আজিৰে পৰা বেঙ্ক একেৰাহে চাৰি দিনৰ বাবে বন্ধ থাকিব। ইয়াৰ মুখ্য কাৰণ হৈছে বিভিন্ন কৰ্মচাৰী সংঘৰ ধৰ্মঘট (Various Employees Unions Strike)। দেশৰ সৰ্ববৃহৎ বেংক এছ বি আইয়ে এই তথ্য প্ৰদান কৰিছে।
আজিৰে পৰা বেঙ্ক একেৰাহে চাৰি দিনৰ বাবে বন্ধ থাকিব। ইয়াৰ মুখ্য কাৰণ হৈছে বিভিন্ন কৰ্মচাৰী সংঘৰ ধৰ্মঘট (Various Employees Unions Strike)। দেশৰ সৰ্ববৃহৎ বেংক এছ বি আইয়ে এই তথ্য প্ৰদান কৰিছে।
আজিৰে পৰা বেঙ্ক একেৰাহে চাৰি দিনৰ বাবে বন্ধ থাকিব। ইয়াৰ মুখ্য কাৰণ হৈছে বিভিন্ন কৰ্মচাৰী সংঘৰ ধৰ্মঘট (Various Employees Unions Strike)। দেশৰ সৰ্ববৃহৎ বেংক এছ বি আইয়ে পূৰ্বে এই তথ্য প্ৰদান কৰিছিল।
দৰাচলতে, বেংক ইউনিয়নে ২৮ আৰু ২৯ মাৰ্চত (সোমবাৰে আৰু মঙলবাৰে) ধৰ্মঘট ঘোষণা কৰিছে। ইয়াৰ আগতে, শনিবাৰে আৰু দেওবাৰে বেঙ্ক বন্ধ ৰখা হ'ব। ইয়াৰ অৰ্থ হৈছে যে এই মাহত চাৰি দিনৰ বাবে বেংকৰ কাম-কাজৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।
তেওঁলোকে দেশজুৰি ধৰ্মঘটত যোগদান কৰিব
এছবিআইয়ে ইণ্ডিয়ান বেংক এছ'চিয়েশ্যন (IBA)ৰ উদ্ধৃতি দি কৈছিল যে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ব্যক্তিগতকৰণ আৰু বেংক আইন সংশোধনী বিধেয়ক-২০২১ৰ প্ৰতিবাদত ২৮ আৰু ২৯ মাৰ্চত বেংক ইউনিয়নসমূহে দুদিনীয়া ধৰ্মঘট আহ্বান কৰিছে। অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ'চিয়েচন ((AIBEA), বেংক এমপ্লয়িজ ফেডাৰেচন অৱ ইণ্ডিয়া (BEFI) আৰু অল ইণ্ডিয়া বেংক অফিচাৰ্ছ এছ'চিয়েশ্যনে (AIBOA) দেশজুৰি ধৰ্মঘট কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি জাননী জাৰি কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|