সমগ্ৰ বিশ্বৰ কোম্পানীবোৰে কৰ্মচাৰীসকলক ছাঁটাই কৰি আছে বা ছাঁটাইৰ পৰিকল্পনা কৰি আছে। ইফালে, ফাষ্ট ফুড ৰেষ্টুৰেণ্ট চেইন মেকডনাল্ডছ ইণ্ডিয়াই (উত্তৰ আৰু পূব) অহা তিনি বছৰত বিপনীসমূহৰ সংখ্যা দুগুণ কৰি প্ৰায় ৫,০০০ লোকক নিয়োগ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে।
মেকডনাল্ডে অহা তিনি বছৰত উত্তৰ আৰু পূব অঞ্চলত ৰেষ্টুৰেণ্টৰ সংখ্যা দুগুণ কৰি ৩০০ কৰাৰ পৰিকল্পনা কৰিছে, কোম্পানীৰ এজন শীৰ্ষ বিষয়াই কয়। এই সময়ছোৱাত প্ৰায় ৫০০০ লোকক নিযুক্তি দিয়া হ'ব।
ভাৰতৰ সৰ্ববৃহৎ মেকডনাল্ড ৰেষ্টুৰেণ্ট গুৱাহাটীত মুকলি হৈছে
মেকডনাল্ডছে সোমবাৰে সম্প্ৰসাৰণ পৰ্যায়ত গুৱাহাটীত ভাৰতৰ সৰ্ববৃহৎ ৰেষ্টুৰেণ্ট মুকলি কৰে। ৰেষ্টুৰেণ্টখন প্ৰায় ৬,৭০০ বৰ্গফুট এলেকাত বিয়পি আছে আৰু ইয়াত ২২০ জন লোক বহিব পাৰে।
কোম্পানীটোৱে ৰাজ্যসমূহত ইয়াৰ নেটৱৰ্ক সম্প্ৰসাৰিত কৰিব বিচাৰে
মেকডনাল্ডছ ইণ্ডিয়া (উত্তৰ আৰু পূব)ৰ পৰিচালনা সঞ্চালক ৰাজীৱ ৰঞ্জনে কৈছে যে কোম্পানীটো দ্ৰুতগতিত বৃদ্ধি হৈ আছে আৰু এই ক্ৰমত ই ৰাজ্যসমূহত ইয়াৰ নেটৱৰ্ক সম্প্ৰসাৰিত কৰিব বিচাৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : December 12, 2022, 22:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।