মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিশপুৰত অনুষ্ঠিত কেবিনেট বৈঠকে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আনিছে সুখবৰ।
কেবিনেট বৈঠকত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ (DA) আৰু মৰগীয়া সাহায্য (DR) ২৮ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ বৰ্তমানৰ ১৭ শতাংশৰ পৰা ১১ শতাংশ বৃদ্ধি হৈ ২৮ শতাংশ হ'ল কৰ্মচাৰীৰ মৰগীয়া বানচ। এই বৃদ্ধি ২০২১ চনৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব।
কেবিনেট বৈঠকৰ অন্তত আয়োজিত সংবাদমেলত মন্ত্ৰী অজন্তা নেওগে কয়, "অহা ২০ আগষ্টত আমাৰ চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হ'ব । এই শুভক্ষণতে চৰকাৰে কৰ্মচাৰীসকলৰ DA আৰু DR ২৮ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটত।"
আনহাতে কৰ্মচাৰীসকলক আন এক সকাহ দিছে আজিৰ কেবিনেট বৈঠকে। ক’ভিড মহামাৰীৰ বাবে ২০২০ চনৰ ২০ মাৰ্চৰ আগতে ছুটিত থকা যিসকল কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যত অনুপস্থিত আছিল তেওঁলোকৰ সেই অনুপস্থিতিৰ কালছোৱা নিয়মীয়াকৰণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে নিয়োগ সৃষ্টিৰ লক্ষ্যৰে চৰাকৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নতুন চাকৰিত নিযুক্তিৰ ভিতৰত ৫২৫০০ টা পদত নিযুক্তিৰ অনুমোদন জনাইছে আজিৰ কেবিনেটে।সংবাদ মেলত অজন্তা নেওগে কয়, "এক লাখ নতুন চাকৰি নিযুক্তিৰ ভিতৰত স্বাস্থ্য, শিক্ষা আৰু গৃহ বিভাগত ৫২,৫০০টা পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত আজিলৈকে হ'ল।" বাকী থকাখিনি পিছৰ পৰ্যায়ত নিযুক্তি দয়াৰ ব্যৱস্থা কৰা হ'ব।
উল্লেখ্য যে এই ৫২,৫০০ৰ ভিতৰত স্বাস্থ্য বিভাগৰ অধীনত ৮,৮৫৫টা পদত নিযুক্তি দিয়াৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়। স্বাস্থ্য বিভাগৰ অধীনত চিকিৎসক, নাৰ্ছ, পেৰামেডিকেল কৰ্মচাৰী আদি বিভিন্ন কাৰিকৰী পদকে ধৰি মুঠ ৮,৮৫৫টা পদত নিযুক্তি দিয়াৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়। এই নিযুক্তি প্ৰক্ৰিয়া অহা ছেপ্টেম্বৰ মাহত আৰম্ভ হ’ব বুলি জনায় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
আনহাতে নিবনুৱা সমস্যা সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিবহণ আৰু দক্ষতা বিকাশ বিভাগৰ যৌথ উদ্যোগত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ পৰা ৫০ গৰাকীকৈ যুৱক-যুৱতীক গাড়ীচালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়। ৰাজ্যখনৰ সৰ্বমুঠ ৬৬০০ গৰাকী যুৱক-যুৱতীক এই ৪৫ দিনীয়া প্ৰশিক্ষণৰ অন্তত চৰকাৰে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। তদুপৰি প্ৰশিক্ষণৰ অন্তত তেওঁলোকে বাণিজ্যিক যাত্ৰীবাহী বাহন ক্ৰয় কৰিব বিচাৰিলে চৰকাৰে ১ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 11, 2021, 21:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।