শেহতীয়াকৈ চৰকাৰে অসম চাহ নিগমৰ চাহ বাগিচাসমূহ দীৰ্ঘ সময়ৰ বাবে লীজত দিয়াৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাহ শ্ৰমিকসকলৰ মাজত । যোৰহাটত এই সন্দৰ্ভত অসম চাহ মজদুৰ সংঘৰ সংশ্লিষ্ট অঞ্চলসমূহৰ বিষয়ববীয়া আৰু প্ৰতিনিধিসকলৰ মাজত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় য'ত এই সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
এটাৰ পিছত আনটো চৰকাৰী সম্পদ বিক্রী কৰাৰ পিছত, শেহতীয়াকৈ চৰকাৰে লীজত দিবলৈ ওলাইছে ধাৰত পোত খাই থকা Assam Tea Corporation Limitedৰ চাহ বাগান কেইখন । এই প্ৰক্ৰিয়াৰ কাৰণে ইতিমধ্যে নিবিদা জাৰী কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠান ATCLৰ হাতত আছে ১৫খন বাগান । এই বাগানসমূহত জড়িত হৈ আছে প্ৰায় ১৬ হাজাৰ শ্ৰমিক আৰু কৰ্মচাৰী । ATCL প্রতি বছৰে সন্মুখীন হৈ আছে প্ৰায় ৭০কোটি টকা লোকচানৰ । প্ৰতিষ্ঠানটোৰ আছে ৫০০ কোটি টকাৰ ঋণ। শ্ৰমিক সকলৰ ভৱিষ্যনিধী আৰু অন্য প্ৰাপ্য পৰিশোধ কৰিবলগীয়া আছে প্ৰায় ৫০০কোটি টকাৰ । ব্যক্তিগত খণ্ডক লীজত দিয়া সিদ্ধান্তৰ বিষয়ে অৱগত হোৱাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাহ নিগমৰ শ্ৰমিক সমাজৰ মাজত । বৃহস্পতিবাৰে এই সন্দৰ্ভত যোৰহাটত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই লীজ প্ৰক্ৰিয়াৰ বিষয়ে এমাহৰ ভিতৰত বাগিচাসমূহৰ শ্ৰমিক-কৰ্মচাৰীসকলক অৱগত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে অসম চাহ মজদুৰ সংঘই ।
"এই বাগিচাসমূহ লীজত দিলে চৰকাৰে কেনেদৰে চুক্তি কৰিব ! ইয়াৰ পিছত চাহ বাগিচাসমূহত কেনেদৰে উন্নয়ন কৰিব ! আমাৰ শ্ৰমিকসকলে শ শ কোটি টকা পাবলৈ আছে । এই টকাবোৰ দিয়াৰ ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হ'ব বা যি লোকে এই বাগিচাসমূহ ল'ব তেওঁলোকে শ্ৰমিকৰ কল্যাণৰ বাবে কেনে পদক্ষেপ গ্ৰহণ কৰিব ইত্যাদি কথাবোৰ আমাক এমাহৰ ভিতৰত জনাবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ । তেতিয়া আমিও আশ্বস্ত হ'ম যে এটা মহৎ উদ্দেশ্য লৈ অসম চৰকাৰে অসম চাহ নিগমৰ বাগানবোৰ উন্নত কৰিবলৈ চেষ্টা কৰিছে।" অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সভাপতি পৱন সিং ঘাটোৱাৰে এনেদৰে কয় ।
অসম চাহ নিগমৰ বাগিচাসমূহ অভিলেখ পৰিমাণৰ লোকচানত চলিছে বুলি জানিবলৈ দি অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে আৰু কয় যে যিহেতু চাহ মজদুৰসকলৰ জীৱন-জীৱিকা চলি থাকে চাহ বাগিচাক লৈ, গতিকে চৰকাৰে গ্ৰহণ কৰা এই লীজ প্ৰক্ৰিয়াৰ জৰিয়তে চাহ বাগিচাসমূহৰ লগতে চাহ শ্ৰমিকসকল কেনেদৰে উপকৃত হ'ব সেই কথা অৱগত কৰিবলৈ এচিএমএছে চৰকাৰক দাবী জনাইছে ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|