• Home
  • »
  • News
  • »
  • business
  • »
  • Air India|Tata Group: আজিৰে পৰা টাটা গ্ৰুপৰ অধীনলৈ আহিব এয়াৰ ইণ্ডিয়া

Air India|Tata Group: আজিৰে পৰা টাটা গ্ৰুপৰ অধীনলৈ আহিব এয়াৰ ইণ্ডিয়া

Air India|Tata Group: বাতৰি অনুসৰি টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াৰ পুনৰুজ্জীৱীতকৰণৰ কাৰণে এয়াৰলাইনৰ কাৰ্যকৰীতা আৰু সেৱাৰ মান উন্নত কৰিবলৈ ১০০ দিনীয়া এক পৰিকল্পনা প্ৰস্তুত কৰি আছে। 

  • Share this:
আজিৰে পৰা টাটা গ্ৰুপ (Tata Group)ৰ অধীনলৈ আহিব এয়াৰ ইণ্ডিয়া (Air India)। টাটা গ্ৰুপলৈ এয়াৰ ইণ্ডিয়াক হস্তান্তৰৰ কাম সমাপন কৰিবলৈ সাজু হৈছে দুই পক্ষ। নৰেন্দ্ৰ মোডী চৰকাৰ (Narendra Modi government)ৰ ব্যক্তিগতকৰণকাৰ্যসূচীৰ সফল ৰূপায়ণ হ'ব আজি। যোৱা বছৰ অক্টোবৰত টাটা গ্ৰুপৰ হোল্ডিং কোম্পানীৰ সহায়ক কোম্পানী টেলেচ প্ৰাইভেট লিমিটেডে (Talace Private Limited) কেন্দ্ৰীয় চৰকাৰৰ পৰা ১৮,০০০ কোটি টকাত মহাৰাজা (Maharaja ) অধিগ্ৰহণ কৰাৰ নিবিদা লাভ কৰিছিল। ইয়াৰ ভিতৰত ১৫ শতাংশ চৰকাৰৰ হাতলৈ যাব আৰু বাকীখিনি ধনেৰে ঋণ পৰিশোধ কৰা হ'ব।

অৱশ্যে টাটা গ্ৰুপৰ বেনাৰত নচলে এয়াৰ ইণ্ডিয়াৰ বিমানসমূহ। বিষয়াসকলে জনোৱা মতে নামৰ কোনো সলনি নহয়।

CNBC-TV18ৰ সূত্ৰৰ মতে, এয়াৰ ইণ্ডিয়াই পদত্যাগ কৰাৰ পিছত বৃহস্পতিবাৰে এখন নতুন বোৰ্ড গঠন কৰা হ'ব। টাটা গ্ৰুপে বিশ্বব্যাপী বিমান উদ্যোগৰ পৰা এজন অভিজ্ঞ লোকক এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া (Air India CEO) হিচাপে নিযুক্তি দিয়াৰ বাবেও আলোচনা কৰি আছে।

বাতৰি অনুসৰি টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াৰ পুনৰুজ্জীৱীতকৰণৰ কাৰণে এয়াৰলাইনৰ কাৰ্যকৰীতা আৰু সেৱাৰ মান উন্নত কৰিবলৈ ১০০ দিনীয়া এক পৰিকল্পনা প্ৰস্তুত কৰি আছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি