• Home
  • »
  • News
  • »
  • business
  • »
  • Burn Calories, Earn Bonus: ওজন কমাওক বোনাছ পাওক, কৰ্মচাৰীক ফিট কৰি ৰাখিবলৈ এইটো কোম্পানীৰ আকৰ্ষণীয় অফাৰ

Burn Calories, Earn Bonus: ওজন কমাওক বোনাছ পাওক, কৰ্মচাৰীক ফিট কৰি ৰাখিবলৈ এইটো কোম্পানীৰ আকৰ্ষণীয় অফাৰ

Burn Calories, Earn Bonus: কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া নিতিন কামাথে ঘোষণা কৰিছে যে অহা বছৰৰ ভিতৰত ৯০ শতাংশ দিনত এই লক্ষ্য পূৰণ কৰিলে যিকোনো ব্যক্তিয়ে এমাহৰ দৰমহা বোনাছ হিচাপে লাভ কৰিব।

  • Share this:
অনলাইন ব্ৰোকাৰেজ কোম্পানী জেৰোধা (Zerodha)ই নিজৰ কৰ্মচাৰীসকলৰ বাবে এক আকৰ্ষণীয় ফিটনেছ চেলেঞ্জ (Fitness Challenge) আৰম্ভ কৰিছে। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া নিতিন কামাথে (CEO Nithin Kamath) ঘোষণা কৰিছে যে অহা বছৰৰ ভিতৰত ৯০ শতাংশ দিনত এই লক্ষ্য পূৰণ কৰিলে যিকোনো ব্যক্তিয়ে এমাহৰ দৰমহা বোনাছ (Bonus) হিচাপে লাভ কৰিব। ইয়াৰ উপৰি সকলোকে অনুপ্ৰাণিত কৰিবলৈ ১০ লাখ টকাৰ এটা বাম্পাৰ লাকী ড্ৰৰো আয়োজন কৰা হৈছে।

ফিটনেছ চেলেঞ্জ, যিটো এটা ঐচ্ছিক কাৰ্যসূচী, অংশগ্ৰহণকাৰীসকলে যিকোনো ৰূপত প্ৰতিদিনে কমেও ৩৫০ কেলৰি (Burn Calories) কমাব লাগিব।

কামাথে কয় যে ৱৰ্ক ফ্ৰম হোম (WFH) আৰু বহি বহি কাম কৰাটোৱেই হৈছে শেহতীয়া ট্ৰেণ্ড।

“জেৰোধাত আমাৰ শেহতীয়া স্বাস্থ্য প্ৰত্যাহ্বান হৈছে আমাৰ ফিটনেছ ট্ৰেকাৰসমূহত দৈনিক লক্ষ্য নিৰ্ধাৰণ কৰা। পৰৱৰ্তী বছৰত ৯০% দিনত যিকোনো লক্ষ্য পূৰণ কৰা যিকোনো ব্যক্তিয়েই এমাহৰ দৰমহা বোনাছ হিচাপে পাব। মটিভেচন কিকাৰ হিচাপে ১০ লাখ টকাৰ এটা লাকী ড্ৰ’ ৰখা হৈছে।’- লিংকডইন পোষ্টত তেওঁ কয়।

চলিত বৰ্ষৰ এপ্ৰিল মাহত জেৰোধাৰ CEOগৰাকীয়ে তেওঁৰ কৰ্মচাৰীসকলৰ বাবে এক লাভজনক অফাৰ ঘোষণা কৰিছিল যিয়ে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতো ইতিবাচকভাৱে প্ৰতিফলিত কৰিছে। কামাথৰ প্ৰস্তাৱ অনুসৰি যিসকল কৰ্মচাৰীৰ বডি মাছ ইনডেক্স (BMI) ২৫তকৈ কম হ’ব, তেওঁলোকে বোনাছ হিচাপে আধা মাহৰ দৰমহা পাব। তদুপৰি যদি সকলো কৰ্মচাৰীৰ সামূহিক বিএমআই ২৫ৰ তলত হয়, তেন্তে সকলোৱে বোনাছ হিচাপে আৰু আধা মাহৰ দৰমহা লাভ কৰিব।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি