বেছিভাগ পেকেজিঙৰ বাবে ব্যৱহাৰ কৰা হয়, যাক কাগজ, গ্ৰীটিং কাৰ্ড আদিৰ পেকেজিঙৰ বাবে ব্যৱহাৰ কৰা হয়। এইটো এটা চিৰসেউজ ব্যৱসায়। অৰ্থাৎ এই ব্যৱসায়েৰে প্ৰতি মাহে উপাৰ্জন কৰিব পাৰি। যদি আপুনি এই ব্যৱসায়টো ঘৰত আৰম্ভ কৰে, আপুনি ১০,০০০ টকাৰ পৰা ৩০,০০০ টকাৰ ভিতৰত বিনিয়োগ কৰিব লাগিব আৰু যদি আপুনি যন্ত্ৰৰে খাম তৈয়াৰ কৰে, আপুনি ২,০০,০০০ টকাৰ পৰা ৫,০০,০০০ টকাৰ ভিতৰত বিনিয়োগ কৰিব লাগিব।

মমবাতিৰ ব্যৱসায় (Candle making Business)
সময়ৰ লগে লগে এই ব্যৱসায়টো বহুত সলনি হৈছে। আগতে, য'ত লাইট বন্ধ হোৱাৰ সময়ত পোহৰৰ বাবে মমবাতি ব্যৱহাৰ কৰা হৈছিল, এতিয়া ইয়াক জন্মদিন, ঘৰ, হোটেল সজোৱাটো ব্যৱহাৰ কৰা দেখা গৈছে। গতিকে মমবাতিৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। যদি আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, আপুনি ১০,০০০ টকাৰ পৰা ২০,০০০ টকালৈ ঘৰতে এই ব্যৱসায় আৰম্ভ কৰিব পাৰে।



Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published: