নুমলীগড়ত অত্যাধুনিক মেচিনেৰে পথাৰত ভূঁই ৰুলে মন্ত্ৰী অতুল বৰাই। কম সময়ত অধিক মাটিত ভূঁই ৰোপণ।

News18 Assam | News18-Assam
Updated:July 18, 2021, 7:10 PM IST
নুমলীগড়ত অত্যাধুনিক মেচিনেৰে পথাৰত ভূঁই ৰুলে মন্ত্ৰী অতুল বৰাই। কম সময়ত অধিক মাটিত ভূঁই ৰোপণ।
খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু এপাৰ্টৰ অধীনত  আধুনিক পদ্ধতিৰ জড়িয়তে ভূঁই ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু এপাৰ্টৰ অধীনত  আধুনিক পদ্ধতিৰ জড়িয়তে ভূঁই ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

  • Share this:
আকৌ এবাৰ কৃষকৰ ৰূপত পথাৰত নামিল কৃষি মন্ত্ৰী অতুল বৰা। নুমলীগড়ত এইবাৰ অত্যাধুনিক যন্ত্ৰৰ জড়িয়তে পথাৰত ভূঁই ৰোপণ কৰে মন্ত্ৰী অতুল বৰাই  ।  নুমলীগড়ৰ কাষৰীয়া বৰপাকৰ পথাৰত কৃষি মন্ত্ৰী গৰাকীয়ে  খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু এপাৰ্টৰ অধীনত  আধুনিক পদ্ধতিৰ জড়িয়তে ভূঁই ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

এই পদ্বতিৰ জড়িয়তে খুব কম সময়ৰ ভিতৰত অধিক মাটি তথা কম খৰচত ভূঁই ৰোপণ কৰিব পাৰিব কৃষক সকলে। তাৰেই  শুভাৰম্ভ কৰি কৃষক সকলক উৎসাহিত কৰে কৃষি মন্ত্ৰী অতুল বৰাই ।

মন্ত্ৰী বৰাৰ এনে কাৰ্যই উৎসাহিত কৰিলে স্থানীয় কৃষকসকলক লগতে ৰাজ্যখনৰ কৃষক সমাজক । তেওঁ কয় যে, "এই চৰকাৰ খনে দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে অসমখনক গঢ়ি তুলিবলৈ হাতে-কামে সকলো দিশতে চেষ্টা অব্যাহত ৰাখিছে ।ইতিমধ্যে কৃষকৰ ক্ষেত্ৰত বহু আঁচনি হাতত লৈছে চৰকাৰখনে যাৰ ফলত কৃষক সকল অধিক লাভাম্বিত হ'ব ।" আগন্তুক সময়ত কৃষকৰ ক্ষেত্ৰত আৰু অধিক গুৰুত্ব দিব বুলি জানিব দিয়ে মন্ত্ৰী অতুল বৰাই।
Published by: Manjumoni Borah
First published: July 18, 2021, 7:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি