আমুল গাখীৰ (Amul Milk) ক্ৰয় কৰাটো এতিয়া ব্যয়বহুল হ'ব। দৰাচলতে, কোম্পানীটোৱে সমগ্ৰ দেশতে গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
আমুল গাখীৰ (Amul Milk) ক্ৰয় কৰাটো এতিয়া ব্যয়বহুল হ'ব। দৰাচলতে, কোম্পানীটোৱে সমগ্ৰ দেশতে গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
আমুল গাখীৰ (Amul Milk) ক্ৰয় কৰাটো এতিয়া ব্যয়বহুল হ'ব। দৰাচলতে, কোম্পানীটোৱে সমগ্ৰ দেশতে গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। শেহতীয়া হাৰ অনুসৰি, ১ মাৰ্চৰ পৰা, আমুল গোল্ডৰ মূল্য প্ৰতি ৫০০ মিলিত ৩০ টকা, আমুল ফ্ৰেছৰ প্ৰতি ৫০০ মিলিত ২৪ টকা আৰু গুজৰাটৰ আহমেদাবাদ আৰু সৌৰাষ্ট্ৰৰ বজাৰত আমুল শক্তিৰ মূল্য প্ৰতি ৫০০ মিলিত ২৭ টকা হ'ব।
গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনে (GCMMF) এবছৰ সম্পূৰ্ণ হোৱাৰ আগতে গাখীৰৰ মূল্য বৃদ্ধি কৰিছে। ইয়াৰ আগতে, যোৱা বছৰ জুলাইত, গাখীৰৰ মূল্য বৃদ্ধি কৰা হৈছিল। মূল্য বৃদ্ধি আমূল গাখীৰৰ সকলো ব্ৰেণ্ডৰ বাবে প্ৰযোজ্য হ'ব।
প্ৰায় আঠ মাহৰ পিছত, মূল্য বৃদ্ধি কৰা হৈছে। জিচিএমএমএফে কৈছিল যে উৎপাদন ব্যয় বৃদ্ধি হৈছে মূল্য বৃদ্ধিৰ কাৰণ। কোম্পানীটোৱে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে শক্তি, পেকেজিং, পৰিবহন আৰু পশুখাদ্যৰ মূল্যবৃদ্ধিৰ বাবে গাখীৰৰ মূল্য বৃদ্ধি পাইছে। বৰ্ধিত মূল্য ১ মাৰ্চ, ২০২২-ৰ পৰা কাৰ্যকৰী হ'ব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|