• Home
  • »
  • News
  • »
  • business
  • »
  • উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰডলি গুৱাহাটীত মুকলি হ'ল Airtel 5G সেৱা; পৰ্যায়ক্ৰমে আৰম্ভ হ'ব Airtel 5G Plus সেৱা

উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰডলি গুৱাহাটীত মুকলি হ'ল Airtel 5G সেৱা; পৰ্যায়ক্ৰমে আৰম্ভ হ'ব Airtel 5G Plus সেৱা

গুৱাহাটীত মুকলি হ'ল Airtel 5G সেৱা

গুৱাহাটীত মুকলি হ'ল Airtel 5G সেৱা

ভাৰতী এয়াৰটেলে এক বিবৃতিত প্ৰকাশ কৰিছে যে ‘Airtel 5G Plus’ সেৱা গ্ৰাহকসকলৰ বাবে পৰ্যায়ক্ৰমে উপলব্ধ হ’ব

  • Share this:
সোমবাৰে টেলিকম অপাৰেটৰ ভাৰতী এয়াৰটেলে কয় যে উত্তৰ-পূবৰ দুৱাৰডলি গুৱাহাটীত শেহতীয়া ৫জি সেৱা আৰম্ভ কৰিছে।

ভাৰতী এয়াৰটেলে এক বিবৃতিত কয় যে কোম্পানীয়ে নিজৰ নেটৱৰ্ক নিৰ্মাণ আৰু ৰোলআউট সম্পূৰ্ণ কৰাৰ লগে লগে গ্ৰাহকৰ বাবে পৰ্যায়ক্ৰমে ‘এয়াৰটেল ৫জি প্লাছ’ সেৱা উপলব্ধ হ’ব।

“৫জি সক্ষম ডিভাইচ থকা গ্ৰাহকে ৰোলআউট অধিক ব্যাপক নোহোৱালৈকে কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ দ্ৰুত গতিৰ এয়াৰটেল ৫জি প্লাছ নেটৱৰ্ক উপভোগ কৰিব,” ইয়াৰ লগতে কয় যে শেহতীয়া প্ৰযুক্তি চহৰখনৰ নিৰ্বাচিত স্থানত উপলব্ধ হ'ব।

কোম্পানীটোৱে লগতে কয় যে ‘এয়াৰটেল ৫জি প্লাছে’ তেওঁলোকে আগবঢ়োৱা সেৱাৰ সমগ্ৰ পৰ্টফলিঅ’ক শক্তিশালী কৰিব।

ইয়াৰ উপৰিও ইয়াৰ জৰিয়তে হাই ডেফিনিশ্যন ভিডিঅ’ ষ্ট্ৰীমিং, গেমিং, মাল্টিপল চেটিং, ফটোৰ তৎক্ষণাত আপলোডিং আৰু বহুতো ক্ষীপ্ৰতৰ প্ৰৱেশৰ সুবিধা হ’ব।

এই মুকলিৰ জৰিয়তে ভাৰতে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক নতুন গতি লাভ কৰিব কাৰণ ৫জি সেৱাই শিক্ষা, স্বাস্থ্যসেৱা, উৎপাদন, কৃষি, গতিশীলতা আৰু লজিষ্টিক আদি বিভিন্ন খণ্ডত সহায় কৰিব বুলি বিবৃতিটোত প্ৰকাশ কৰিছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি