Amul Milk Price Rise: আমূলৰ কোম্পানীয়ে কয় যে এই গাখীৰৰ পৰা পোৱা প্ৰতিটো এটকাৰ ৮০ পইচা গোপালক সকললৈ যায় যিয়ে কোম্পানীত গাখীৰ যোগান ধৰে।
Amul Milk Price Rise: আমূলৰ কোম্পানীয়ে কয় যে এই গাখীৰৰ পৰা পোৱা প্ৰতিটো এটকাৰ ৮০ পইচা গোপালক সকললৈ যায় যিয়ে কোম্পানীত গাখীৰ যোগান ধৰে।
মূল্য বৃদ্ধি হ'ল গাখীৰৰ। আজি অৰ্থাৎ ১ মাৰ্চৰ পৰা আমূল (Amul Milk)ৰ প্ৰতিলিটাৰত গাখীৰত ২ টকাকৈ বৃদ্ধি। ১ তাৰিখৰ পৰা সমগ্ৰ দেশতে বৃদ্ধি পালে আমূল গাখীৰৰ মূল্য। প্ৰতিলিটাৰ আমূল গাখীৰৰ মূল্য বৃদ্ধি পালে ২ টকাকৈ। আমূল কোম্পানীয়ে বৃদ্ধি কৰিলে আমূল ব্ৰেণ্ডৰ গাখীৰৰ মূল্য। এতিয়াৰে পৰা আমূল গোল্ডৰ আধা লিটাৰ গাখীৰৰ মূল্য (Milk Price) হ'ব ৩০ টকা। তেনেদৰে অন্য গাখীৰতো সমূহতো বৃদ্ধি পাব মূল্য।
আমূল তাজা (Amul Taza)ৰ পেকেটৰ প্ৰতি আধা লিটাৰত মূল্য হ'ব ২৪ টকা। লগতে আমূল শক্তিৰ মূল্য হব এতিয়াৰে পৰা প্ৰতি আধা লিটাৰত ২৭ টকা। ইয়াৰ পূৰ্বে ২০২১ বৰ্ষৰ জুলাই মাহত বৃদ্ধি কৰিছিল গাখীৰৰ মূল্য। এইবাৰ এটা বৰ্ষ পূৰ হোৱাৰ পূৰ্বেই আমূলে পুনৰ বৃদ্ধি কৰিছে গাখীৰৰ মূল্য ।
এই ক্ষেত্ৰত আমূলৰ কোম্পানীয়ে কয় যে এই গাখীৰৰ পৰা পোৱা প্ৰতিটো এটকাৰ ৮০ পইচা গোপালক সকললৈ যায় যিয়ে কোম্পানীত গাখীৰ যোগান ধৰে। সেয়ে গাখীৰৰ মূল্য বৃদ্ধি পালে গোপালকেই সেই লাভ কৰে বুলি দোহাৰে কোম্পানীৰ ফালৰ পৰা। ইয়াৰ দ্বাৰা গোপালকসকল অধিক উৎসাহিত হৈ পৰে। উল্লেখযোগ্য যে কোম্পানীৰ এনে সিদ্ধান্তৰ ফলত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সাধাৰণ ৰাইজে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|