নতুন বছৰৰ আগমনে সকলোৰে মনপ্ৰাণ আনন্দমুখৰ কৰি ৰাখিছে যদিও ATMত সঘনে ধন উলিওৱা লোকৰ বাবে নতুন বছৰত আছে বিপৰীত খবৰ। কাৰণ এতিয়াৰ পৰা ATMত নিৰ্দিষ্ট সীমাৰ পিছত ধন উলিয়ালে ভৰিব লাগিব অধিক মাছুল। ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI)এ ATM মাছুল বৃদ্ধি কৰিছে যি ১ জানুৱাৰীৰ পৰাই প্ৰযোজ্য হ'ব।
সাধাৰণতে গ্ৰাহকসকলে তেওঁলোকৰ নিজা একাউ্ণ্ট থকা বেংকৰ এটিএম (ATM)ৰ পৰা বিনামূলীয়াকৈ পাঁচবাৰ টকা উলিয়াব পাৰে আৰু আন এটা বেংকৰ ATMৰ পৰা তিনিবাৰ বিনামূলীয়াকৈ টকা উলিয়াব পাৰে। কিন্তু এইবাৰ এই নিয়মত কিছু সালসলনি কৰা হৈছে।
ATMত টকা উলিওৱা (Cash Transaction) আৰু নন-কেছ লেনদেন (Non Cash Transaction) মিলি নিজা একাউ্ণ্ট থকা বেংকৰ এটিএম (ATM)ত ৫বাৰহে লেনদেন কৰিব পাৰিব। আনহাতে অন্য যিকোনো বেংকৰ ATMত সৰ্বাধিক তিনিবাৰহে লেনদেন (Cash or Non Cash Transaction) কৰিব পাৰিব। এই সৰ্বোচ্চ লেনদেনৰ সীমা পাৰ হ'লেই আপুনি ভৰিব লাগিব মাছুল।
ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI)এ ATMৰ পৰা টকা উলিওৱাৰ সীমা অতিক্ৰম কৰিলে অতিৰিক্ত ১ টকা চাৰ্জ ল'বলৈ অনুমতি প্ৰদান কৰিছে। পূৰ্বে এই মাছুল ২০ টকা আছিল আৰু এতিয়া ২০ টকাৰ পৰিৱৰ্তে প্ৰতিটো অতিৰিক্ত ATM লেনদেনত ২১ টকাকৈ চাৰ্জ (Charge) ভৰিব লাগিব। ইয়াৰ সৈতে যোগ হ'ব GSTও।
ইয়াৰ উপৰি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই বেংকসমূহক তেওঁলোকৰ গ্ৰাহকক ATMত অতিৰিক্ত লেনদেনৰ বাবে নিজাকৈ মাছুল নিৰ্ধাৰণৰো অনুমতি দিছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseএতিয়াৰ পৰা ATM ব্যৱহাৰ কৰাৰ আগতে আপুনি মনত ৰাখিব লাগিব আপুনি কিমান বাৰ টকা উলিয়াইছে আৰু কিমানবাৰ ATMত লেনদেন কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|