CCIৰ 17 ডিচেম্বৰ, 2021ৰ আদেশে Amazonৰ এই দাবী নস্যাত কৰে যে Future Couponsত ইয়াৰ বিনিয়োগে ইয়াৰ অধিকাৰ পৰিসৰৰ ভিতৰত ফিউচাৰ ৰিটেইল (Future Retail)কো অন্তৰ্ভুক্ত কৰে।
দিল্লী উচ্চ ন্যায়ালয়ৰ এক খণ্ড বিচাৰপীঠে ফিউচাৰ গ্ৰুপ (Future group) ত ২০১৯ চনত আমাজন (Amazon)ৰ দ্বাৰা কৰা বিনিয়োগৰ সন্দৰ্ভত ফিউচাৰ গ্ৰুপৰ বিৰুদ্ধে আমাজনৰ দ্বাৰা আৰম্ভ কৰা মধ্যস্থতাৰ প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰিছে। উচ্চ ন্যায়ালয়ে দুঘণ্টাতকৈও অধিক সময় ধৰি পক্ষবোৰৰ শুনানি লোৱাৰ পিছত এটা আদেশ প্ৰদান কৰে য'ত এইটোও ৰেকৰ্ডত ৰখা হয় যে ফিউচাৰ গ্ৰুপৰ দ্বাৰা অন্তৱৰ্তীকালীন সকাহৰ বাবে প্ৰাথমিক ভাৱে এটা গোচৰ তৰা হৈছে।
আৰব্ৰিটেল ট্ৰিবিউেনেলে (arbitral tribunal) প্ৰাথমিক বিষয় হিচাপে গণ্য কৰি মধ্যস্থতাৰ কাৰ্যক্ৰমক সমাপ্ত কৰাৰ বাবে কৰা আবেদনৰ শুনানি ল'বলৈ অস্বীকাৰ কৰাৰ পিছত ফিউচাৰ গ্ৰুপে দিল্লী উচ্চ ন্যায়ালয় (Delhi High Court)ৰ কাষ চাপিছিল। ফিউচাৰ গ্ৰুপে যুক্তি দিছিল যে যিহেতু চিচিআই (CCI)য়ে দেখিছে যে আমাজনে ফিউচাৰ কুপন প্ৰাইভেট লিমিটেড (Future Coupons Private Limited)ত ইয়াৰ বিনিয়োগৰ বাবে অনুমোদন বিচাৰি ঠগ, প্ৰৱঞ্চনা আৰু ভুল তথ্য প্ৰদৰ্শন কৰিছে আৰু আমাজনক এক সঠিক জাননী দাখিল কৰিবলৈ নিৰ্দেশ দিছে, আৰু বিনিয়োগ স্থগিত ৰাখিছে, সেয়ে আমাজন আৰু ফিউচাৰ কুপনৰ মাজত হোৱা চুক্তি বলৱৎ কৰাৰ অনুপযোগী হৈ পৰিছে।
CCIৰ আদেশটো আমাজন আৰু ফিউচাৰ কুপনৰ মাজত হোৱা মধ্যস্থতাকাৰী বিবাদৰ পটভূমিত আহিছে, য'ত আমাজনে ফিউচাৰ ৰিটেইল লিমিটেড (Future Retail Limited, ফিউচাৰ গ্ৰুপৰ ৰিটেইল শাখা)ত যোগদান কৰিবলৈ বিচাৰিছে। ফিউচাৰ ৰিটেইলে স্পষ্ট কৰি দিছে যে আমাজনৰ সৈতে ইয়াৰ কোনো চুক্তিগত সম্পৰ্ক নাই আৰু সেয়েহে ইয়াক মধ্যস্থতালৈ টানি নিব নোৱাৰি যাৰ জৰিয়তে আমাজনে ফিউচাৰ ৰিটেইল আৰু ৰিলায়েন্স (Future Retail and Reliance)ৰ মাজত লেনদেন বন্ধ কৰিব বিচাৰিছে।
ফিউচাৰ গ্ৰুপৰ মতে, ফিউচাৰ ৰিটেইলক দেউলিয়া হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰিলায়েন্সৰ সৈতে লেনদেন প্ৰয়োজনীয় আছিল। আনহাতে আমাজনে দাবী কৰে যে ফিউচাৰ ৰিটেইল আৰু ইয়াৰ খুচুৰা সম্পত্তিবোৰ ফিউচাৰ কুপনত বিনিয়োগ কৰাৰ সিদ্ধান্তৰ কেন্দ্ৰীভূক্ত আছিল আৰু ইয়াত এটা 'একক একত্ৰিত লেনদেন' (single integrated transaction') আছে যি কেৱল আমাজন আৰু ফিউচাৰ কুপনেই নহয়, ফিউচাৰ ৰিটেইলকো বান্ধি ৰাখে।
চিচিআইৰ 17 ডিচেম্বৰ, 2021ৰ আদেশে আমাজনৰ এই দাবী নস্যাত কৰে যে ফিউচাৰ কুপনত ইয়াৰ বিনিয়োগে ইয়াৰ অধিকাৰ পৰিসৰৰ ভিতৰত ফিউচাৰ ৰিটেইলকো অন্তৰ্ভুক্ত কৰে। এই গোটেই পৰিঘটনা এতিয়া এক জটিল আইনী মেৰপাকত সোমাই পৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|