ছিপাঝাৰৰ গৰুখুঁটি (Garukhuti, Sipajhar)ৰ ৭৭ হাজাৰ ৪২০ বিঘা ভূমিত ভূমি পূজনেৰে ৰাজ্যৰ সৰ্ববৃহৎ কৃষি প্ৰকল্পৰ শুভাৰম্ভণি কৰিলে এই প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা (Padma Haxzarika)ই। নিজে ট্ৰেক্টৰ চলাই কৃষি কাৰ্যৰ শুভাৰম্ভণি কৰিলে চতিয়াৰ বিধায়কগৰাকীয়ে। পদ্ম হাজৰিকাৰ লগতে ছিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে ট্ৰেক্টৰ চলাই কৃষি কাৰ্যৰ শুভাৰম্ভ কৰে। বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত এই প্ৰকল্পৰ জৰিয়তে ঢলপুৰ গৰুখুটি অঞ্চলৰ ৭৭ হাজাৰ ৪২০ বিঘা ভূমিৰ বেদখল উচ্ছেদ কৰি কৃষি প্ৰকল্প ৰূপায়ণ কৰাৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰে এইবাৰ বাজেটত ৯ কোটি ৬০ লাখ টকা আবণ্টন দিছে।
স্থানীয় কৃষক সকলক লগত লৈ সমবায় ভিত্তিত বৃহৎ কৃষি ভূমিত গৰুখুঁটি কৃষি প্ৰকল্প (Garukhuti Agricultural Project) ৰূপায়ণ কৰা হ'ব। অধ্যক্ষ পদ্ম হাজৰিকাই কয়, "আজি পবিত্ৰ ঈদৰ দিনটোত ভূমি পূজন কৰি কৃষি কাৰ্য আৰম্ভ কৰিছোঁ। আৰু আজিৰ পৰা গৰুখুটি প্ৰকল্প আৰম্ভ হ'ল। আমি কিমান মাটি কৃষি কাৰ্য কৰিম, মহৰ খুটি, গৰু খুটি, কিমান মাটিত ছাগলী পালন, কিমান গাহৰি পালন কৰিম, মাছ- মাংস- গাখীৰ উৎপাদন কিদৰে কৰিম এই সকলো ৰাইজক লগত লৈ কৰিম । যাৰ কাৰণে দুই হাজাৰ দেশীয় গাই গৰু গুজৰাটৰ পৰা অনা হ'ব। ম'হ অনা হ'ব, উন্নত জাতৰ ছাগলী অনা হ'ব। বহিঃৰাজ্যৰ পৰা কোটি কোটি টকাৰ মাছ, মাংস, গাখীৰ আহি আছে সেইটো আমি ইয়াত উৎপাদন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আত্মনির্ভৰ অসম (Atmanirbhar Assam) গঢ়াৰ সপোন পূৰণ কৰিব লাগিব।"
ভূমি পূজনত অনুষ্ঠানত কৃষি প্ৰকল্পৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকাৰ লগতে স্থানীয় বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস লগতে কেইবাখনো সমবায়ৰ লোক উপস্থিত থাকে। শুভ অনুষ্ঠানত উপস্থিত থাকি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি স্থানীয় বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে কয়, "আমাৰ এই যাত্ৰাই নতুন কৃষি বিপ্লৱৰ সূচনা কৰিছে, সকলোকে লগত লৈ আমি এই শুভ কৰ্ম আৰম্ভ কৰিছোঁ। এই প্ৰকল্পটোৰ ক্ষেত্ৰত কোনো ধৰণৰ সন্দেহ প্ৰকাশ নকৰিব। এই পবিত্ৰ ধলপুৰৰ পৰাই সমগ্ৰ অসমত কৃষি বিপ্লৱৰ সূচনা হ'ব।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|