পঞ্জাৱ নেচনেল বেংকত (PNB) ঋণ জালিয়াতিৰ আন এটা ঘটনা পোহৰলৈ আহিছে। ঋণ জালিয়াতিৰ মূল্য ২০৬০ কোটি টকা। বেঙ্কে সোমবাৰে, ১৫ মাৰ্চত IL&FS তামিলনাডু পাৱাৰ কোম্পানী লিমিটেডৰ (ITPCL) NPA একাউণ্টত ২,০৬০ কোটি টকাৰ জালিয়াতিৰ প্ৰতিবেদন দিছে। বেংকে কৈছিল যে ই ইতিমধ্যে নিৰ্ধাৰিত নিয়মৰ অধীনত ইয়াৰ বাবে ৮২৪.০৬ কোটি টকাৰ ব্যৱস্থা কৰিছে।
ষ্টক এক্সচেঞ্জসমূহলৈ এক জাননীত বেংকে কয়, "বেংকৰ হৈ কোম্পানীৰ একাউণ্টত পোৱা ২০৬০.১৪ কোটি টকাৰ জালিয়াতিৰ বিষয়ে আৰবিআইলৈ তথ্য প্ৰেৰণ কৰা হৈছে। নিৰ্ধাৰিত নিয়ম অনুসৰি বেংকে ইতিমধ্যে ৮২৪.০৬ কোটি টকাৰ ব্যৱস্থা কৰিছে। মঙলবাৰে পঞ্জাৱ নেচনেল বেংকৰ (PNB) শ্বেয়াৰ ২.৪৫ শতাংশ হ্ৰাস হৈ ৩৫.৯০ টকাত বন্ধ হৈছে।
IL&FS তামিলনাডু পাৱাৰ কোম্পানী লিমিটেডৰ ঘটনা
প্ৰায় এমাহ আগতে, পঞ্জাৱ আৰু সিন্দ বেঙ্কেও ফেব্ৰুৱাৰীত ITPCLক 148 কোটি টকাৰ বকেয়া ৰখাৰ সৈতে এটা প্ৰৱঞ্চনা একাউণ্ট ঘোষণা কৰিছিল। ষ্টক এক্সচেঞ্জসমূহক দিয়া এক জাননীত বেংকে কৈছিল, "IL&FS তামিলনাডু পাৱাৰ কোম্পানী লিমিটেডৰ এনপিএ একাউণ্টক জালিয়াতি হিচাপে ঘোষণা কৰা হৈছে, যাৰ বকেয়া পৰিমাণ হৈছে ১৪৮.৮৬ কোটি টকা। আৰবিআইক এই বিষয়ে অৱগত কৰা হৈছে।"
ঋণগ্ৰস্ত কোম্পানী ইনফ্ৰাষ্ট্ৰাকচাৰ লীজিং এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেডে (IL&FS) ইয়াৰ শক্তি প্লেটফৰ্ম IEDCLৰ অধীনত ITPCLক মুকলি কৰিছিল, যাৰ উদ্দেশ্য আছিল তামিলনাডুৰ কাডালুৰুত তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰা।
Published by: Kokil Sarma
FIRST PUBLISHED : March 15, 2022, 21:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।