মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিশপুৰত অনুষ্ঠিত কেবিনেট বৈঠকে ৰাজ্যৰ নিয়োগ ক্ষেত্ৰৰ কাৰণে লৈছে ডাঙৰ সিদ্ধান্ত। চৰাকৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নতুন চাকৰিত নিযুক্তিৰ ভিতৰত ৫২৫০০ টা পদত নিযুক্তিৰ অনুমোদন জনাইছে আজিৰ কেবিনেটে। এই কথা ঘোষণা কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে।
সংবাদ মেলত অজন্তা নেওগে কয়, "এক লাখ নতুন চাকৰি নিযুক্তিৰ ভিতৰত স্বাস্থ্য, শিক্ষা আৰু গৃহ বিভাগত ৫২,৫০০টা পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত আজিলৈকে হ'ল।" বাকী থকাখিনি পিছৰ পৰ্যায়ত নিযুক্তি দয়াৰ ব্যৱস্থা কৰা হ'ব।
উল্লেখ্য যে এই ৫২,৫০০ৰ ভিতৰত স্বাস্থ্য বিভাগৰ অধীনত ৮,৮৫৫টা পদত নিযুক্তি দিয়াৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়। মন্ত্ৰী কেশৱ মহন্তই কয়, "ৰাজ্য চৰকাৰৰ ১ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ লক্ষ্যৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ অধীনৰ চিকিৎসক, নাৰ্ছ, পেৰামেডিকেল কৰ্মচাৰী আদি বিভিন্ন কাৰিকৰী পদকে ধৰি মুঠ ৮,৮৫৫টা পদত নিযুক্তি দিয়াৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়। এই নিযুক্তি প্ৰক্ৰিয়া অহা ছেপ্টেম্বৰ মাহত আৰম্ভ হ’ব।"
ইপিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ বৰ্তমানৰ ১৭ শতাংশৰ পৰা ১১ শতাংশ বৃদ্ধি কৰি ২৮ শতাংশ কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনাইছে। এই বৃদ্ধি ২০২১ চনৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব।
মন্ত্ৰী অজন্তা নেওগে কয়, "অহা ২০ আগষ্টত আমাৰ চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হ'ব ।এই শুভক্ষণতে চৰকাৰে কৰ্মচাৰীসকলৰ DA আৰু DR বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটত।"
লগতে ক’ভিড মহামাৰীৰ বাবে ২০২০ চনৰ ২০ মাৰ্চৰ আগতে ছুটিত থকা যিসকল কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যত অনুপস্থিত আছিল তেওঁলোকৰ সেই অনুপস্থিতিৰ কালছোৱা নিয়মীয়াকৰণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।
আনহাতে নিবনুৱা সমস্যা সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিবহণ আৰু দক্ষতা বিকাশ বিভাগৰ যৌথ উদ্যোগত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ পৰা ৫০ গৰাকীকৈ যুৱক-যুৱতীক গাড়ীচালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়। ৰাজ্যখনৰ সৰ্বমুঠ ৬৬০০ গৰাকী যুৱক-যুৱতীক এই ৪৫ দিনীয়া প্ৰশিক্ষণৰ অন্তত চৰকাৰে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। তদুপৰি প্ৰশিক্ষণৰ অন্তত তেওঁলোকে বাণিজ্যিক যাত্ৰীবাহী বাহন ক্ৰয় কৰিব বিচাৰিলে চৰকাৰে ১ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|