• Home
  • »
  • News
  • »
  • business
  • »
  • Akash Ambani|Reliance Jio|Mukesh Ambani : আকাশ আম্বানীক ৰিলায়েন্স জিঅ’ৰ ব’ৰ্ডৰ অধ্যক্ষ নিযুক্তি; সঞ্চালক পদৰ পৰা পদত্যাগ কৰিলে মুকেশ আম্বানীয়ে

Akash Ambani|Reliance Jio|Mukesh Ambani : আকাশ আম্বানীক ৰিলায়েন্স জিঅ’ৰ ব’ৰ্ডৰ অধ্যক্ষ নিযুক্তি; সঞ্চালক পদৰ পৰা পদত্যাগ কৰিলে মুকেশ আম্বানীয়ে

Akash Ambani|Reliance Jio|Mukesh Ambani : ৰিলায়েন্স জিঅ’ৰ সঞ্চালক মুকেশ আম্বানী (Mukesh Ambani)য়ে  ২৭ জুনৰ পৰা কাৰ্যকৰী হোবাকৈ সঞ্চালক হিচাপে পদত্যাগ কৰাৰ পিছতে আকাশ আম্বানীক অধ্যক্ষৰূপে নিযুক্তি দিয়া হয়। 

Akash Ambani|Reliance Jio|Mukesh Ambani : ৰিলায়েন্স জিঅ’ৰ সঞ্চালক মুকেশ আম্বানী (Mukesh Ambani)য়ে  ২৭ জুনৰ পৰা কাৰ্যকৰী হোবাকৈ সঞ্চালক হিচাপে পদত্যাগ কৰাৰ পিছতে আকাশ আম্বানীক অধ্যক্ষৰূপে নিযুক্তি দিয়া হয়। 

Akash Ambani|Reliance Jio|Mukesh Ambani : ৰিলায়েন্স জিঅ’ৰ সঞ্চালক মুকেশ আম্বানী (Mukesh Ambani)য়ে  ২৭ জুনৰ পৰা কাৰ্যকৰী হোবাকৈ সঞ্চালক হিচাপে পদত্যাগ কৰাৰ পিছতে আকাশ আম্বানীক অধ্যক্ষৰূপে নিযুক্তি দিয়া হয়। 

  • Share this:
আকাশ আম্বানী (Akash Ambani)ক ৰিলায়েন্স জিঅ’ (Reliance Jio)ৰ ব’ৰ্ডৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে। মঙলবাৰে ৰিলায়েন্স জিঅ’ই সদৰী কৰিলে এই কথা। পিতৃ তথা ৰিলায়েন্স জিঅ’ৰ সঞ্চালক মুকেশ আম্বানী (Mukesh Ambani)য়ে  ২৭ জুনৰ পৰা কাৰ্যকৰী হোবাকৈ সঞ্চালক হিচাপে পদত্যাগ কৰাৰ পিছতে আকাশ আম্বানীক অধ্যক্ষৰূপে নিযুক্তি দিয়া হয়।

“২০২২ চনৰ ২৭ জুনত অনুষ্ঠিত হোৱা পৰিচালনা সমিতিৰ বৈঠকত ২০২২ চনৰ ২৭ জুনত কৰ্ম সময় সামৰণিৰ পৰা কাৰ্যকৰী হোৱাকৈ মুকেশ আম্বানীয়ে কোম্পানীটোৰ সঞ্চালক হিচাপে পদত্যাগ কৰাটো লক্ষ্য কৰিছে; আৰু কোম্পানীটোৰ পৰিচালনা সমিতিৰ অধ্যক্ষ হিচাপে অকাৰ্যবাহী সঞ্চালক আকাশ আম্বানীক নিযুক্তি দিবলৈ অনুমোদন জনায়।’ তেলৰ পৰা ৰিটেইললৈ বৃহত ব্যৱসায় সংস্থা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড (Reliance Industries Ltd (RIL)ৰ টেলিকম শাখা ৰিলায়েন্স জিঅ’ই BSEৰ ফাইলিঙত মঙলবাৰে প্ৰকাশ কৰিছে এই কথা।

আকাশে ৰিলায়েন্স গ্ৰুপৰ ডিজিটেল সেৱা আৰু গ্ৰাহক খুচুৰা প্ৰস্তাৱসমূহে নিৰ্ধাৰণ কৰা  বিকাশৰ পথৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু এতিয়া ৫০ কোটিতকৈ অধিক গ্ৰাহকৰ বাবে ডিজিটেলভাৱে আৰু উচ্চ-সমগ্ৰতামূলকভাৱে সমগ্ৰ ভৌগলিক পৰিসৰ আৰু আয়ৰ স্তৰত ‘কনভাৰজেন্স ডিভিডেণ্ড’ সৃষ্টিৰ নেতৃত্ব দিছে ।

ৰিলায়েন্স জিঅ’ ইনফ’কমৰ অধ্যক্ষ হিচাপে আকাশৰ উন্নীতকৰণে ডিজিটেল সেৱাৰ যাত্ৰাত তেওঁ আগবঢ়োৱা নিৰ্দিষ্ট অৱদানক স্বীকৃতি দিছে আৰু আগলৈ গৈ তেওঁক আৰু উচ্চ পৰ্যায়ৰ দায়িত্বৰ প্ৰতি পুনৰ উৎসৰ্গা কৰিব বুলি আশা কৰা হৈছে।

ৰিলায়েন্স জিঅ’ ইনফ’কমকে ধৰি সকলো জিঅ’ ডিজিটেল সেৱা ব্ৰেণ্ডৰ মালিকানাধীন ফ্লেগশ্বিপ কোম্পানী জিঅ’ প্লেটফৰ্মছ লিমিটেড (Jio Platforms Ltd)ৰ অধ্যক্ষ হিচাপে থাকিব মুকেশ আম্বানীয়ে।

জিঅ’ৰ 4Gপ্ৰস্তাৱক কেন্দ্ৰ কৰি ডিজিটেল পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ সৈতে আকাশ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। ২০১৭ চনত ইণ্ডিয়া স্পেকচ ফ’কাচড জিঅ’ফোন আৱিষ্কাৰ আৰু মুকলি কৰাৰ ক্ষেত্ৰত তেওঁ অভিযন্তাৰ এটা দলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল যিয়ে বহু লোকক 2Gৰ পৰা 4Gলৈ লৈ যোৱাৰ বাবে যথেষ্ট বৈপ্লৱিক যন্ত্ৰত পৰিণত হৈছিল।

তেওঁ ব্যক্তিগতভাৱে যোৱা কেইবছৰমানৰ পৰা ডিজিটেল ক্ষেত্ৰত জিঅ’ই কৰা মূল অধিগ্ৰহণৰ নেতৃত্ব দিছিল আৰু এআই-এমএল আৰু ব্লকচেইনকে ধৰি নতুন প্ৰযুক্তি আৰু সামৰ্থ্যৰ বিকাশৰ সৈতেও তীক্ষ্ণভাৱে জড়িত হৈ আছে।

২০২০ চনত টেক মেজৰ আৰু বিনিয়োগকাৰীসকলে কৰা ট্ৰেইলব্লেজিং বিশ্ব বিনিয়োগৰ সৈতে আকাশ অবিচ্ছেদ্যভাৱে জড়িত আছিল, যিয়ে বহু দিশত জিঅ’ক বিশ্ব বিনিয়োগকাৰীৰ মানচিত্ৰত তুলি ধৰিছিল।

আকাশে উদ্ভাৱন আৰু প্ৰযুক্তিৰ অত্যাধুনিক দিশত কাম কৰি যাব বুলি আশা কৰা হৈছে যাতে এনে এক পৰিৱেশ তন্ত্ৰক উৎসাহিত কৰিব পাৰি যিয়ে ডিজিটেল সমাধানক অধিক আগুৱাই লৈ যাব আৰু তথ্য আৰু প্ৰযুক্তিৰ শক্তিক সকলোৰে বাবে অধিক সুলভ কৰি তুলিব, যিসকল এতিয়াও বঞ্চিত হৈ আছে।

ভাৰতক এক অতি সৰ্বাংগীন, অতি ডিজিটেল সমাজ হিচাপে গঢ়ি তোলাৰ বাবে তেওঁ জিঅ’ৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও আশা কৰা হৈছে।

উল্লেখ্য যে আকাশ আম্বানীয়ে ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত মেজৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল।

ইপিনে শ্বেয়াৰহোল্ডাৰসকলৰ অনুমোদন সাপেক্ষে ২০২২ চনৰ ২৭ জুনৰ পৰা আৰম্ভ হোৱা পাঁচ বছৰৰ বাবে স্বতন্ত্ৰ পৰিচালক হিচাপে নিযুক্তি দিয়া ৰিলায়েন্স জিঅ’ৰ অতিৰিক্ত পৰিচালক হিচাপে ৰমিন্দৰ সিং গুজৰাল আৰু কে ভি চৌদাৰীক নিযুক্তি দিয়াৰ বাবেও ব’ৰ্ডে অনুমোদন জনাইছে।

ইয়াত শ্বেয়াৰহোল্ডাৰসকলৰ অনুমোদন সাপেক্ষে ২০২২ চনৰ ২৭ জুনৰ পৰা আৰম্ভ হোৱা পাঁচ বছৰৰ বাবে পংকজ মোহন পাৱাৰক কোম্পানীটোৰ পৰিচালন সঞ্চালক হিচাপে নিযুক্তিৰ বাবে অনুমোদন জনোৱা হৈছে।

DISCLAIMER: Network18 আৰু TV18 – news18.com চলোৱা কোম্পানীসমূহ – ইণ্ডিপেণ্ডেণ্ট মিডিয়া ট্ৰাষ্টৰ দ্বাৰা নিয়ন্ত্ৰিত, যাৰ একমাত্ৰ হিতাধিকাৰী হৈছে Reliance Industries.
Published by:Manjumoni Borah
First published: