• Home
  • »
  • News
  • »
  • business
  • »
  • Rich Life Boring Life : ধনী হোৱাটো হেনো বোৰিং কাৰবাৰ, এজন কোটিপতিৰ অনুভৱ!

Rich Life Boring Life : ধনী হোৱাটো হেনো বোৰিং কাৰবাৰ, এজন কোটিপতিৰ অনুভৱ!

সাংকেতিক ছবি

সাংকেতিক ছবি

Rich Life Boring Life : ৩৫ বছৰ বয়সতে কোটিপতি হৈ আৰামৰ জীৱন কটাবলৈ ধৰা লোকজনে অতি কম সময়তে বুজি উঠে যে ধনীৰ জীৱনটো এটা বোৰিং জীৱন।

  • Share this:
হঠাৎ ধনী হৈ পৰিল এজন বৃটিছ নাগৰিক। চুড়ান্ত ৰিস্ক লৈ জীৱনৰ সমস্ত জমা-পুঁজি বিটকইন (Bitcoin)ত বিনিয়োগ কৰি কোটিপতি হৈ পৰিছিল লোকজন। মাত্ৰ ৩৫ বছৰ বয়তে কোটিপতি হোৱাৰ পিছত চাকৰি ত্যাগ কৰিছিল লোকজনে। কিন্তু অলপতে লোকজনে মন্তব্য কৰিছে যে ধনী হোৱাটো এক বোৰিং (Being Rich is Boring) মানে আমনিদায়ক কাৰবাৰ।

২০১৪ চনত লোকজনে ডিজিটেল কাৰেন্সী (Digital Currency) ৰ বিষয়ে অৱগত হৈছিল। তাৰ পিছতে প্ৰায় দশক ধৰি কণ্টেণ্ট ক্ৰিয়েটৰৰ কাম কৰি উপাৰ্জন কৰা সমস্ত ধন বিনিয়োগ কৰে বিটকইনত। আমি সকলোৱে জানো যে বিটকইনকে ধৰি সকলোধৰণৰ ক্ৰিপ্টোকাৰেন্সী (Cryptocurrency) তেই বিনিয়োগ কৰাটো এক প্ৰকাৰৰ বিপদজনক আৰু ডাঙৰ ৰিস্ক।

বিটকইনত বিনিয়োগ কৰাৰ আগতে লোকজনে বছৰি প্ৰায় ২৫ লাখ টকা উপাৰ্জন কৰিছিল। কিন্তু বিটকইনত বিনিয়োগ (Investment in Bitcoin)ৰ পিছত তেওঁৰ বছৰি উপাৰ্জন তেওঁৰ দৰমহাতকৈ ১০ গুণ বেছি হয়।

তেওঁ কয় যে তেওঁ কেতিয়াও বিলাসী আৰু দামী সামগ্ৰীৰ প্ৰতি আগ্ৰহী নাছিল। সেয়ে থেওঁৰ ইনকামৰ বেছিখিন ধন জমা কৰিব পাৰিছিল। তাৰ পিছত তেওঁ প্ৰায় ডেৰ বছৰ ধৰি বিটকইনত ধাৰাবাহিকভাৱে বিনিয়োগ কৰিবলৈ ধৰে। ২০১৭ চনত বিটকইনৰ পৰা লোকজনে ২০০ নিযুত টকা লাভ কৰিবলৈ সক্ষম হয়, তাকো কৰ পৰিশোধৰ পিছত। আকৌ দুছৰ পিছত তাতকৈও অধিক লাভ কৰিবলৈ সক্ষম হয়।

৩৫ বছৰত কোটিপতি হৈ পৰাত তেওঁ কামৰ পৰা অৱসৰ লয় আৰু আৰামৰ জীৱন কটাবলৈ ধৰে। কিন্তু অতি কম সময়তে লোকজনে বুজি উঠে যে ধনীৰ জীৱনটো এটা বোৰিং জীৱন।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

ধনী হোৱাৰ পিছত জীৱনত কোনো উত্তেজনাই বাকী নাথাকে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি