সকলো টেলিকম কোম্পানীয়ে প্ৰতিযোগিতাত তিষ্ঠি থাকিবলৈ তেওঁলোকৰ গ্ৰাহকসকলক কেইবাটাও মূল্য পৰিসৰৰ প্ৰিপেইড ৰিচাৰ্জৰ বিকল্প আগবঢ়াই আছে। এই কোম্পানীবোৰে গ্ৰাহকসকলক ২০০ টকাৰ ভিতৰত অতি উপযোগী ৰিচাৰ্জ বিকল্পও আগবঢ়াইছে। ২০০ টকাৰ ৰিচাৰ্জৰ প্লেনৰ অধীনত এয়াৰটেল, (
Airtel) জিঅ' (
Jio') আৰু ভোডাফোন আইডিয়া (
Vodafone Idea)ৰ বেছিভাগ প্ৰিপেইড ৰিচাৰ্জ (
Prepaid recharge)ত দৈনিক 1 GBৰ পৰা 2 GB ডাটা (Mobile Data) প্ৰদান কৰে। আনহাতে জিঅ' আৰু ভিআই গ্ৰাহকৰ হাতত বাছনি কৰিবলৈ ৪-৫টা আনলিমিটেড পেক আছে। আনহাতে এয়াৰটেলৰ মাত্ৰ দুটা পেক আছে। গতিকে ৰিচাৰ্জ কৰাৰ আগতে এই ৰিচাৰ্জ প্লেনবোৰৰ বিষয়ে বিতংকৈ লওক।
জিঅ'ৰ ২০০ টকাতকৈ কম মূল্যৰ প্লেন : এই শাখাত জিঅ'ৰ সৰ্বনিম্ন মূল্যৰ আঁচনি মাত্ৰ ১১৯ টকা। ই আপোনাক দৈনিক 1.5 GB ডাটা প্ৰদান কৰে যাৰ বৈধতা 14 দিন আৰু লগতে আনলিমিটেড ভইচ কল আৰু 300 SMS। এই ক্ষেত্ৰত, আপুনি এই প্লেনত মুঠ 21 GB ডাটা প্ৰাপ্ত কৰে আৰু ডাটা সমাপ্ত হোৱাৰ পিছত, আপোনাৰ নেটৱৰ্কৰ গতি 64KBPS হ'ব। এই আঁচনিয়ে আপোনাক JioTV, JioCinema, JioSecurity আৰু JioCloudৰ দৰে উপযোগী জিঅ' সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ পাব।
জিঅ'ৰ ১৯৯ টকাৰ প্লেন
জিঅ'ৰ ১৯৯ টকাৰ প্লেনত আপুনি 23 দিনৰ বৈধতাৰ সৈতে প্ৰতিদিনে 1.5 GB ডাটা, সীমাহীন ভইচ কল আৰু 100 এছএমএছ/প্ৰতিদিনে লাভ কৰিব। আপুনি এই পেকেজত মুঠ 34.5 GB লাভ কৰিব।
ডাটা সমাপ্ত হোৱাৰ পিছত, আপোনাৰ ডাটাৰ স্পীড হ'ব 64KBPS । এই প্লেনতো আপুনি জিঅ'টিভি, জিঅ' চিনেমা, জিঅ' চিকিউৰিটি আৰু জিঅ' ক্লাউডৰ সুবিধা লাভ কৰিব।
এইটো প্লেনো আছে ২০০ টকাৰ ভিতৰত
কম ডাটা বিচৰা গ্ৰাহকসকলে ১৭৯ আৰু ১৪৯ টকাৰ প্ৰিপেইড প্লেন ব্যৱহাৰ কৰিব পাৰে। ইয়াত আপুনি দৈনিক 1 GB ডাটা, 100 এছএমএছ, সীমাহীন ভইচ কল লাভ কৰিব। ১৭৯ টকাৰ প্লেনৰ বৈধতা ২৪ দিন আৰু ১৪৯ টকাৰ প্লেনৰ বৈধতা ২০ দিন।
এয়াৰটেলৰ ২০০ টকাৰ তলৰ প্লেনএয়াৰটেলৰ ২০০ টকাতকৈ কম মূল্যত তিনিটা প্লেন আছে। ইয়াৰ সৰ্বনিম্ন প্লেন ৯৯ টকাৰ। ইয়াত আপুনি দৈনিক 200 MB ডাটা, 99 টকাৰ টকটাইম লাভ কৰিব। এই প্লেনত প্ৰতি ছেকেণ্ডত ১ পইচা হাৰত কল কৰিব পাৰিব। ইয়াৰ উপৰি, এয়াৰটেলে 155 টকাৰ প্লেন এটাও আগবঢ়ায়, য'ত আপুনি দৈনিক 1 GB ডাটা, True আনলিমিটেড কল, 300 এছএমএছ, বিনামূলীয়া হেলো টিউন, আমাজন প্ৰাইমৰ 30 দিনৰ বিনামূলীয়া পৰীক্ষণ আৰু বিনামূলীয়া উইংক মিউজিক প্লেন লাভ কৰিব। এই প্লেনৰ বৈধতা ২৪ দিনৰ বাবে।
তাৰ পিছত এয়াৰটেলৰ ১৭৯ টকাৰ প্লেন এটাও আছে। ইয়াত আপুনি 2 GB ডাটা, সীমাহীন কল আৰু 300 এছএমএছ লাভ কৰে। এই প্লেনৰ বৈধতা হৈছে ২৮ দিন। আপুনি 30 দিনৰ বাবে বিনামূলীয়া হেলো টিউন, আমাজন প্ৰাইম ফ্ৰী ট্ৰায়েল আৰু ফ্ৰী উইংক মিউজিকো লাভ কৰে।
ভোডাফোন-আইডিয়াৰ 200 টকাৰ কম মূল্য প্লেন
ভোডাফোন-আইডিয়াই ইয়াৰ ২০০ টকাতকৈ কম মূল্যত ১৪৯ টকাৰ সৰ্বনিম্ন প্লেন আগবঢ়ায়। 149 টকাৰ প্লেনত, আপুনি দৈনিক 1 GB ডাটাৰ লগতে সীমাহীন ভইচ কল লাভ কৰে। আপুনি এই আঁচনিত কোনো এছএমএছ সুবিধা নাপায়। এই আঁচনিখনৰ বৈধতা হৈছে ২১ দিন। ইয়াৰ উপৰি, কোম্পানীটোৰ ওচৰত 155 টকাৰ প্ৰিপেইড প্লেন আছে য'ত 24 দিনৰ বাবে 1 GB ডাটা, 300এছএমএছ আৰু সীমাহীন কল আছে।
কোম্পানীটোৱে এয়াৰটেলৰ দৰে 179 টকাৰ প্লেন এটাও আগবঢ়ায়, য'ত আপোনাক প্ৰতিদিনে 2 জিবি ডাটা, সীমাহীন কল আৰু 300এছএমএছ প্ৰদান কৰা হয়। এই আঁচনিখনৰ বৈধতা হৈছে ২৮ দিন। ওটিটি সেৱাৰ বাবে, এই আঁচনিয়ে ভিআই চলচ্চিত্ৰ আৰু টিভিৰ সদস্যতা প্ৰদান কৰে।
আপোনাক 199 টকাৰ আন এটা বিকল্পও দিয়া হৈছে ভোডাফোন-আইডিয়াৰ পৰা। ই আপোনাক 28 দিনৰ বাবে প্ৰতিদিনে 1 GB ডাটা, 100 এছএমএছ, সীমাহীন কল আৰু ভিআই চিনেমা আৰু টিভিৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে। লগতে ১২৯ টকাৰ ভি প্ৰিপেইড প্লেন সীমাহীন কল বিচৰা সকলৰ বাবে সৰ্বশ্ৰেষ্ঠ। ইয়াত আপুনি 18 দিনৰ বাবে সীমাহীন ভইচ কল আৰু 200 MB ডাটা পাব পাৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : January 10, 2022, 14:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।