মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »Nalbari : লক্ষ্মী-সৰস্বতী দুয়োৱে সংগ দিছে নলবাৰীৰ প্ৰণামীক, স্বাৱলম্বিতাৰ সৰল উদাহৰণ

Nalbari : লক্ষ্মী-সৰস্বতী দুয়োৱে সংগ দিছে নলবাৰীৰ প্ৰণামীক, স্বাৱলম্বিতাৰ সৰল উদাহৰণ

সফল ক্ষুদ্ৰ উদ্যোগী প্ৰণামী হালৈ 

সফল ক্ষুদ্ৰ উদ্যোগী প্ৰণামী হালৈ 

এতিয়া প্ৰণামী হালৈ এগৰাকী সফল ক্ষুদ্ৰ উদ্যোগী । যু্তীগৰাকীৰ অদম্য হেপাহ আৰু মনোবলৰ ফলত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে সীমাৰ পৰিধি ভাঙি সুদূৰ থাইলেণ্ডৰ বেংকক আদিলৈও ৰপ্তানি হৈছে আৰণ্যক ব্ৰেণ্ডৰ বিভিন্ন জুতিলগা আচাৰ । 

  • Share this:
ৰাজেশ বৈশ্য, নলবাৰী: নলবাৰী চহৰৰ পৰা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহিলে জিলাখনৰ বৰজাৰত দেখিবলৈ পোৱা যায় প্ৰণামী হালৈৰ এখন চাহৰ দোকান ৷ লগতে এটি ক্ষুদ্ৰ আচাৰ উদ্যোগো ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ সম্বল প্ৰণামী।

চৰকাৰী চাকৰি এটাৰ পিছত হাবাথুৰি নাখাই "আৰণ্যক ফুড প্ৰডাক্ট" নামেৰে এটা আচাৰৰ ব্ৰেণ্ড সাজি এগৰাকী সফল উদ্যোগীলৈ নিজৰ জীৱনৰ বাট মেলিছে প্ৰণামীয়ে। কেৱল সিমানেই নহয়, প্ৰণামী হালৈ নামৰ এই যুৱতীগৰাকী এতিয়া হৈ পৰিছে আন দহগৰাকীৰ বাবে আদৰ্শ।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৩শতাংশ নম্বৰ লাভ কৰাৰ পিছত নলবাৰী মহাবিদ্যালয়ত স্নাতক আৰু নলবাৰী বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা ডি এল এড ডিগ্ৰীত অধ্যয়নৰত মেধাবী ছাত্ৰীগৰাকীয়ে শিক্ষা জীৱনৰ সমান্তৰালকৈ চলাই নিছে নিজে গঢ়ি-পিটি লোৱা ব্যৱসায়টোও।

মাত্ৰ চাৰি হাজাৰ টকাৰে আৰম্ভ কৰা প্ৰণামীৰ এই ক্ষুদ্ৰ ব্যৱসায়টো এটা বছৰতে ৫ লাখ টকাৰ ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে। ব্যৱসায়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত স্থানীয় বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে বিশ হাজাৰ টকাৰ এক আৰ্থিক অনুদান আগবঢ়ায় প্ৰণামীক।

এতিয়া প্ৰণামী হালৈ এগৰাকী সফল ক্ষুদ্ৰ উদ্যোগী । যুৱতীগৰাকীৰ অদম্য হেঁপাহ আৰু মনোবলৰ ফলত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে সীমাৰ পৰিধি ভাঙি সুদূৰ থাইলেণ্ডৰ বেংকক আদিলৈও ৰপ্তানি হৈছে আৰণ্যক ব্ৰেণ্ডৰ বিভিন্ন জুতিলগা আচাৰ।

শেহতীয়া বাতৰি