Electric Scooter|Jaunty Plus: কোম্পানীটোৱে দাবী কৰিছে যে এই বৈদ্যুতিক স্কুটাৰে ১২০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ মাইলেজ দিব। সম্পূৰ্ণ চাৰ্জ হ'বলৈ ইয়াক মাত্ৰ চাৰি ঘণ্টা লাগিব।
AMO Electric Bikesএ সোমবাৰে ইয়াৰ নতুন বৈদ্যুতিক স্কুটাৰ (Electric Scooter, ইলেক্ট্ৰিক স্কুটাৰ) জণ্টি প্লাছ (Jaunty Plus) মুকলি কৰিছে। ই-স্কুটাৰখনৰ মূল্য ১ লাখ ১০ হাজাৰ ৪৬০ টকা (এক্স-শ্ব'ৰুম)। কোম্পানীটোৱে দাবী কৰিছে যে এই বৈদ্যুতিক স্কুটাৰে ১২০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ মাইলেজ দিব। সম্পূৰ্ণ চাৰ্জ হ'বলৈ ইয়াক মাত্ৰ চাৰি ঘণ্টা লাগিব।
জণ্টি প্লাছৰ এই মডেলটোৱে উচ্চ ক্ষমতাৰ মটৰৰ সৈতে 60 V/40 Ahৰ এডভান্স লিথিয়াম বেটাৰী ব্যৱহাৰ কৰে। ইয়াত এটা ক্ৰুজ নিয়ন্ত্ৰণ চুইচ, ইলেক্ট্ৰনিক সহায়ক ব্ৰেকিং চিষ্টেম (ই-এবিএছ), এণ্টি-থেফ্ট এলাৰ্ম আৰু এক শক্তিশালী চেচিছ আছে। বৈদ্যুতিক স্কুটাৰখনত ব্যৱহাৰকাৰীসকলে টেলিস্কোপিক ফৰ্ক চাচপেনশ্বন, হাই গ্ৰাউণ্ড ক্লিয়াৰেন্স, চাইড ষ্টেণ্ড চেন্সৰ, চেণ্ট্ৰেল লকিং, ফ্ৰণ্ট ডিস্ক ব্ৰেক, ডিআৰএল লাইট আৰু ইঞ্জিন কিল চুইচ আদিৰ দৰে সুবিধা লাভ কৰিব।
কোম্পানীটোৱে দাবী কৰিছে যে এই বৈদ্যুতিক স্কুটাৰখনে চালকক ১২০ কিলোমিটাৰতকৈ অধিক ৰেঞ্জ প্ৰদান কৰিব। ইয়াত ডিচি মটৰ আছে যি দ্ৰুত-চাৰ্জিং সুবিধাৰ সৈতে সংযোজিত। বৈদ্যুতিক বাহনখন সম্পূৰ্ণৰূপে চাৰ্জ হ'বলৈ চাৰি ঘণ্টা লাগিব। ইভিত স্থিৰ আৰু পোৰ্টেবল বেটাৰী পেকৰ বিকল্প থাকিব। জণ্টি প্লাছ ই-স্কুটাৰত চালকৰ বাবে এটা মোবাইল ইউএছবি চাৰ্জিং পোৰ্ট আছে।
জণ্টি প্লাছ বৈদ্যুতিক স্কুটাৰখনত তিনি বছৰৰ ৱাৰেণ্টী লাভ কৰিব। পাঁচটা বিভিন্ন প্ৰকাৰৰ ৰঙত যেনে ৰেড-ব্লেক, গ্ৰে-ব্লেক, ব্লু-ব্লেক, হোৱাইট-ব্লেক আৰু হালধীয়া-ক'লা ৰঙত পাব। স্কুটাৰখন ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৪০টা ডিলাৰশ্বিপত বিক্ৰীৰ বাবে উপলব্ধ হ'ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|