পদুলীমূখত ৰঙালী বিহু। অসমীয়াৰ আয়ুসৰেখা বহাগীক আদৰিবলৈ সাজু হৈছে অসমবাসী। খেতি আৰম্ভ কৰাৰ পূৰ্বে পালন কৰা হয় ৰঙালী বিহু। এই বহাগতে আহে প্ৰকৃতিৰ পৰিবৰ্তন। বিহুৰ পাছতেই অসমভূমিত আৰম্ভ হয় চহা খেতিয়কৰ কৃষিকৰ্ম। অন্যহাতে ৰঙালীয়েই হওক বা ভোগালীয়েই হওক দুয়োটা বিহুত খাদ্যসম্ভাৰেও যথেষ্ট গুৰুত্ব লাভ কৰি আহিছে।
বিহু বুলিলেই অন্যতম খাদ্য সম্ভাৰ হৈছে পিঠা-পনা। ইয়াৰ উপৰিও বিহুত বিভিন্ন প্ৰকাৰৰ লাড়ু আৰু মিঠৈও তৈয়াৰ কৰা হয়। তিলৰ লাড়ু, মুড়িৰ লাড়ু, আখৈৰ লাড়ু, নাৰিকলৰ লাড়ু, কেঁচা মিঠৈ, পকা মিঠৈ আদি সাধাৰণতে সকলোৰে প্ৰিয় ৷ তিল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, বৰ পিঠা, ফেনী পিঠা, খোলা চপৰীয়া পিঠা, জোনপিঠা, টেকেলি পিঠা, টোপোলা পিঠা, কল পিঠা, চুঙা পিঠা, মুঠীয়া পিঠা, সুতুলি পিঠা, লুথুৰি পিঠা ইত্যাদি অসমীয়া জাতিৰ পৰম্পৰাগত খাদ্য।
ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো ব্যৱসায়ভিত্তিত লাড়ু-পিঠা প্ৰস্তুত কৰা উদ্যোগ গঢ়ি উঠিছে ৷ বহু ক্ষুদ্ৰ উদ্যোগে এই লাড়ু-পিঠা প্ৰস্তুত কৰি আহিছে। গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত পাৰ্বতী ফুড প্ৰডাক্টৰ জৰিয়তে প্ৰণৱ মেধিয়ে এই থলুৱা পিঠা-পনাৰ ব্যৱসায় আৰম্ভ কৰিছে। বিগত বৰ্ষত জি এচ টি প্ৰায় ১৮ লাখ টকা পৰিশোধ কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীজনে। প্ৰায় ৪ জনকৈ কৰ্মচাৰীৰ জৰিয়তে প্ৰণৱ মেধিয়ে চলাইছে এই ব্যৱসায়।
অন্যহাতে গুৱাহাটী মহানগৰীত গঢ়ি উঠিছে পিঠা-পনা প্ৰস্তত কৰা প্ৰায় ৫০ টা উদ্যোগ। নিতৌ পুৱাৰ ভাগত বিভিন্ন ব্যৱসায়িক প্ৰতিস্থানত যোগান ধৰা হয় লাড়ু-পিঠাসমূহ। উল্লেখযোগ্য যে, পাৰ্বতী ফুড প্ৰডাক্টৰ দৰে লাড়ু-পিঠা বিক্ৰীৰ জড়িয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংস্থাপিত হৈছে বহুকেইজন নিবনুৱা। বহু আত্মসহায়ক গোটেও লাড়ু-পিঠা বিক্ৰী কৰি লাভজনক এক স্থিতিত উপনীত হৈছে ৷
Published by: Sehnaz Begum
FIRST PUBLISHED : March 31, 2023, 11:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।